বিশ্ব পৰিৱেশ দিৱস
ছেলিমা বেগম
জাগা, জাগা, বিশ্ববাসী জাগা।
বিশ্ববাসী সচেতন হোৱা এয়া আমাৰ আহ্বান।
আহিছে পাঁচ জুন সজাগ হোৱা,
হাতে হাতে গছপুলি লৈ ৰোপণ কৰা ৷
গছপুলি ৰোপণ কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰা।
গছে দিব আমাক বিশুদ্ধ অ’ক্সিজেন।
গছ কাটি তহিলং নকৰিবা,
এজোপা কাটিলে এশজোপা ৰোপণ কৰিবা ৷
গছ থাকিলে আমি হ’ম বেমাৰ মুক্ত।
সেউজীয়া পৃথিৱীক সেউজীয়া হৈ থাকিব দিয়া।
প্ৰকৃতিয়ে আমাৰ পৰা একো নিবিচাৰে,
আমিহে প্ৰকৃতিৰ পৰা বহুতো বিচাৰোঁ।
ধুনীয়া পৃথিৱীখন সেউজীয়া কৰা,
জীয়াই থাকিবলৈ প্ৰেৰণা পাম।
গছ নাকাটি বা,
উশাহ লোৱাত কষ্ট পাম।
পৰিৱেশ ৰক্ষা কৰা,
নিজকে সুৰক্ষিত কৰা ৷