বিশ্ব পৰিৱেশ দিৱস এতিয়াও সাৰ্থক হোৱা নাই- মুন শৰ্মা

Pc The Economic Times
বিশ্ব পৰিৱেশ দিৱস এতিয়াও সাৰ্থক হোৱা নাই
বিশ্ব পৰিৱেশ দিৱস, বিশ্ব জুৰি উদযাপন কৰা এটা মানৱ জাতিৰ  গুৰুত্বপূৰ্ণ এক দিৱস। প্ৰকৃতি সংৰক্ষণ আৰু লালন পালন কৰিবলৈ  সজাগতা সৃষ্টি কৰাই মূল উদ্দেশ্য হোৱা এই  দিৱসৰ আৰম্ভনি হৈছিল ষ্টক’হ’মত ৰাষ্ট্ৰসংঘৰ ১৯৭২চনৰ ৫ জুন তাৰিখৰ পৰা ১৬ জুন লৈ হোৱা অধিবেশনত। কিন্তু আন্তৰাষ্ট্ৰীয় বিশ্ব পৰিৱেশ দিৱস ৰূপে ১৯৭৩ চনৰ পৰা  বিশ্বৰ বিভিন্ন প্ৰান্তত  পালন কৰি অহা হৈছে।
প্ৰতি বছৰে  বিভিন্ন বিষয়বস্তু ভিত্তিত আৰু বিভিন্ন শ্লোগানেৰে  উদযাপন কৰা এই দিৱস প্ৰথমটো বিষয় বস্তু আছিল কেৱল এখন পৃথিৱী। ঠিক তেনে দৰেই… ২০১০ চনত অনেক প্ৰজাতি এক গৃহ, এক ভৱিষ্যত,২০১১ অৰণ্য প্ৰকৃতি  আপোনাৰ সেৱাত,২০১২ সেউজ অৰ্থনীতি ই আপোনাক সামৰি লয় নে?,২০১৩ ভাবক, খাওক আৰু বচাওক, আপোনাৰ ফ্ৰুডপ্ৰিণ্ট হ্ৰাস কৰক,২০১৪ সৰু দ্বীপে বিকাশ ঘটাইছে আৰু আপোনাৰ কণ্ঠস্তৰ উচ্চ কৰক সাগৰ পৃষ্ঠৰ নহয়,২০১৫ এখন বিশ্ব এক পৰিৱেশ,২০১৬ পৃথিৱী খনক  অধিক সুন্দৰ কৰিবলৈ কৰা অভিযানত যুগ দিয়ক, ২০১৯ বায়ু প্ৰদূষণ আদি বিভিন্ন বিষয় আৰু শ্লোগান।
এতিয়া আহো বৰ্তমানৰ কথালৈ  কথা এটা ভাবি  চাইছে নে?এই দিৱস আজিৰ সময়ত কিমান পৰিমাণে সাৰ্থক হৈছে।প্ৰশ্ন অহাটো স্বাভাৱিক কাৰণ বৰ্তমান সময়ত  যি বোৰ কৰ্ম কাণ্ড দেখি আছোঁ তাৰ পৰা মনলৈ আহে যে ই আজিও বহু পৰিমাণে সাৰ্থক হোৱা নাই।
আজিৰ সময়ত চাবলৈ গলে  বহু লোকে মাত্ৰ ইয়াক বছেৰেকৰ এটা এটা দিন বুলি হে উদযাপন কৰে।বাকী দিন বোৰ আকৌ একেই অত্যাচাৰ। আন নালাগে দিৱসৰ দিনা ৰোৱা গছ পুলি কেইটাৰ  ও প্ৰতিপালন কৰিবলৈ কোনেও চেষ্টা নকৰা দেখা যায় ।
ইয়াৰ কাৰণ হ’ল প্ৰধানত আমাৰ মানসিকতাৰ  এতিয়াও হোৱা নাই পৰিবৰ্তন।  আচলতে কবলৈ গলে পৰিৱেশ দিৱস পাতি আমি যিমানেই যি নকৰোঁ কিয় যেতিয়ালৈকে আমি  গছ বন নষ্ট, সকলো ধৰণৰ প্ৰদূষণ কে ধৰি প্ৰকৃতিৰ উপৰত নকৰিব লগা কাম বোৰৰ পৰা নিজৰ মানসিকতাৰ  পৰিবৰ্তন কৰি নকৰা হব নোৱাৰো তেতিয়ালৈ  পৰিৱেশ দিৱস সাৰ্থক নহব। কিয়নো বিশ্ব পৰিৱেশ দিৱসৰ মূল লক্ষ্য যদি  প্ৰকৃতি নষ্ট নকৰিবলৈ সজাগ কৰাৰ  তেন্তে এই কথা  আমি ৯৯ % মানুহে জানিও   ইটোত পিছত সিটো পৰিৱেশ দিৱস হৈ যোৱাৰ পাছতো কোনো সলনি নহৈ প্ৰকৃতি নষ্ট কৰিয়েই আছোঁ দেখোন।
      মুন শৰ্মা,লখিমপুৰ, বছাগাঁও