বিশ্ব পৰিৱেশ দিৱস আৰু আমি
অৰ্ণৱ কটকী,জাঁজী, যোৰহাট
গছ ৰোপণ নিৰ্দিষ্ট এটা দিনত উলহ মালহেৰে আমি উদযাপন কৰো। ফটো উঠি সামাজিক মাধ্যম ভৰাই তুলো কিন্তু আপুনি যোৱা বছৰ ৰোপণ কৰা পুলিটো আজি ডাঙৰ হ’ল নে? ফটো মৰাৰ বা অঘোষিত প্ৰতিযোগিতাত সেই গছৰ পুলিটো লেৰেলী শুকাল। আচলতে আমি নিজৰ বাবে হ’লেও প্ৰতিদিনেই একোটা গছ পুলি ৰুই লালন পালন ভালকৈ কৰিব লাগে। আমি ৰোৱা গছ পুলিটো আমাৰ নিজৰ সন্তান বুলি ভাৱিব নোৱাৰোঁ নে? যান্ত্ৰিক যুগত আমি নিজৰ স্বাৰ্থ বাবে সকলো সেউজীয়াক ধ্বংস কৰাৰ বাবে উঠি পৰি লাগি যাওঁ, সেইয়া লাগিলে পথৰ বাবে হওঁক নাইবা বাসস্থানৰ বাবেই হওঁক। এটি সুন্দৰ পৰিৱেশত হে এটা সুন্দৰ মন আৰু স্বাস্থ্য লাভ কৰিব পাৰি। নিজৰ জীৱনৰ স্বাৰ্থত হ’লেও এজোপা গছ আপোনাৰ চৌহদত ৰোপণ কৰাৰ চেষ্টা কৰক।
নহ’লে এদিন আমি সকলোৱে অক্সিজেন মাস্ক পৰিধান কৰি হে জীৱন জীয়াব লাগিব । সময় বৰ নিষ্ঠুৰ। নীৰৱে সকলো সহি যোৱা প্ৰকৃতিয়েও এদিন মানৱ জাতিৰ শত্ৰু হৈ উঠিব। তেতিয়া আমাৰ মানৱ জাতিৰ হাতত জীৱন বচাবলৈ বাকী একো নৰ’ব। আপুনি মই কোনো নাথাকিম যদি প্ৰকৃতি সেউজীয়া হৈ নাথাকে।
ধৰণী সেউজীয়া হওঁক লগতে আপোনাৰ মনটোও। সেউজীয়া মনে হে সেউজীয়া সপোন ৰচিব পাৰে নহয় জানো।
নহলে এদিন বাতৰি ওলাব বিশুদ্ধ অক্সিজেনৰ অভাৱত মৃত্যু মানৱৰ। সিদ্ধান্ত আপোনাৰ, দায়িত্ব আমাৰ সকলোৰে।