বিশ্ব পৰিৱেশ দিৱস
মৰমৰ অকণিহঁত, জুন মাহ অহাৰ লগে লগে প্ৰথম সপ্তাহতে আমাৰ ভাল লগা দিৱসটো কি বাৰু? ৫ জুন বিশ্ব পৰিৱেশ দিৱস নহয়নে বাৰু! পৰিৱেশ মানে হৈছে আমাৰ চৌদিশে থকা জৈৱিক, অজৈৱিক উপাদানসমূহৰ লগতে আমাৰ জীৱনশৈলীয়ে সৃষ্টি কৰা বাতাবৰণ। গতিকে পৰিৱেশ সুস্থ হৈ থাকিলেহে মানু্হ আৰু আন আন প্ৰাণীয়ে সুস্থ ভাৱে জীৱন নিৰ্বাহ কৰিব পাৰিব। অন্যথা জীৱ শ্ৰেষ্ঠ মানুহেই পৃথিৱীত বসবাসৰ উপযোগী নোহোৱাৰ সম্ভাৱনা অধিক। সেয়ে আমি পৰিৱেশ সংৰক্ষণ কৰাটো আমাৰ প্ৰধান কৰ্তব্য আৰু দায়িত্ব হিচাপে গ্ৰহণ কৰিব লাগিব।
বিজ্ঞানৰ নিত্য নতুন আৱিস্কাৰ সমূহে মানুহক আৰাম প্ৰিয় কৰি তোলাৰ বাবেই চাগে মানুহৰ হাবিয়াস বোৰ বাঢ়ি যাবলৈ ধৰিলে। এই হাবিয়াস বোৰ পুৰণ কৰিবৰ বাবে আমি প্ৰাকৃতিক সম্পদৰাজি ধ্বংস, লুণ্ঠন অপচয় কৰা আদি কাৰ্যত লিপ্ত হৈ পৰিছো । এই কাৰ্যৰ ভয়াৱহ পৰিণতি বৰ্তমানে আমি ভোগ কৰিবলৈ আৰম্ভ কৰিছোঁৱেই নহয়নে? যেনে ধৰা অত্যাধিক গৰম , বৰষুণৰ পৰিমাণ কম- বেছি, জলবায়ু ৰ সামান্য পৰিবৰ্তন আদি আমি অনুভৱ কৰোঁ।
প্ৰকৃতিৰ ভাৰসাম্য অটুট ৰাখিবৰ বাবে অৰ্থাৎ জীৱ জীয়াই থাকিব পৰা একমাত্ৰ গ্ৰহ টোত আমি যাতে সু-স্বাস্থ্য ৰে জীয়াই থাকিব পাৰোঁ তাৰ বাবে আমি সকলোৱে একত্ৰিত হৈ পৰিৱেশৰ হানিকাৰক কাৰ্যৰ পৰা বিৰত থাকিব পৰাকৈ আমাৰ জীৱনশৈলী গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। বৰ্তমান পৰিৱেশ সংৰক্ষণ সম্পৰ্কে সমগ্ৰ বিশ্বতে এক জাগৰণৰ সৃষ্টি হৈছে। আমাৰ দেশ ভাৰতেও ২০২১ চনত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ ‘মিছন লাইফ’ (Mission Life) নামেৰে এক অভিযান আৰম্ভ কৰে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যক্তিগত আৰু সম্প্ৰদায়ৰ দৈনন্দিন জীৱনৰ কাম -কাজক উৎসাহিত কৰাৰ বাবে ভাৰতৰ নেতৃত্বত আৰম্ভ কৰা এক বিশ্বব্যাপী জন আন্দোলন । মিছন অভিযানে জনসাধাৰণৰ মাজত এনেদৰে সজাগতা অনাৰ চেষ্টা কৰিছে যাতে আমি প্ৰত্যেকেই ব্যক্তিগত ভাৱেও পৰিৱেশ সংৰক্ষণৰ বাবে সাধ্য অনুসৰি অৰিহণা যোগাব পাৰোঁ প্ৰতি বছৰে ৫ জুন তাৰিখে পৰিৱেশ সুৰক্ষাৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। এটা বিশেষ বিষয়বস্তু বাছনি কৰি সেই বিষয়ে বছৰটোত গুৰুত্ব আৰোপ কৰি জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ দিৱস টো পালন কৰা হয়। ‘মিছন লাইফ ‘ অভিযানৰ মূলমন্ত্ৰ হৈছে পৰিৱেশৰ বাবে জীৱনশৈলী। সহজভাৱে ক’বলৈ গ’লে ধৰা হওক আমাৰ এটা ধাৰণা আছে পানীৰ মূল্য সকলো বস্তুতকৈ কম। গতিকে পানী জধে- মধে খৰচ কৰোঁ। পানীৰ মূল্য বুজি অপচয় ৰোধ কৰাই হৈছে ‘মিছন লাইফ ‘। ভাৰতে ২০২২ চনৰ পৰা ২০২৮ চনৰ ভিতৰত পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যক্তিগত আৰু সামূহিক ব্যৱস্থা গ্ৰহণৰ বাবে বৃহৎ সংখ্যক জনসাধাৰণক সংগঠিত কৰাৰ সংকল্প লোৱা হৈছে। ‘মিছন লাইফ ‘ লে আমাৰ জীৱনশৈলীক তিনিটা ক্ষেত্ৰত সংশোধনৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰথম: চাহিদাৰ পৰিবৰ্তন (change in Demand) অৰ্থাৎ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সৰল জীৱন যাপন অনুশীলনৰ বাবে অনুপ্ৰাণিত কৰা। দ্বিতীয়: যোগানৰ পৰিবৰ্তন (change in Supply) অৰ্থাৎ প্ৰয়োজন অনুসৰিহে যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা। তৃতীয়: নীতিৰ পৰিবৰ্তন (change in policy) । ‘মিছন লাইফ ‘ ৰ প্ৰতি সহাৰি জনাই আমি প্ৰত্যেকেই পৰিৱেশ সংৰক্ষণত আত্মনিয়োগ কৰিব লাগিব। আমাৰ কৰণীয় কাম সমুহ হ’ব
১) ঘৰৰ বা ৰাজহুৱা স্থানৰ পানী অপচয় ৰোধ কৰা।
২) প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা।
৩) খাদ্য বস্তু প্ৰয়োজন সাপেক্ষে লোৱা।
৪) অতিৰিক্ত খাদ্য নষ্ট নকৰা।
৫) কাগজৰ অপচয় ৰোধ কৰা।
৬) চাফ – চিকুনতাৰ প্ৰতি সজাগ হোৱা।
৭) প্লাষ্টিক নলী নৰ্দমাত নেপেলোৱা আদি কাৰ্যৰ দ্বাৰা আমি পৃথিৱীখন সুন্দৰ কৰি তুলিব পাৰিম।
বন্দিতা শৰ্মা কন্দলি