বিশ্ব পৰিৱেশ দিৱস ( world Environment Day) : এটি পৰ্যালোচনা
নাছিৰ আহমেদ, শিমলাবাৰী,গোৱালপাৰা
পৰিৱেশ বুলিলে আমাৰ চৌপাশে থকা উদ্ভিদৰ পৰা জীৱানুলৈকে প্ৰাণযুক্ত জীৱ ( যাক জৈৱ পৰিৱেশ বুলি কোৱা হয়,Biotic Environment) আৰু বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ, গেছ আদি প্ৰাণহীন উপাদানৰ (যাক অজৈৱ পৰিৱেশ বুলি কোৱা হয় Abiotic Environment) মাজত হোৱা সংযোগ, সংহতি আৰু সু-সমন্বিত ৰূপক পৰিৱেশ ( Environment) বুলি কোৱা হয়।
আমাৰ পৰিৱেশ চাৰিটা উপাদানৰ সমষ্টি। যেনে,—-
১/ বায়ুমণ্ডল (Atmosphere)
২/ জলমণ্ডল ( Hydrosphere)
৩/ স্থলমণ্ডল ( Lithosphere)
৪/ জীৱমণ্ডল( Biosphere)
ভূপৃষ্ঠৰ পৰা ৫০ কিলোমিটাৰ ওপৰলৈকে বায়ু থকা অৱস্থাক বায়ুমণ্ডল বোলে। এই বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছ, জলীয় বাষ্প, ধূলিকণা আৰু ধূলিৰে সংমিশ্ৰণত বায়ুমণ্ডল। বায়ুমণ্ডলত ৭৮ শতাংশ নাইট্ৰজেন, ২১ শতাংশ অক্সিজেন আৰু নগণ্য পৰিমাণে আৰ্গন, কাৰ্বন-ডাই-অক্সাইড, নিয়ন , হিলিয়াম, মিথেন গেছ আছে। বায়ুমণ্ডলৰ উপৰিভাগত পাৰমাণবিক অক্সিজেন,ও’জন , হিলিয়াম, হাইড্ৰজেন, কাৰ্বন-মনাক্সাইড আৰু কিছু পৰিমাণে ধাতু অৱস্থিত।
পৃথিৱীৰ ৭০.৮ শতাংশ পানীৰে আৱৰি থকা অংশক জলমণ্ডল বুলি কোৱা হয়। এই জলমণ্ডলৰ ৯৭.৩ শতাংশ পানী সাগৰ, মহাসাগৰত ভৰি আছে। আৰু ২.৭ শতাংশ পানী হিমবাহ (Glacier), নদী আৰু ভূ-গৰ্ভস্থত অৱস্থিত। পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা আৰু সমতল ভূমি লৈ স্থলমণ্ডল পৃথিৱীৰ মাত্ৰ ২৯.২ শতাংশ। জীৱমণ্ডল নানা প্ৰজাতিৰ অসংখ্য আৰু প্ৰাণীৰ আশ্ৰয়স্থল। মূলতঃ ৩,৫০,০০০ উদ্ভিদৰ প্ৰজাতি আৰু ১,১০,০০,০০০ প্ৰাণীৰ প্ৰজাতিৰ বাসস্থান।
সৃষ্টিৰ আৰম্ভণিৰে পৰা ভূমিকম্প, আগ্নেয়গিৰিৰ উদ্গীৰণ, ঘূৰ্ণিবায়ু, বানপানী আদি নানা প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিশ্বৰ পৰিৱেশ কিছু পৰিমাণে বিনষ্ট হৈছিল যদিও আধুনিক জীৱন যাপন কৰাৰ বাবে মানুহে পৰিস্থিতি তন্ত্ৰৰ (Eco-system) ওপৰত হস্তক্ষেপ কৰাৰ ফলতেই পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যৰ বিঘিনি ঘটিছে আৰু মানৱ-সভ্যতাৰ সংকট ঘনীভূত হৈ পৰিছে। ইয়াৰ প্ৰধান কাৰণ কেইটা হ’ল, জনসংখ্যাৰ আধিক্য (Over population) , প্ৰাকৃতিক সম্পদৰ দ্ৰুত অৱলুপ্তি, ভূমিৰ অৱনতি আৰু পৰিৱেশ প্ৰদূষণ (Environmental Pollution)
চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যৰ বাবে সংক্ৰামক ৰোগ নিয়ন্ত্ৰিত আৰু শিশুৰ মৃত্যুৰ হাৰ একেবাৰে হ্ৰাস হোৱাৰ ফলত জনসংখ্যাৰ বিস্ফোৰণ ঘটি ১৯০০ চনত পৃথিৱীৰ মুঠ জনসংখ্যা ১৫২ কোটিৰ পৰা দ্ৰুত বৃদ্ধি হৈ বৰ্তমান পৃথিৱীৰ জনসংখ্যা ৬ বিলিয়ন ( ৬০০ কোটি ) অতিক্ৰম কৰি নগৰ-মহানগৰ জনাকীৰ্ণ হৈ পৰিছে, আৱৰ্জনা বাঢ়িছে, পানী দূষিত হৈছে, গ্ৰাম্যাঞ্চলতো জন বিস্ফোৰণ ঘটি এক অ-স্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে।
মানুহে বসবাস কৰাৰ বাবে বাসস্থান তৈয়াৰ, খাদ্যাভাৱ দূৰ কৰাৰ বাবে খেতিপথাৰ বৃদ্ধি ,জীৱ-জন্তুৰ অবাধ বিচৰণৰ বাবে চৰণীয়া পথাৰ আৰু মানুহৰ নিত্য-প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে মানুহে অৰণ্য কাটি তহিলং কৰি আছে। বিশ্বত প্ৰতিদিনে ৩১,০০০ হেজাৰ হেক্টৰ অৰণ্য ক্ৰমান্বয়ে ধ্বংসৰ গৰাহত, ভাৰতত বছৰি ২৫,০০০ হেজাৰ হেক্টৰ অৰণ্য বিলুপ্ত হৈ আছে। অথচ, পৰিৱেশ সুস্থ ৰাখিবলৈ ভূ-পৃষ্ঠৰ কমেও ৩৩.৩ অৰণ্য থকা আৱশ্যক। অসমৰ দৰে ঘন অৰণ্যৰে আৱৰা ৰাজ্যত বৰ্তমান মাত্ৰ ১৭ ভাগ অৰণ্যহে আছে। অৰণ্য যথোচিত ভাবে নথকাৰ ফলত জলবায়ুৰ ওপৰত অশুভ পৰিৱৰ্তন ঘটি বৃষ্টিপাত হ্ৰাস হৈ বায়ুমণ্ডলত মাত্ৰাধিক ধূলিকণা মিহলি হৈ পৰিছে। নিৰ্বনীকৰণৰ বাবে বতাহ-বৰষুণত ভূমি ক্ষয় প্ৰাপ্ত হৈ মাটিৰ সাৰুৱা পদাৰ্থ থকা তৰপটো উটি যোৱাৰ ফলত মাটিয়ে উৰ্বৰতা শক্তি হেৰুৱাইছে। বৰষুণ পৰাৰ লগে লগে পাৰৰ মাটি খহি উটি ভাঁহি নৈত পৰি নৈৰ তলি বাম হোৱাৰ বাবে বৰষুণৰ পানী ওপচি উঠি এক প্ৰলয়ঙ্কৰী বানপানীৰ সৃষ্টি হৈ খেতিপথাৰত বালিৰ ডাঠ তৰপ জমা হৈ খেতিৰ মাটি অনুপযোগী হৈ পৰিছে।অৰণ্য টুটি অহাৰ ফলত জীৱমণ্ডলৰ উদ্ভিদ আৰু প্ৰাণীৰ বহু প্ৰজাতি বিলুপ্ত হৈছে ; জৈৱ-বৈচিত্ৰৰ হ্ৰাস হৈছে।
