বিশ্ব হস্তী দিৱসঃ এটি পৰ্যবেক্ষণ – নাছিৰ আহমেদ

বিশ্ব হস্তী দিৱসঃ এটি পৰ্যবেক্ষণ

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

২০১২ চনত কানাডাৰ পেট্ৰিচিয়া ছিমছ আৰু থাইলেণ্ডৰ The Elephant Reintroduction Foundation -এ এইচ এম কুইন ছিৰিকিটৰ পৰিচালনাত “বিশ্ব হস্তী দিৱস”( World Elephant Day) প্ৰতিষ্ঠিত কৰিছিল। তেতিয়াৰ পৰাই পেট্ৰিচিয়া ছিমছে এই প্ৰকল্পৰ দায়িত্বত আছে। বিশ্ব হস্তী দিৱসৰ উদ্ধোধনী অনুষ্ঠানত উইলিয়াম শ্যাটনাৰৰ বৰ্ণনা কৰা ” Return to the forest” চলচ্চিত্ৰটি মুক্তি লাভ কৰে। বিশ্ব হস্তী দিৱসৰ ওৱেবচাইটটি ক্যানাজওয়েষ্ট পিকচাৰ্ছৰ দ্বাৰা ডিজাইন আৰু ৰক্ষণাবেক্ষণ কৰা হৈছিল।

ইয়াৰ পিছত ২০১৫ চনত গোটেই বিশ্বজুৰি ” বিশ্ব হস্তী দিৱস” উদযাপন কৰি বিশ্বৰ সকলো দেশতে ১২ আগষ্টত ইয়াক উদযাপন কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল।

“বিশ্ব হস্তী দিৱস” উদযাপনৰ উদ্দেশ্য আৰু লক্ষ্য হ’ল — সচেতনতা, শিক্ষা আৰু কৰ্মকাণ্ডৰ জৰিয়তে হাতী ৰক্ষাৰ বাবে বাৰ্ষিক প্ৰচাৰ আৰু বিশ্বব্যাপী আন্দোলন শক্তিশালী কৰা। বিভিন্ন ধৰণৰ প্ৰচাৰৰ মাধ্যমত হাতীৰ  বৰ্ণাঢ্য আবেগময় জীৱন-ধাৰণৰ প্ৰণালী, সিহঁতে প্ৰতি মুহূৰ্ত্তত হুমকিৰ সম্মুখীন হৈ সংকটজনক পৰিস্থিতিৰ মাজেৰে জীৱন নিৰ্বাহ কৰা আৰু ইহঁতক ৰক্ষা কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ চ্যাম্পিয়নসকলৰ কাৰ্যাৱলী তুলি ধৰাও এই দিৱসটি মূল উদ্দেশ্য বা লক্ষ্য।

হাতী সম্পৰ্কে জানিব লগীয়া কেইটামান তথ্য হ’ল , জন্মৰ ২০ মিনিটৰ পাছতেই হাতীৰ পোৱালীয়ে থিয় হ’বলৈ সক্ষম হয়। একোটা হাতীয়ে প্ৰতিদিনে ১৫০ কিলোগ্ৰাম আহাৰ খাব পাৰে। হাতীৰ সৰ্বাধিক ওজন ৫ হাজাৰ কিলোগ্ৰাম পৰ্যন্ত হয়। হাতীয়ে সদায় দলৱদ্ধ ভাৱে বিচৰণ কৰে আৰু পৰস্পৰৰ সৈতে পৰস্পৰে সদায় দৃঢ় মানসিক বন্ধন তৈয়াৰ কৰে। ইহঁত অত্যন্ত সামাজিক প্ৰাণী আৰু ইহঁতৰ নিকটৱৰ্তী কোনো হাতী থাকিলে ইহঁতে দীৰ্ঘ সময় ধৰি বিশ্ৰাম ল’ব পাৰে।

প্ৰতিটো হাতীৰ নিজস্ব ব্যক্তিত্ব আছে। ইহঁতৰ ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহে দলৰ মাজত ইহঁতৰ সামাজিক ভূমিকা আৰু এনেকি ইহঁতে কেনেকৈ সমস্যা সমাধানৰ সমাধানৰ চেষ্টা কৰে,তাক প্ৰভাৱান্বিত কৰে।

হাতীবোৰে খেল-ধেমালি কৰি ভাল পায় বা বৰ আমোদ প্ৰিয় হয়। কেৱল সৰু কালতে নহয়, পূৰ্ণ বয়স্ক হাতীয়ো শুঁড়েৰে নদীৰ পানী তুলি শূন্যলৈ ছটিয়াই দি, মাটিত বাগৰা বাগৰি কৰি বা ফূৰ্তিতে অইন প্ৰাণীৰ পিছে পিছে খেদি গৈ  আমোদ পায়।

