বিশ্ব মানসিক স্বাস্থ্য দিৱস : এটি আলোকপাত – নাছিৰ আহমেদ শিমলাবাৰী

বিশ্ব মানসিক স্বাস্থ্য দিৱস : এটি আলোকপাত

নাছিৰ আহমেদ শিমলাবাৰী ,গোৱালপাৰা

১৯৪৮ চনত ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ মুখ্য শাখা বিশ্ব স্বাস্থ্য সংস্থা ( world health organisation,WHO) প্ৰতিষ্ঠিত হোৱাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান মনোৰোগ বিশেষজ্ঞ জি ব্ৰক চিছহলম( G Brock Chisholm) ৰাইজৰ মাজত স্বেচ্ছাসেৱক গঠন কৰি ; য’ত মানসিক ৰোগমুক্ত ব্যক্তিয়ো জড়িত) বিশ্ব ফেডাৰেচন মানসিক স্বাস্থ্য সংস্থা নামে এটি স্বেচ্ছাসেৱক সংস্থা গঠন ( World Federation Mental health organisation ,W F MH O) কৰিছিল। এই সংস্থাটিৰ মূল উদ্দেশ্য আছিল , (ক) মানসিক আৰু আৱেগ-অনুভূতিৰ বিশৃংখল পৰিস্থিতিৰ সন্মুখীন হোৱা ৰোগসমূহক প্ৰতিহত কৰা।

(খ) মানসিক ব্যাধি-গ্ৰস্থ ৰোগীক ঠিক মতে চিকিৎসা সেৱা আগবঢ়োৱা আৰু তেওঁলোকৰ যত্ন লোৱা

(গ) গোটেই বিশ্বজুৰি মানসিক স্বাস্থ্যৰ উন্নত পৰিৱেশ সৃষ্টি কৰা।

১৯৯০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই মানসিক ৰোগৰ লক্ষণসমূহ নিৰ্ণয় কৰি চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে মানসিক ৰোগৰ সচেতনতা সপ্তাহ ( Mental illness awareness Week) গঠন কৰি বিভিন্ন মানসিক ৰোগ চিহ্নিত কৰাৰ বাবে সচেতনতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল।

তাৰপাছত, ১৯৯২ চনৰ ১০ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ ডিপুটি চেক্ৰেটেৰী ৰিচাৰ্ড হান্টাৰৰ উদ্যোগত পৃথিৱীৰ প্ৰায় সকলো দেশতে বিশ্ব মানসিক স্বাস্থ্য দিৱস ( World Mental Health Day) উদ্ যাপন কৰা হয়। ১৯৯৪ চনত ৰাষ্ট্ৰসংঘৰ মহাসচীৱ ইউজিন ব্ৰডিৰ পৰামৰ্শ মতে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ মূল প্ৰতিপাদ্য বা থিম , ” বিশ্বব্যাপী মানসিক স্বাস্থ্য সেৱাৰ মান উন্নয়ন ” লৈ এই দিৱসটি পালন কৰা হয়। তেতিয়াৰ পৰাই প্ৰতি বছৰে পৃথিৱীৰ সকলো দেশতে ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস এটি বিশেষ প্ৰতিপাদ্য বা থিম লৈ উদ্ যাপন কৰি আহিছে । কোনো কোনো দেশত অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বিশ্ব মানসিক স্বাস্থ্য সপ্তাহ উদ্ যাপন কৰি আহিছে।

এই” বিশ্ব মানসিক স্বাস্থ্য দিৱস” পালন কৰাৰ মূল উদ্দেশ্য আৰু লক্ষ্য হ’ল, মানসিক ৰোগ সম্পৰ্কে সচেতন বৃদ্ধি, মানসিক ৰোগসমূহ হোৱাৰ মূল কাৰণ চিহ্নিত কৰা, মানসিক ৰোগসমূহ কি কি তাক সমাজৰ সকলো শ্ৰেণীৰ লোকক অৱগত কৰা, মানসিক ৰোগসমূহৰ চিকিৎসা পদ্ধতিৰ উদ্ভৱ আৰু বিকাশ কৰা, মানসিক ব্যাধি-গ্ৰস্থ ৰোগীক সুস্থ কৰাৰ উপৰিও বিভিন্ন ধৰণে সেৱা-যত্ন কৰা। পৃথিৱীৰ সকলো মানুহৰ মানসিক স্বাস্থ্য উন্নত কৰা ।

আমি জানো যে, মন আৰু শৰীৰৰ মাজত এটি অভিন্ন সম্পৰ্ক। শৰীৰ সুস্থ থাকিলে মনো সুস্থ থাকে। মন সুস্থ থাকিলে শৰীৰো সুস্থ থাকে। প্ৰকৃততে, মন বুলি ক’লে মস্তিষ্কৰ নানা ক্ৰিয়া-প্ৰতিক্ৰিয়া বুজায় । যেতিয়া মস্তিষ্কৰ কোষবোৰৰ কাৰ্যপ্ৰণালীত বিসংগতি দেখা দিয়ে, তেতিয়া এজন মানুহে মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।

