বিশ্ব স্বাস্হ্য দিৱস উপলক্ষে ডাউন টাউন হাস্পতালত স্বাস্থ্য শিবিৰ

বিশ্ব স্বাস্হ্য দিৱস উপলক্ষে ডাউন টাউন হাস্পতালত স্বাস্থ্য শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে,ডাউন টাউন হাস্পতালৰ উদ্যোগত বৃহস্পতিবাৰে বশিষ্ঠৰ আধ্যাত্মিক সংঘৰ লগত সংগতি ৰাখি আদৰ্শ প্ৰাথমিক বিদ্যালয় চৌহদত পুৱা ১০ বজাৰ পৰা বিয়লি ১ বজালৈ এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়৷নাগৰিকসকল ডায়েবেটিচ,উচ্চ ৰক্ত চাপ,গাঠিৰ বিষ আদিৰ দৰে বিভিন্ন ৰোগৰ সন্মুখীন হোৱা বুলি স্বাস্হ্য শিবিৰত প্ৰতিফলিত হয়৷শিবিৰত প্ৰায় ১৭০ জন ৰোগীয়ে অংশগ্ৰহণ কৰে৷জেনেৰেল মেডিচিন,প্ৰসূতি, স্ত্ৰী ৰোগ আৰু ই এন টি ৰোগ সম্বন্ধে বিভাগীয় বিশেষজ্ঞ ডা° মৃদুস্মিতা দাস,ডা° তপন কুমাৰ শৰ্মা,ডা° উমংগ নৌটিয়াল আৰু ডা° পংকজ যাদৱে প্ৰয়োজনীয় পৰামৰ্শ বিনামূলীয়াভাৱে আগবঢ়ায়৷শিবিৰত ৰক্তচাপ,বিএমআই স্ক্ৰীণিং,ৰেন্দম ব্লাড চুগাৰ আৰু ই চি জি সহ পৰীক্ষাসমূহ বিনামূলীয়াভাৱে কৰাৰ লগতে পঞ্জীভুক্ত নাগৰিক সকলক ৰেহাই কাৰ্ডও দিয়া হয়৷অঞ্চলটোৰ ৪ বছৰ পৰা ৮২ বছৰ বয়সৰ ৰোগীসকলে শিবিৰত অংশগ্ৰহণ কৰে৷