মথাউৰি, ৰাস্তা-ঘাট, ৰে’ল বাট আদি চৰকাৰী পৃষ্ঠপোষকতাত অ-পৰিকল্পিত ভাবে নিৰ্মাণ আৰু ত্ৰুটিপূৰ্ণ ভাবে জল নিষ্কাষণ প্ৰণালীৰে জল ৰোধন সৃষ্টি কৰাৰ বাবে শস্য নষ্ট হৈ আছে আৰু ভূ-গৰ্ভস্থত অৱস্থিত জলপৃষ্ঠ (Water logging) ওপৰলৈ উঠি অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে।জলসিঞ্চনৰ পানী বাষ্পীভূত হৈ মাটি বেছি লুণীয়া হৈ পৰিছে। পৃথিৱীৰ অত্যধিক জনসংখ্যাৰ মানুহৰ চাহিদা পূৰণ কৰিবলৈ নিত্য প্ৰয়োজনীয় বস্তু-সামগ্ৰী উৎপাদন কৰাৰ বাবে গঢ়ি উঠা বৃহৎ বৃহৎ কল-কাৰখানাসমূহৰ পৰা ওলোৱা অপকাৰী তৰল পদাৰ্থৰ সোঁতে(Affluent) আৰু বৰ্জ্য পদাৰ্থসমূহৰ পৰা সৃষ্টি হোৱা ৰাসায়নিক-যৌগে নৈ ,বিল,পথাৰ আৰু আনকি সাগৰত পৰি পৰিৱেশৰ অশেষ ক্ষতিসাধন কৰিছে। কলকাৰখানা আৰু যন্ত্ৰচালিত যান-বাহনে জীৱাশ্ম ইন্ধন হিচাপে ব্যৱহাৰ কৰা কয়লা,পেট্ৰল, ডিজেল, প্ৰাকৃতিক গেছৰ দ্বাৰা দহনৰ ফলত সৃষ্টি হোৱা প্ৰচুৰ পৰিমাণে গেছ, ধোঁৱা আৰু ছাইবোৰে বায়ুৰ স্বাভাৱিক গুণ বিনষ্ট হৈ বায়ু প্ৰদূষণ ঘটাই আছে।
সু-প্ৰজনন বিদ্যাৰ জৰিয়তে সৃষ্টি কৰা অধিক উৎপাদন-ক্ষম বীজ, ৰাসায়নিক সাৰ, আৰু কীটনাশক দ্ৰব্যৰ জৰিয়তে অধিক শস্য উৎপাদন হৈছে যদিও এইবোৰে মাটিৰ পৰম উপকাৰী অণুজীৱবোৰ (Microbes) আৰু জৈৱ ৰাসায়নিক যৌগ বোৰ বিনষ্ট কৰাৰ উপৰিও মাটিৰ গাঁথনি বিনষ্ট কৰিছে ; ভূ-গৰ্ভস্থ পানী প্ৰদূষিত কৰিছে আৰু জলচৰ প্ৰাণীৰ বিলুপ্ত ঘটাইছে। বায়ুৰ প্ৰদূষক হিচাপে বায়ুমণ্ডলত বিয়পি পৰা ছালফাৰ আৰু নাইট্ৰজেন অক্সাইড সমূহে জলীয় বাষ্পৰ লগত মিহলি হৈ বিশেষকৈ বৃহৎ বৃহৎ কল-কাৰখানা থকা অঞ্চলসমূহত এচিড যুক্ত বৰষুণৰ সৃষ্টি হৈ শস্য আৰু বনাঞ্চল ধ্বংসৰ কাৰণ হৈ পৰিছে। ক্লৰ’ফ্লু’ৰ কাৰ্বন ( Chlorofluoro Carbon, CFC) নামৰ ৰাসায়নিক যৌগে বায়ুমণ্ডলৰ ও’জন স্তৰলৈ গৈ বৃহৎ বৃহৎ ছিদ্ৰৰ সৃষ্টি কৰাত এই পাতল ও’জন স্তৰৱেদি অতি বেঙুনীয়া ৰশ্মি (Ultra violet rays) জীৱমণ্ডলত প্ৰৱেশ কৰাৰ ফলত দুৰাৰোগ্য ছালৰ কেন্সাৰ (Skin Cancer) ব্যাধিৰ প্ৰকোপ ক্ৰমে বাঢ়িবলৈ ধৰিছে। পাৰমাণবিক তথা নিউক্লীয় শক্তি উৎপাদনৰ বৰ্জ্য পদাৰ্থসমূহ যেনে,আলফা,বিটা আৰু গামা ৰশ্মি নিৰ্গত উদ্ভিদ আৰু প্ৰাণীৰ যথেষ্ট ক্ষতি সাধন কৰি আছে।