এই মানসিক ৰোগসমূহ হ’ল –

মস্তিষ্কৰ স্বাভাৱিক বিকাশ ও কৰ্মক্ষমতাৰ বিপৰ্যয় (Mentally retardet or Mental dis Order) মানসিক উদ্বেগজনক ( Phobia) , Generalized anxiety dis Order, Social anxiety dis Order, Panic dis Order, Stress dis Order অৰ্থাৎ আবেগ / মেজাজ , বিষণ্ণতা, বিষাদ, হতাশাগ্ৰস্ততা , ইউনিপোলাৰ বা ক্লিনিকেল বিষণ্ণতা। আকৌ দীৰ্ঘ সময় ধৰি ভোগ কৰা ডিছথেমিয়া (Dysthemia ), বাইনোপোলাৰ মুড , বিশ্বাসৰ প্ৰতি বিভ্ৰাট, ভাষা ব্যৱহাৰ, বাস্তৱ পৰিস্থিতিৰ উপলব্ধি বিভ্ৰম, চিন্তাৰ অসংলগ্নতা আৰু নানা ধৰণৰ ভ্ৰান্ত দৰ্শন যেনে , ইলুউছন,হেলুচিনেছন, ডিলুছন আৰু ইনছোমনিয়া (অনিদ্ৰাৰ ) Sociopath অৰ্থাৎ সমাজৰ লগত মিলি চলিব নোৱাৰি নানা অপৰাধত জড়িত। Sadism অৰ্থাৎ নানা ধ্বংসাত্মক-কাৰ্যত লিপ্ত , সঘনাই যৌন ব্যাভিচাৰ কাৰ্য কৰা ইত্যাদি নানা ধৰণৰ মানসিক বিসংগতি দেখা যায়। এই মানসিক ৰোগসমূহ চিহ্নিত কৰি ঠিক মতে চিকিৎসা সেৱা বা ৰোগীক বাবে মনোৰোগ বিশেষজ্ঞ দ্বাৰা ঔষধ সেৱন কৰাই, সুপথ্য যোগান ধৰি, নানা ধৰণৰ আনন্দ-বিনোদনৰ ব্যৱস্থা কৰি , যোগ সাধনাত জড়িত কৰি , গোটেই সমাজত মানুহক ৰোগীৰ প্ৰতি প্ৰেম – ভালপোৱা, যত্ন মনোভাৱ দৰ্শন কৰি মানসিক ৰোগীক ৰোগমুক্ত কৰিব পাৰি। কিন্তু কেনেবাকৈ ৰোগী যদি চিজোফ্ৰিনিয়া মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত হয় , তেনেহলে তেনে মানসিক ৰোগীক ৰোগমুক্ত কৰা অসম্ভৱ হৈ পৰে।

” বিশ্ব মানসিক স্বাস্থ্য দিৱস” ত মানসিক ৰোগৰ আটাইবোৰ দিশ বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিশ্বৰ জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে সকলোকে সামৰি সচেতনতা, শিক্ষা দান আৰু বিশ্বত এটি সৰ্বাঙ্গসুন্দৰ মানসিক স্বাস্থ্য গঠন কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত আছে।

কাৰণ, ইতিমধ্যে বিশ্বৰ সকলো দেশতে মানসিক ৰোগীৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি হবলৈ ধৰিছে। আমেৰিকাৰ দৰে মানসিক ৰোগৰ উন্নত চিকিৎসালয় আৰু অসংখ্য মনোৰোগ বিশেষজ্ঞ (Psychiatrist) থকা উন্নত দেশতো ওঠৰ বছৰৰ ওপৰৰ ৫ শতাংশ মানুহে ৫ মানসিক ৰোগৰ চিকাৰ হৈছে। অথচ আমাৰ ভাৰতবৰ্ষত এই মানসিক ৰোগসমূহৰ কোনো উন্নত মানদণ্ডৰ মানসিক চিকিৎসালয় বা মনোৰোগ বিশেষজ্ঞ(Psychiatrist) নথকাৰ ফলত ইয়াত মানসিক ৰোগীৰ সংখ্যা ২০০৫ চনত আছিল ৬৫ মিলিয়ন, ২০১৬ চনত এই সংখ্যা বাঢ়ি ১৫০ মিলিয়ন আৰু ২০২১ চনত প্ৰায় ২০০ মিলিয়ন বৃদ্ধি হৈ পৰিছে।

কেৱল বিষাদ-গ্ৰস্থতা ৰোগীৰ সংখ্যা আমাৰ দেশৰ জনসংখ্যাৰ ৩৩ শতাংশ। অথচ ১ মিলিয়ন মানসিক ৰোগীৰ বাবে মাথোঁ এজন চিকিৎসকক হে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰিবলৈ সক্ষম হৈছে। বেছিভাগ মানসিক ৰোগীক অবিজ্ঞান-সন্মত চিকিৎসা পদ্ধতি যেনে জৰা-ফুকা, তন্ত্ৰ- মন্ত্ৰৰে চিকিৎসা কৰা দেখা যায়।

যি কি নহওঁক, ২০২৩ চনৰ ১০ অক্টোবৰত পৃথিৱীৰ সকলো দেশতে প্ৰতিপাদ্য বা থিম , ” Mental health is a universal human right ” অৰ্থাৎ মানসিক স্বাস্থ্য বিশ্বৰ মানুহৰ মৌলিক অধিকাৰ” যুগুত কৰি ” বিশ্ব মানসিক স্বাস্থ্য দিৱস ( World Mental Health Day) বিভিন্ন কাৰ্যসূচীৰে উদ্ যাপন কৰি আছে।

বিশ্বৰ সকলো মানুহেই শাৰীৰিক আৰু মানসিক ৰোগৰ পৰা মুক্তি লাভ কৰি গোটেই বিশ্বজুৰি এক সুন্দৰ মানসিক স্বাস্থ্যৰ অধিকাৰী হওক।