বিশ্ব পৰিবেশ দিৱস উদযাপনে পৰিবেশত কিবা প্ৰভাৱ পেলাবনে ? – দেবর্ষি গৌতম

PC - Vecteezy

বিশ্ব পৰিবেশ দিৱস উদযাপনে পৰিবেশত কিবা প্ৰভাৱ পেলাবনে ? 

 দেবর্ষি গৌতম,বনগাঁও

প্ৰতিটো বছৰৰ জুন মাহৰ ৫ তাৰিখে বিশ্বৰ প্ৰীতিটো প্ৰান্ততে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। পৃথিৱীত মানৱ সমাজ জীয়াই থাকিবলৈ যি এক সুস্থ প্ৰাকৃতিক পৰিবেশৰ প্ৰয়োজন সেইয়া নিশ্চিত কৰিবলৈ বছৰৰ এটা দিনত সমগ্ৰ বিশ্ববাসী সংকল্পবদ্ধ হোৱাৰ বাবে ৫ জুনৰ দিনটোক পৰিবেশৰ বাবে এক বিশেষ দিন হিচাপে পালন কৰা হয়। পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ শ্লোগান আমি শুনিবলৈ পাই আহিছোঁ। কেৱল শ্লোগানেই নহয় এক সুস্থ পৰিবেশ সৃষ্টি কৰাৰ উদেশ্য আগত ৰাখি বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাও আমি দেখিবলৈ পাই আহিছোঁ। পৰিবেশ সংৰক্ষণৰ বাবে চৰকাৰীভাৱেও কিছুমান কাৰ্য্য ৰূপায়ন কৰা আমাৰ দৃষ্টিগোচৰ হৈ আহিছে। কিন্তু বছৰৰ মাত্ৰ এটা দিন পৰিবেশ সংৰক্ষণৰ বাবে সকলোৱে একত্ৰিত হলেই আমাৰ দায়িত্ব শেষ নেকি ? কেৱল বিশ্ব পৰিবেশ দিৱস পালন কৰিবলৈ এটা গছ পুলি ৰুই তাৰ আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰাটোৱেই আমাৰ দায়িত্ব নেকি ? এনেধৰণৰ বহু প্ৰশ্নই এতিয়া প্ৰাসংগিক হৈ উঠিছে। কিয়নো সমগ্ৰ বিশ্বতে যি ধৰণে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে তাৰ প্ৰতি যদি আমি নজৰ দিওঁ তেনেহলে দেখিবলৈ পাম যে আমি পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত যিমান গুৰুত্ব প্ৰদান কৰিছোঁ তাৰ তুলনাত পৰিবেশ ধ্বংস কৰাত অধিক উঠিপৰি লাগিছোঁ। আমি নিজকে এগৰাকী পৰিবেশ প্ৰেমী বুলি জহাবলৈ বছৰৰ মাত্ৰ এটা দিনত এটা গছপুলি ৰোপণ কৰি সেই আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰিলেই পৰিবেশ আমাৰ বাবে উন্নত হৈ নুঠে। আমি নিজে ৰোপণ কৰা গছপুলিতো যাতে লহপহকৈ বাঢ়ি আহি এডাল বটবৃক্ষত পৰিণত হয় সীমানখিনিলৈকে আমাৰ দায়িত্ব থাকিলেহে আমি ৰোপণ কৰা গছপুলিটো সাৰ্থক হব। আমি যিমানেই আধুনিকতাৰ ধামখুমীয়াত নিজকে বিলীন কৰি দিবলৈ চেষ্টা নকৰো লাগিলে কিন্তু গছ-গছনি অবিহনে যে পৃথিৱীত আমাৰ জীৱন নিৰ্বাহ দুৰ্বিসহ হব সেয়া প্ৰকৃতিয়ে লাহে লাহে আমাক অনুধাৱন কৰিবলৈ বাধ্য কৰাইছে। প্ৰকৃতিক সুস্থ ভাবে জীয়াই ৰাখিবলৈ গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত আমাৰ মাজত যি প্ৰতিযোগিতা চলে সেয়া যদি যোগাত্মক হয় তেনেহলে পৃথিৱীৰ বাবে অতিকৈ সুখৰ বিষয় হিচাপে বিবেচিত হব। প্ৰতিযোগিতা কেৱল গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰতে সীমাবদ্ধ নাৰাখি আমি ৰোপণ কৰা গছপুলি সমূহক লালন-পালন কৰি জীয়াই ৰখাটোৰ ক্ষেত্ৰতো যদি প্ৰতিযোগিতাত নামো তেনেহলে নিশ্চিতভাৱে এদিন আমাৰ পৃথিৱীখন সেউজীয়া হৈ পৰিব। আমি কল্পনা কৰা গছ-গছনিৰে ভৰপূৰ এখন সেউজীয়া পৃথিৱী তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া আমি নিজে নিজৰ জীৱনৰ ব্যস্ততাৰ মাজতো কিছু মুহূৰ্ত এটা গছপুলি জীয়াই ৰখাৰ বাবে খৰচ কৰিবলৈ আৰম্ভ কৰিম। আমি তেতিয়াহে পৃথিৱীত এক সেউজীয়া পৰিবেশ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হম যেতিয়া আমি নিজকে এগৰাকী পৰিবেশ সংৰক্ষণৰ সেনানীৰূপে গঢ় দিবলৈ সক্ষম হম। বছৰৰ মাত্ৰ এটা দিনত পালন কৰা বিশ্ব পৰিবেশ দিৱসে এক সুস্থ পৰিবেশ গঢ়ি তোলাত কোনো ভূমিকা পালন কৰিব নোৱাৰে। বিশ্ব পৰিবেশ দিৱস পালনৰ যি উদ্দেশ্য সেয়া আমি বছৰৰ প্ৰতিটো দিনতে নিজৰ মনত ৰাখি লৈ আগবাঢ়ি যাব লাগিব আৰু তাৰ বাবে নিজৰ কৰণীয় খিনি কৰি যাব লাগিব তেতিয়াহে বিশ্ব পৰিবেশ দিৱস পালনৰ যি সাৰ্থকতা সেয়া বাস্তৱায়িত হোৱা আমি দেখিবলৈ পাম। আমি সকলোৱে এটা কথা মনত ৰখা উচিত যে যদি পৃথিৱীৰ পৰিবেশ যেতিয়ালৈকে সুস্থ হৈ থাকিব তেতিয়ালৈকে পৃথিৱীৰ মানৱ সমাজেও সুস্থভাৱে জীয়াই থাকিবলৈ সক্ষম হব। কিন্তু যেতিয়াই পৃথিৱীৰ পৰিবেশ সম্পূৰ্ণৰূপে অসুস্থ হৈ পৰিব তেতিয়াৰ পৰাই পৃথিৱীত মানৱ সমাজৰ জীয়াই থকাৰ বাবে এক প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হোৱাটো অৱস্যাম্ভী। পৰিবেশৰ সুস্থতা নাইবা অসুস্থতাই নিৰ্দ্ধাৰণ কৰিব পৃথিৱীত মানৱ সমাজৰ জীৱন আৰু মৃত্যুৰ মাজত দূৰত্বৰ ব্যৱধান কিমান থাকিব।