প্ৰকৃতি জগতৰ মূল উপাদান খনিজ সম্পদ, খাৰুৱা তেলৰ ভাণ্ডাৰ আৰু প্ৰাকৃতিক গেছ অতিৰিক্ত ভাবে ব্যৱহাৰ কৰাৰ ফলত এপিনে এইবোৰ ক্ৰমাৎ হ্ৰাস হৈ আহিছে, আনিছে এইবোৰ দহনৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বৃদ্ধিৰ লগে লগে ‘ সেউজ গৃহ গেছ ” ৰ ওপৰত প্ৰভাৱ পৰি পৃথিৱীখন উতপ্ত হৈ পৰিছে। যোৱা ১৯৯০-৯৫ চনৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ১২ শতাংশ বৃদ্ধি হৈ এপিনে পৃথিৱী মৰুময় কৰি তুলিছে, আনপিনে উত্তৰ আৰু দক্ষিণ মেৰুৰ বৰফৰ স্তূপ গলিবলৈ ধৰি গোটেই বিশ্বজুৰি এক প্ৰবল বানপানীৰ সৃষ্টি কৰি মহা সংকট নমাই অনাৰ আশঙ্কা বৃদ্ধি পাইছে।
মুঠতে, মানৱ-সভ্যতাৰ উচ্চ শিখৰত উপনীত হৈ মানুহে প্ৰকৃতিৰ ওপৰত সীমাহীন ভাবে হস্তক্ষেপ কৰাৰ ফলতেই মাটি, বায়ু, পানী আদিৰ মূল উপাদানসমূহৰ জৈৱিক বৈশিষ্ট্য অনাকাংঙ্ক্ষিত ভাবে পৰিৱৰ্তন হৈ প্ৰকৃতিৰ সকলো স্তৰতে পৰিৱেশ প্ৰদূষণ ( Environmental Polution) ঘটি মানৱ-সভ্যতালৈ অশনি সংকেত কঢ়িয়াই আনিছে। একাডেমী অৱ ছাইন্সে (Academy of Science) প্ৰদূষণৰ বিষয়ে মতামত প্ৰকাশ কৰিছে যে, ” প্ৰদূষণ সঁচাকৈয়ে বিশ্ববাসীৰ পৰম বৈৰী । কাৰণ,ই ঔদ্যোগিক প্ৰগতি, মানৱ জীৱনৰ অগ্ৰগতি, মানৱৰ জীৱন -যাত্ৰা আৰু সাংস্কৃতিক কাৰ্যাৱলীৰ হেঙাৰ।” গতিকে, ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মানৱ জাতিৰ অস্তিত্বই বিপদাপন্ন হৈ পৰিব ।
পৰিৱেশ প্ৰদূষণৰ মহা সংকটৰ মানৱ জাতিক উদ্ধাৰ কৰাৰ মানসেৰে ১৯৭২ চনত বিশ্বৰ পৰিৱেশ বিজ্ঞানী, সমাজ সচেতক বুদ্ধিজীৱী আৰু বিভিন্ন দেশৰ ৰাজনৈতিক দলসমূহৰ নেতাসকলে ৰাষ্ট্ৰসংঘৰ ষ্টকহলম(Stockholm) অধিৱেশনৰ মানৱ পৰিৱেশ( Human Environment, 5 —16 June) সম্পৰ্কে বিতংকৈ আলোচনা-বিলোচনা কৰি পৰিৱেশৰ সৈতে মানৱ জীৱনৰ সংযোগ, সংহতি আৰু সু সমন্বয় সাধন কৰাৰ মহৎ উদ্দেশ্যৰে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উদ্ যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
