বিশ্ব পৰিবেশ দিৱস, ২০২৫: বিষয়বস্তু আছিল “প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজ”
উদয়ন চেতিয়া
ধেমাজি
প্ৰতিবছৰৰ দৰে যোৱা বছৰো অৰ্থাত, ২০২৫ চনৰ ৫ জুনত বিশ্ব পৰিবেশ দিৱস উৎযাপন কৰা হয়। এই দিৱস উৎযাপন কৰাৰ মূল উদ্দেশ্য হ’ল জনসাধাৰণৰ মাজত পৰিবেশ সুৰক্ষা আৰু সচেতনতাৰ বৃদ্ধি কৰা। পৃথিৱীৰ বিভিন্ন দেশৰ দৰে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত, স্বেচ্ছাসেৱী সংস্থা আৰু চৰকাৰী বিভাগসমূহকে ধৰি বহুতো স্থানত নানা ধৰণৰ কাৰ্যসূচী হাতত লৈ দিৱসটো উৎযপন কৰে।
এই বছৰ বিশ্বৰ পৰিবেশ দিৱস উৎযাপন কৰাৰ বিষয়বস্তু আছিল “প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজ”। এই অভিযানৰ উদ্দেশ্যে হৈছে প্লাষ্টিক হ্ৰাস কৰা। প্লাষ্টিক ব্যৱহাৰৰ বাবে জনসাধাৰণে বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হয়। প্লাষ্টিক ব্যৱহাৰৰ ফলত মাটি, পানী আৰু বায়ু দুষিত হৈ পৰিছে। অসমৰ বহুকেইখন জিলাত পৰিবেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে চৰকাৰে গছ ৰোপণ কৰিবলৈ সকলোকে আহ্বান জনায়। চৰকাৰৰ আহ্বান ৰক্ষা কৰি বিভিন্ন স্থানত বৃক্ষৰোপণ, কুইজ আৰু আলোচনা সভা, চিত্ৰাংকন প্ৰতিযোগিতা, স্বচ্ছতা অভিযান ইত্যাদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
চৰকাৰৰ সৈতে, বিভিন্ন বেচৰকাৰী সংস্থা (NGO) আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP) ও প্ৰতিবছৰে বিশ্ব পৰিৱেশ দিৱস উৎযাপন আৰু ইয়াৰ উদ্দেশ্যসমূহ প্ৰচাৰ কৰাত সহায় কৰে।
গুৱাহাটীৰ দৰে এখন মহানগৰত প্লাষ্টিক ব্যৱহাৰ কৰাৰ ফলত বেছিভাগ স্থানতে নলা আবদ্ধ হোৱাত বানৰ সমস্যা দেখা দিছে। গুৱাহাটী পৌৰ নিগমে (GMC) এই সমাধান কৰিবলৈ বহুতো চেষ্টা কৰি আহিছে। ৰাস্তা, ঘৰ অথবা ফ্লেটৰ পৰা আবর্জনা সংগ্ৰহৰ বাবে বিষেশ বাহন পঠোৱাৰ লগতে বিভিন্ন স্থানত ডাষ্টবিন স্থাপন কৰা হয়। নিয়মিতভাৱে নলা পৰিষ্কাৰ অভিযান, এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা, সচেতনতামূলক কাৰ্যসূচী আৰু স্বচ্ছতা অভিযান আদি ধৰণৰ উদ্যোগ নিয়মিত ৰূপে গ্ৰহণ কৰা হয়। ইয়াৰ লগতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন স্থানত প্লাষ্টিক আৱর্জনাৰ পুনৰ ব্যৱহাৰ আৰু সঠিক নিষ্কাষণ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।
