বিশ্ব বন্যপ্ৰাণী দিৱস – বন্দিতা শৰ্মা কন্দলি

বিশ্ব বন্যপ্ৰাণী দিৱস

বন্দিতা শৰ্মা কন্দলি

অৰণ্য আৰু বন্যপ্ৰাণী আমাৰ জীৱন ৰেখা। এটা সময়ত মানৱজাতি অৰণ্যৰ ওপৰতে নিৰ্ভৰশীল আছিল। বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহক অৰণ্যৰ পৰা আঁতৰাই আনিছে যদিও অৰণ্য আৰু বন্যপ্ৰাণীৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। অৰণ্য আৰু বন্যপ্ৰাণীয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাত যথেষ্ট অৰিহণা যোগায়। আমি সকলোৱে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। জনসংখ্যা বৃদ্ধি, কৃষি আৰু উদ্যোগক্ষেত্ৰৰ বৃদ্ধি আদি বিভিন্ন কাৰণত অৰণ্যৰ ধ্বংস হৈছে। ফলস্বৰূপে অৰণ্যৰত বাস কৰা জীৱ জন্তু সমূহো বিপদাপন্ন হৈ পৰিছে।ভৱিষ্যতে পৃথিৱীত মানুহ বা আন প্ৰাণী বসবাসৰ উপযোগী কৰি ৰাখিবৰ বাবেই আমি অৰণ্য আৰু বন্যপ্ৰাণী সমূহ সংৰক্ষণ কৰা অতিকৈ প্ৰয়োজন। বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৩ মাৰ্চ তাৰিখে বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয়।

১৯৭৩ চনৰ ৩ মাৰ্চত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Convention on International Trade in Endangered Species of world Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মিলনৰ চুক্তি হয়। সেয়ে ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৬৮ তম অধিবেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্যপ্ৰাণী আৰু উদ্ভিদৰ বাণিজ্য অভিৱৰ্তনত ৩ মাৰ্চ দিনটোকে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৩ মাৰ্চ দিনটোত CITES ৰ জন্ম দিনক বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰি অহা হৈছে। প্ৰতি বছৰে একোটা বিশেষ বিষয়বস্তুৰ (থীম)ওপৰত গুৰুত্ব প্ৰদান কৰি এটা আলোচনা আগবঢ়োৱা হয়।২০১৯ চনৰ থীমটো আছিল পানীৰ তলৰ জীৱন: মানুহ আৰু পৃথিৱীৰ বাবে।

২০২০ চনৰ থীমটো আছিল পৃথিৱীৰ সকলো জীৱক বহনকৰা ।

২০২২ চনৰ থীমটো আছিল পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ: ধাৰণা, দৃষ্টিভংগী আৰু প্ৰয়োজনীয়তা।

২০২৩ চনৰ থীমটো আছিল বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অংশীদাৰীত্ব। এই বছৰ অৰ্থাৎ

২০২৪ চনৰ CITES য়ে আগবঢ়োৱা থীমটো হৈছে- মানুহ আৰু গ্ৰহক সংযুক্ত কৰা: বন্যপ্ৰাণী সংৰক্ষণত প্ৰযুক্তিৰ উদ্ভাৱনৰ অন্বেষণ (connecting people and planet: Exploring Digital innovation in wildlife conservation)। মানুহক প্ৰাকৃতিক বিশ্বৰ লগত সম্পৰ্ক স্থাপনৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ প্ৰতিপালন কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। থীমটোৰ উদ্দেশ্য হৈছে ডিজিটেল উদ্ভাৱনৰ জৰিয়তে জনসাধাৰণৰ মাজত কেনেদৰে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত কমি জৈৱ বৈচিত্ৰ্য অটুট থাকে তাৰ প্ৰতি সজাগতা অনা। পৃথিৱী নামৰ এই গ্ৰহটোত সকলো জীৱ নিৰ্দিষ্ট পৰিমাণৰ থাকিলেহে ‌সুস্থ পৃথিৱী এখনত আমি বাস কৰিবলৈ পাম। বন্যপ্ৰাণী সমূহ ৰ সুৰক্ষা আৰু সংৰক্ষণৰ দ্বায়িত্ব আমাৰ হাততেই আছে।