১৯৭৩ চনৰ ৫ জুনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ প্ৰগ্ৰামৰ(UNEP) অধীনত পোন প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ১৯৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আয়োজক দেশ হিচাপে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছিল। এইবছৰ ২০২৪ চনৰ ৫ জুনত চৌদি আৰৱ দেশে আয়োজক দেশ হিচাপে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিব। ২০২৪ চনৰ ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল প্ৰতিপাদ্য বিষয় বা থীম হ’ল, ” Land restoration decerification and draught resilience under the slogan “our land our future.” অৰ্থাৎ বিলুপ্তি-প্ৰায় মাটি পুনৰুদ্ধাৰ,মৰুময় আৰু শুকান অঞ্চলক পুনৰ জাগ্ৰত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা আৰু আমাৰ শ্লোগান হ’ব, “আমাৰ মাটি আমাৰ ভৱিষ্যৎ।” এই দিৱসটি আমাক সমূহীয়াকৈ পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধান কৰিবলৈ দায়িত্ব-বোধ জগাই তোলে। কেৱল সেয়ে নহয়, প্ৰদূষণ ৰোধ কৰিবলৈ দেশৰ চৰকাৰ, আইন প্ৰণয়ন আৰু আইনসমূহ কাৰ্যকৰী কৰাৰ বাবে সোঁৱৰাই দিয়ে। এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ শ্লোগান হ’ল , ” To Journey to a Greener Focusing on the collective efforts required to protect our planet and ensure a more sustainable future for all.অৰ্থাৎ আমাৰ ভ্ৰমণ হ’ব এখন সেউজ পৃথিৱী সৃষ্টিৰ বাবে সমূহীয়াকৈ প্ৰচেষ্টা চলাই আমাৰ বিশ্বখনক সম্পূৰ্ণ ৰূপে ৰক্ষণাবেক্ষণ দি এখন সকলোৰে বাবে গ্ৰহণযোগ্য ভৱিষ্যৎ পৃথিৱী গঢ়ি তোলা। বিশ্বৰ স্বনামধন্য বিজ্ঞানীসকলে পৰিৱেশ প্ৰদূষণৰ ভয়াবহ পৰিস্থিতি তন্ত্ৰ সৃষ্টি কৰা কাৰকসমূহ চিহ্নিত কৰি এইবোৰক ৰোধ বা বিকল্প ব্যৱস্থাৰ অনুসন্ধান কৰাৰ বাবে উঠি পৰি লাগিছে ।
যেনে, বৃহৎ বৃহৎ কল-কাৰখানাসমূহ জন-বসতিৰ পৰা বহুত দূৰত স্থাপন কৰা বা লঘু শিল্প উদ্যোগ গঢ়ি তুলিবলৈ বিজ্ঞানীসকলে আহ্বান জনাইছে। কলকাৰখানা আৰু যন্ত্ৰচালিত যান-বাহনত জীৱাশ্ম ইন্ধন হিচাপে কয়লা, পেট্ৰল, ডিজেল, প্ৰাকৃতিক গেছৰ ব্যৱহাৰ সীমিত কৰি শক্তিৰ বিকল্প উদ্ভাৱন কৰা , প্ৰাকৃতিক সম্পদ এনেদৰে ব্যৱহাৰ কৰা উচিত যাতে ব্যৱহাৰ কৰোঁতে পৰিৱেশৰ ক্ষতি সাধন নহয় আৰু উত্তৰ পুৰুষে ইয়াৰ ব্যৱহাৰৰ দ্বাৰা ভৱিষ্যতে উপকৃত হ’ব পাৰে।পৰিৱেশ প্ৰদূষণ নকৰা বিকল্প শক্তি প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিছে। অৰণ্যসমূহ সম্পূৰ্ণ ৰূপে সংৰক্ষণৰ ব্যৱস্থা কৰি প্ৰতি বছৰে চৰকাৰী বা বেচৰকাৰী সংস্থাসমূহৰ পৃষ্ঠপোষকতাত লাখ লাখ গছপুলি ৰুই পৃথিৱীখন সেউজ কৰি ৰাখিবলৈ কোৱা হৈছে। অধিক উৎপাদন-ক্ষম বীজ, কৃত্ৰিম ৰাসায়নিক পদাৰ্থ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ৰোধ কৰি স্বাভাৱিক সাৰ ( গোবৰ সাৰ, প্ৰাকৃতিক সাৰ ইত্যাদি)প্ৰয়োগ আৰু কীটনাশক দ্ৰব্যৰ বিকল্প উদ্ভাৱন কৰি জৈৱিক কীট পতংগৰ জৰিয়তে শস্য নষ্ট কৰা অপকাৰী কীট পতংগক ধ্বংস কৰাৰ উপায় অৱলম্বন, মহাকাশত পৰীক্ষা-নিৰীক্ষা বা ভূপৃষ্ঠত বিভিন্ন ৰাসায়নিক আগ্নেয়াস্ত্ৰৰ পৰীক্ষা-নিৰীক্ষা ৰোধ কৰা আদি ব্যৱস্থা ৰূপায়ণে আমাৰ এই বিশ্বখনত সুস্থ পৰিৱেশ বিৰাজ কৰি মানৱ সভ্যতা উন্নতিৰ শিখৰত উপনীত হবলৈ সক্ষম কৰি তুলিব। ইতিমধ্যে ঔদ্যোগিক প্ৰদূষণ দূৰ কৰিবৰ বাবে আৰু অন্যান্য প্ৰদূষণ ৰোধ কৰিবলৈ আধুনিক প্ৰযুক্তিবিদ্যা সক্ষম হৈছে। ইয়াৰ বাবে জনসমাজক সচেতন কৰাৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত সমন্বয় সাধন হৈছে। ৰাষ্ট্ৰসংঘয়ো যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। ভাৰতবৰ্ষয়ো পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ১৯৭৪ চনৰ পৰা প্ৰতিখন ৰাজ্যতে একোখনকৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (Pollution Control Board) গঠন হৈছে। পৰিষদসমূহক ভালেমান আইন, অধিনিয়ম আদি কাৰ্য্যকৰী কৰাৰ ক্ষমতা দিয়া হৈছে। যান্ত্ৰিক শব্দ আৰু অন্যান্য কোলাহল নিয়ন্ত্ৰণ কৰিবৰ বাবেও শব্দ-প্ৰদূষণ( সীমিতকৰণ আৰু নিয়ন্ত্ৰণ) অধিনিয়ম,২০০০ৰ যোগেদি পৰিষদসমূহে শব্দ-প্ৰদূষণ নিয়ন্ত্ৰিত কৰাৰো ক্ষমতা লাভ কৰিছে।
মুঠতে, প্ৰতি বছৰে বিশ্বৰ সকলো দেশতে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উদ্ যাপন কৰাৰ উপৰিও বিভিন্ন ধৰণে মহা সংকট সৃষ্টি কৰা পৰিৱেশ প্ৰদূষণ(Envionmental Pollution) ৰোধ কৰি মানৱ-সভ্যতাক উত্তৰোত্তৰ সমৃদ্ধি সাধন কৰিবলৈ সকলোৱে আগবাঢ়ি অহা উচিত।