বিশ্ব ধৰিত্ৰী দিৱস
এটা সময় আছিল, প্ৰকৃতি নিজৰ মতেই চলি আছিল। তেতিয়া জনসংখ্যা প্ৰকৃতিয়ে বহন কৰি ভাৰসাম্য ৰক্ষা হৈ আছিল। কিন্তু জনসংখ্যা বৃদ্ধিৰ লগে লগে বিজ্ঞান – প্ৰযুক্তিৰ অগ্ৰগতি আৰু বিভিন্ন উদ্যোগ -প্ৰতিষ্ঠানে গঢ় লৈ উঠাত প্ৰকৃতিৰ সাজোন – কাচোনৰ ওপৰত সীমাহীন ভাবে প্ৰভাৱ পৰে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মে। সেয়ে প্ৰকৃতিপ্ৰেমী সকলে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা জগাই তুলিবলৈ বিভিন্ন কাৰ্য্য পন্থা গ্ৰহন কৰে।
প্ৰতি বছৰে ২২ এপ্ৰিল তাৰিখত সমগ্ৰ বিশ্বতে ধৰিত্ৰী দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি সজাগতা জগাই তোলা। ১৯৭০ চনৰ ২২ এপ্ৰিল তাৰিখে প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰত এই দিৱস পালন কৰা হয়। আমেৰিকাৰ উই্ ছকনছিন প্ৰদেশৰ প্ৰকৃতিপ্ৰেমী ব্যক্তি গেলৰ্ড নেলচনৰ প্ৰচেষ্টাত প্ৰথম এই দিৱস পালন কৰা হয়। কিয়নো তেওঁ ১৯৬০ চনত আমেৰিকাৰ চিনেটৰ এজন সদস্য হিচাপে নিৰ্বাচিত হৈ যেতিয়া সমগ্ৰ দেশখন ভ্ৰমণ কৰে তেতিয়া তেওঁ জনবহুল ঠাই সমুহৰ কদৰ্যময় ৰূপ দেখি উপলব্ধি কৰিছিল যে আমেৰিকা বাসী পৰিৱেশৰ প্ৰতি সজাগ নহয় । কল কাৰখানাৰ ধোঁৱা, বিভিন্ন আৱৰ্জনা, কীটনাশক ঔষধৰ প্ৰয়োগ আদি কাৰকে আমেৰিকাৰ প্ৰাকৃতিক পৰিৱেশ প্ৰদূষিত কৰি তুলিছিল। এনেদৰে থাকিলে এটা সময়ত মানুহ এই পৃথিৱীত বসবাসৰ উপযোগী নহ’ব। সেয়ে তেওঁ ছাত্ৰ – ছাত্ৰী আৰু জনসাধাৰণক একগোট কৰি প্ৰকৃতিৰ সুৰক্ষাৰ বাবে আহ্বান জনায়। তেওঁ তেতিয়াই ভাবিলে বছৰৰ এটা দিন প্ৰকৃতিৰ সুৰক্ষাৰ বাবে ল’লেহে সকলোৱে বুজি পোৱাত সুবিধা হ’ব। তেওঁৱেই এই দিনটো বসুধা দিৱস বা আৰ্থ দেʼ বা ধৰিত্ৰী দিৱস হিচাপে নামাকৰণ কৰে । এই দিৱসত প্ৰায় ২০ নিযুত মানুহে অংশ গ্ৰহণ কৰিছিল।
১৯৯০ চনৰ পৰা ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰিবলৈ স্বীকৃতি প্ৰদান কৰে। বৰ্তমান মুঠ ১৯৩ খন দেশে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি আহিছে। উত্তৰ গোলাৰ্ধৰ দেশবোৰত বসন্ত কালত আৰু দক্ষিণ গোলাৰ্ধৰ দেশবোৰত শৰত কালত এই দিৱস পালন কৰা হয় বুলি জনা যায়। প্ৰতি বছৰে এটা বিশেষ উদ্দেশ্য আগত ৰাখিয়েই এই দিৱস পালন কৰা হয়।
বৰ্তমান সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনে মানৱজাতিৰ ভৱিষ্যতৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে। সেয়ে ধৰাখনিৰ সুৰক্ষাৰ বাবে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব। তাৰ বাবে আমি বৃক্ষৰোপণ অৰ্থাৎ ফুল,ফল, ঔষধি গছ তুলসী,নিম আদি গছ ৰুব লাগে। জধে-মধে গছ গছনি কটা বন্ধ কৰিব লাগিব। যʼতে তʼতে জাবৰ জোঠৰ পেলাব নালাগিব। বিদ্যুৎ আৰু পানীৰ অপচয় কমাব লাগিব। পৰাপক্ষত খোজকঢ়া বা বাইচাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। খাল-বিল, পিটনি, পুখুৰী আদি থাকিলেহে সৰু -বৰ সকলো জীৱ বাছি থাকিব। মুঠৰ ওপৰত পৃথিৱীখনেই হৈছে আমাৰ ঘৰ। আমি আমাৰ ঘৰখন সুৰক্ষিত কৰি ৰাখিবই লাগিব।
বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও