বিশ্ব পৰিবেশৰ দিৱসৰ লগত… – বিশ্বজিৎ বৈশ্য

PC - FlexJobs

বিশ্ব পৰিবেশৰ দিৱসৰ লগত…

বিশ্বজিৎ বৈশ্য,বংশৰ, শুৱালকুছি

প্ৰতি বছৰে ৫ জুনৰ দিনা বিশ্বব্যাপী এই দিৱস পালন কৰা হয়। সেয়ে বিশ্ব পৰিৱেশ দিৱস আমাৰ। আমাৰে দায়িত্ব পৰিৱেশক সেউজীয়া কৰি ৰখাটো। প্ৰকৃতিত বিলীন হোৱা মানুহ, জীৱ-জন্তু সকলোৱে যেন নিজৰ নিজৰ ব্যস্ততাৰে পৰিৱেশ জীপাল কৰি আহিছে। আমি গছপুলি ৰোপন কৰাই নহয় তাৰ লগে লগে প্ৰতিপালনৰ দায়িত্ব গ্ৰহণ কৰি বৰ্তমান সময়ত তাক প্ৰকৃতিৰ মহত্তম উপাহাৰ বুলি জীয়াই ৰখাটো আমাৰ দায়িত্ব। শস্য-শ্যামলা, ধুনীয়া ধৰণীখন বসবাসৰ যোগ্য হৈ থাকিব যেতিয়া আমি সেই সেউজীয়াক ভাল পাম। সেউজীয়া ৰহণে আমাৰ মনলৈ বোৱাই আনে শান্তিৰ নিজৰা। আৰু এই সেউজীয়াক জীয়াই ৰাখিবলৈ আমি তাৰ যত্ন লৱ লাগিব। বিনন্দীয়া পৃথিৱীৰ অপৰূপ সৌন্দর্য্যই যেন চৌপাশৰ পৰিৱেশৰ ম্লান কৰা দেখা যায়। তাৰ লগে লগে আমাৰ আটাইতকৈ প্ৰয়োজনীয় অক্সিজেন গেছো যোগান ধৰে। ঠিক তেনেকৈ গছ থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে গছৰ যত্ন লব। এনেকৈ চলি আছে প্ৰকৃতিৰ নিয়ম।