বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ অসম সন্তান লাভলীনা বৰগোহাঁইৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে অলিম্পিক পদক বিজয়ী অসম সন্তান লাভলীনা বৰগোহাঁই।দিল্লীত অনুষ্ঠিত হৈ থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা দুবাৰকৈ অলিম্পিক পদক বিজয়ী চীনৰ লি কিয়ানক ৪-২ গ’লত পৰাস্ত কৰি লভলীনাই ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰে।ইফালে এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত ভাৰতৰ বাবে ৪ টা পদক নিশ্চিত হৈ আছে। প্ৰতিভাৱান বক্সাৰ নিখাত জাৰিনেও ৫০ কেজি শাখাত কলম্বিয়াৰ প্ৰতিদ্বন্দিক ছেমি ফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৮১ কেজি শাখাত চাৱেটি বৰাই অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দিক আৰু নিতু ঘাংঘাছে কাজাখাস্তানৰ আলুয়া বাল্কিবেকোভাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।