হাতীৰ গৰ্ভকাল প্ৰায় ২২ মাহ।

W W F ৰ তথ্য অনুসৰি বৰ্তমান আফ্ৰিকান হাতী ৪, ২৫,০০০ টা এছিয়ান হাতী ৪০,০০০ ৰ পৰা ৫০,০০০টা পৰ্যন্ত আছে। অৱশ্যে ঘন অৰণ্য আৰু সংঘাতপূৰ্ণ পৰিস্থিতিৰ বাবে হাতীৰ সঠিক গণনা নিৰ্ধাৰণ কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে।

এছিয়ান হাতীৰ সৰ্বোচ্চ ওজন ৫,০০০ হাজাৰ কিলোগ্ৰাম আৰু সৰ্বোচ্চ উচ্চতা ৩.৫ মিটাৰৰ এছিয়ান হাতী সকলো প্ৰজাতিৰ ভিতৰত দ্বিতীয় বৃহত্তম আৰু গধুৰ জন্তু। ইয়াৰ দাঁতবোৰ কম বক্ৰ, কাণ দুখন সৰু আৰু শুঁড় চুটি আৰু এটা আঙুলিৰ দৰে প্ৰক্ষেপণ থাকে। ই জলাশয় আৰু ঘাঁহনিকে ধৰি এছিয়াৰ বিভিন্ন স্থানত বাস কৰে। সকলো প্ৰজাতিৰ ভিতৰত ই আটাইতকৈ খণ্ডিত আৰু বিপন্ন।

আফ্ৰিকান বুছ হাতী:- আফ্ৰিকান বুছ  হাতী বিশ্বৰ আটাইতকৈ ডাঙৰ স্থলজ প্ৰাণী আৰু তিনিটা হাতীৰ প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ। প্ৰাপ্তবয়স্ক হাতীৰ দৈৰ্ঘ্য ২৪ ফুট আৰু উচ্চতা ১৩ ফুট পৰ্যন্ত হয় আৰু ইয়াৰ ওজন ১১ টন পৰ্যন্ত হয়। তৃণভোজী হিচাপে ইহঁতে দিনটোৰ বেছিভাগ সময় ঘাঁহ,পাত, বাকলি, ফল-মূল , আৰু বিভিন্ন ধৰণৰ খাদ্য বিচাৰে। ইহঁতে প্ৰতিদিনে প্ৰায় ৩৫০ পাউণ্ড গছ-গছনি খাব পাৰে।

তেনেদৰে ২৭০০ কিলোগ্ৰাম ওজন আৰু ২.৫ মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱা আফ্ৰিকান বন হাতী আটাইতকৈ সৰু আৰু ক’লা হাতী। ইয়াৰ দাঁতবোৰ পাতল,কাণ দুখন ঘূৰণীয়া। এই প্ৰজাতিৰ প্ৰায় ১ লাখ হাতী। এই প্ৰজাতিৰ হাতী প্ৰায় বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভিতৰত পৰে।

বিভিন্ন কাৰণত এই হাতীবোৰ মানুহৰ দ্বাৰাই ভাবুকিৰ সম্মুখীন হৈ হয় সংকটজনক পৰিস্থিতিত মাজেৰে পাৰ হৈ আছে নাইবা বিলুপ্তিৰ পথত।

এই ভাবুকিসমূহ হ’ল —-

(১) চোৰাং চিকাৰ:- ক’লা বজাৰৰ নেটৱৰ্কসমূহ দ্ৰুত গতিত অভিযোজিত হোৱাৰ ফলত বহুতো হাতীয়ে চোৰাং চিকাৰৰ লক্ষ্য হৈ পৰি নানা ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈ আহত বা নিহত হ’ব লগা হৈছে। বিশেষকৈ হাতীৰ দাঁতৰ বাবে হাতী চিকাৰ হ’ব লগীয়া হৈছে। হাতীৰ দাঁতৰ প্ৰকৃত মূল্য সম্পৰ্কে ক্ৰমবৰ্ধমান সচেতনতা বৃদ্ধি হোৱা সত্ত্বেও চোৰাং চিকাৰীসকলে প্ৰতি বছৰে প্ৰায় আনুমানিক ২০,০০০ হাতীক ইহঁতৰ দাঁতৰ বাবে হত্যা কৰে। এই ধৰণৰ হত্যাকাণ্ডৰ ফলত হাতীৰ জিনগত বৈশিষ্ট্যও পৰিৱৰ্তন হৈ বন্য অঞ্চলত হাতীবোৰ ক্ৰমশঃ সৰু দাঁত লৈ জন্ম গ্ৰহণ কৰি আছে  ; এনেকি দাঁতবিহীন হাতীয়ো পৰিলক্ষিত হৈছে।

