বিশ্ব শ্ৰমিক দিৱসত সাংবাদিক সুৰক্ষা আইন প্ৰৱৰ্তনৰ দাবীত পুনৰ সৰব ‘জা’

বিশ্ব শ্ৰমিক দিৱসত সাংবাদিক সুৰক্ষা আইন প্ৰৱৰ্তনৰ দাবীত পুনৰ সৰব ‘জা’

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা – দেশৰ অন্যান্য ৰাজ্যৰ দৰে সাংবাদিক সুৰক্ষা আইন খন অসমত প্ৰৱৰ্তনৰ দাবীত পুনৰ সৰব হৈ পৰে  জাৰ্নেলিষ্ট এছ’ছিয়েচন অব আছাম’ (জা) আৰু ‘নেচনেল ইউনিয়ন অব্ জাৰ্নেলিষ্ট ইণ্ডিয়া’ (এন ইউ জে আই) ৷ আজি  ‘জা’ৰ উদ্যোগত আয়োজিত বিশ্ব শ্ৰমিক দিৱস কাৰ্যসূচীত সভাপতিত্ব কৰি  ‘জা’ৰ উপ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক সন্দীপ শৰ্মাই প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো সাংবাদিক আৰু সংবাদ কৰ্মীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।  বিশ্ব শ্ৰমিক দিবস উপলক্ষে বিশিষ্ট সাংবাদিক তথা ‘জা’ ৰ সভাপতি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ সকলো কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে জনসাধাৰণৰ হৈ আৰু জনসাধাৰণৰ পক্ষত থাকি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সাংবাদিকক সকলো শ্ৰেণীৰ লোকে সহায়-সহযোগ কৰা উচিত। চৰকাৰে সংবাদ মাধ্যম আৰু সাংবাদিক সকলৰ সমস্যা সমূহ গুৰুত্ব সহকাৰে লৈ সমাধানৰ ব্যবস্থা কৰাৰ বাবে আহ্বান জনায়। ‘জ’ ৰ সাধাৰণ সম্পাদক ডালিম ফুকনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিশ্ব শ্ৰমিক দিবসৰ তাৎপৰ্য দাঙি ধৰে। আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উপ সভাপতি ভূপেন গোস্বামীয়ে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি মতে  সংবাদ মাধ্যম আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্বিত কৰাৰ  মনোভাৱ পোষণ কৰি  মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ দৰে অসমত অচিৰেই সাংবাদিক সুৰক্ষা আইন খন প্ৰৱৰ্তনৰ ব্যবস্থা কৰা উচিত ৷ তেওঁ অসমৰ সকলো  সাংবাদিকৰ  জীৱন-সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি দাবী উত্থাপন কৰে৷ গুৱাহাটী হেঙ্গেবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত বিশ্ব শ্ৰমিক দিৱস কাৰ্যসূচীত  জ্যেষ্ঠ সাংবাদিক নীৰেন চন্দন গোস্বামী, চানু গগৈ, পৰমানন্দ ডেকা, কুমাৰ নৃপেন্দ্ৰ ৰাজবংশী, ইমৰান হুছেইন আদি কেইবাগৰাকীয়েও বক্তব্য দাঙি ধৰে।  আনহাতে আজিৰ সভাই কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰি সংশোধিত শ্ৰমিক আইন কেইখন বাতিলৰ দাবী জনায়। তদুপৰি প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ নিৰ্দেশ অনুসৰি সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ ধনৰ নিৰিখ বৃদ্ধি কৰি মাহিলী আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে সভাই একাংশ সংবাদ পৰ্টেলৰ অসামাজিক কাম কাজক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু গণতন্ত্ৰৰ মৰ্যদা ৰক্ষা কৰি মূল সুঁতিলৈ ওভটি অহাৰ আহ্বান জনায়। ইয়াৰ লগতে সাংবাদিক- সংবাদকৰ্মী আৰু সংবাদ মাধ্যমৰ  সামগ্ৰিক নিৰাপত্তাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিক সুৰক্ষা আইন খন প্ৰৱৰ্তনৰ ব্যবস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মেডিয়া কাউন্সিল গঠনৰ দাবী জনাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে৷