(২)বাসস্থানৰ ক্ষতি সাধন:- জন বিস্ফোৰণ ঘটাৰ ফলত বা উন্নত জীৱনধাৰণৰ বাবে মানুহে হাবি-বন ধ্বংস কৰি চহৰ-নগৰ গঢ়ি তুলি আছে। তাৰ উপৰিও, নানা খনিজ সম্পদৰ সুব্যৱহাৰৰ বাবে বা ঘন-অৰণ্যত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ প্ৰায় বেছিভাগ অৰণ্য কাটি তহিলং কৰাৰ ফলশ্ৰুতিতেই হাতীবোৰৰ বাসস্থান ধ্বংস-প্ৰাপ্ত হৈ ইহঁতে বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰিছে। আৰু ইহঁতৰ খাদ্য সামগ্ৰীও সীমিত হৈ পৰিছে। যাৰ ফলত হাতী-মানুহৰ সংঘাতো তীব্ৰতৰ ৰূপ ধাৰণ কৰি অসংখ্য মানুহৰ সৈতে হাতীয়ো আহত বা নিহত হোৱা  নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছে।

(৩) জলবায়ুৰ চাপ:- তীব্ৰ খৰাঙৰ বাবে বিশেষকৈ আফ্ৰিকাৰ বেছিভাগ জলাশয় শুকাই যোৱাৰ ফলত হাতীবোৰৰ জীৱন নিৰ্বাহ কৰা দুৰ্বিসহ হৈ পৰিছে।

(৪) দুৰ্বল পৰ্যটন অনুশীলন:- বিশ্বব্যাপী সমালোচনা সত্বেও পৃথিৱীৰ বিভিন্ন স্থানত কিছুমান অস্বাভাৱিক পৰ্যটন অনুশীলন চলাই যোৱাৰ বাবেও হাতীবোৰ এক সংকটময় পৰিৱেশৰ সন্মুখীন হৈ বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। হাতীৰ বাবে আটাইতকৈ বেছি হুমকিৰ কাৰণ হৈ পৰিছে এই পৰ্যটন আৰু বিনোদন শিল্প। সৎ উদ্দেশ্যপ্ৰণোদিত পৰ্যটকসকলৰ হাতীৰ সৈতে বিভিন্ন কাৰ্যকলাপত অংশগ্ৰহণ কৰাত উৎসাহিত কৰা হয়, যেনে – হাতীৰ পিঠিত উঠি গা ধোঁৱা, কিবাকিবি খাবলৈ দিয়া এইবোৰ হাতীৰ বাবে অস্বস্তিকৰ। বিশেষকৈ হাতীৰ শ্বো অনুষ্ঠিত কৰা বা হাতীক চাৰ্কাছত নানা কাৰ্যকলাপ হাতী সংৰক্ষণৰ ক্ষেত্ৰত উদ্বেগৰ কাৰণ হৈ পৰিছে।

সেয়ে প্ৰতি বছৰে ১২ আগষ্টত ” বিশ্ব হস্তী দিৱস” উদযাপন কৰি হাতীক ৰক্ষা কৰাৰ বাবে আন্তৰ্জাতিক প্ৰচাৰ আৰু বিশ্বব্যাপী আন্দোলন শক্তিশালী কৰা হৈছে। যাৰ ফলত বহুতো অ-লাভজনক কৰমুক্ত দাতব্য সংস্থা World Elephant Society য়ে বাৰ্ষিক বিশ্ব হস্তী দিৱস উদযাপন কৰাৰ বাবে নানা প্ৰচাৰ, ওৱেবচাইট, আৰু ইভেন্টসমূহক সমৰ্থন কৰি আহিছে।

অন্যান্য বছৰৰ দৰে এই বছৰ ২০২৫ চনৰ ১২ আগষ্টত ” বিশ্ব হস্তী দিৱস” অনুষ্ঠিত হৈছে।

এই ২০২৫ চনৰ ” বিশ্ব হস্তী দিৱস” ৰ প্ৰতিপাদ্য বিষয় (Theme) হ’ল, ” Matriarchs & Memories.” এই প্ৰতিপাদ্য বিষয়ৰ জৰিয়তে হাতীৰ অনুভূতি-প্ৰৱণ মনক অৰ্পণ কৰিব বিচৰা হৈছে আৰু যিবিলাকে বুদ্ধিদীপ্তৰে বিভিন্ন ধৰণৰ অট্টাধুনিক পদ্ধতিৰ দ্বাৰা হাতী পৰিয়ালক পৰিচালনা, সংৰক্ষণ আৰু সুৰক্ষা দান কৰি আছে, তেওঁলোককো সন্মান প্ৰদৰ্শন কৰিব বিচৰা হৈছে।

” বিশ্ব হস্তী দিৱস” হস্তী সংৰক্ষণৰ বাবে হওক এক চমকপ্ৰদ দলিল জীৱন্ত ইতিহাস!