বিশ্ব দৰবাৰত জিলিকিল মহাবীৰ লাচিত বৰফুকন
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব দৰবাৰত জিলিকিল মহাবীৰ লাচিত বৰফুকন। বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা বীৰ লাচিতৰ জীৱনী বিষয়ৰ লেখাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিলে। এই বিশ্ব ৰেকৰ্ড আনুষ্ঠানিকভাৱে জনতা ভৱনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰ-পত্ৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে ৷ ৪০০ বছৰৰ পিছত লাচিতৰ জীৱনীভিত্তিত লেখায়ে বিশ্ব ৰেকৰ্ড ৰচিলে ৷ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম দিৱস উপলক্ষে বিগত বছৰটোত ৰাজ্য চৰকাৰে বছৰ জুৰি বিভিন্ন কাৰ্যসূচীৰ পালন কৰিছিল ৷ দিল্লীত বৃহৎ সামৰণি অনুষ্ঠান আয়োজন কৰিছিল ৷ এই অনুষ্ঠানত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে আন আন মন্ত্ৰীসকল উপস্থিত আছিল ৷ ইয়াৰ লগতে বীৰ লাচিতৰ বিষয়ত ৰাজ্য চৰকাৰে অনলাইন পৰ্টেল মুকলি কৰি হাতে লিখা ৰচনা অনলাইন যোগে জমা দিয়াৰ ব্যৱস্থা কৰিছিল ৷ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ লোকেও বীৰ লাচিতৰ জীৱন ভিত্তিত হাতে লিখি ৰচনা জমা দিলে ৷ এই ৰচনাই অভিলেখ সৃষ্টি কৰিলে। এই বিশাল সংখ্যক বীৰ লাচিত বৰফুকনক লৈ হাতে লিখা লেখা গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম উঠিল। ৪২ লাখ ৯৪ হাজাৰ ৩৫০খন ৰচনাক গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই গ্ৰহণ কৰি স্বীকৃতি দিলে ৷মুঠ ২৩টা ভাষাত লিখিত এই ৰচনাসমূহৰ ভিতৰত সৰ্বাধিক ৰচনা আপলোড হৈছে অসমীয়া ভাষাত। অসমীয়া ভাষাত ৩৫ লাখ ৯০ হাজাৰ ৯১৮খন ৰচনা আপলোড হোৱাৰ বিপৰীতে ইংৰাজী ভাষাত ৪ লাখ ৫ হাজাৰ ৬১৭খন ৰচনা আপলোড হৈছে। আনহাতে বাংলা ভাষাত ২ লাখ ৪৭ হাজাৰ ৭৩৩খন, বড়ো ভাষাত ১ লাখ ২০ হাজাৰ ৪১৭খন, হিন্দী ভাষাত ৩২ হাজাৰ ৪৬৩খন ৰচনা আপলোড হৈছে। তদুপৰি মণিপুৰী, মাৰ, কাৰ্বি, নেপালী, চাওতালী, সংস্কৃত, আৰবী, ডিমাচা, পাৰ্চী, উর্দু, টাই, বিষ্ণুপ্রিয়া, ৰাভা আদি ভাষাৰ উপৰি তেলুগু আৰু কোৰিয়ান ভাষাতো এনে ৰচনা লিখি জনসাধাৰণে আপলোড কৰিছিল। আজিৰ এই অনুষ্ঠানতে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়— আজিৰ দিনটো অসমবাসীৰ বাবে গৌৰৱৰ দিন। মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছিল। আনহাতে ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত তদানীন্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে বৰ্ষজোৰাকৈ উদযাপন হ’বলগীয়া এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিছিল। অসম চৰকাৰে কাৰ্যতঃ এই কাৰ্যসূচীৰে মহাবীৰগৰাকীৰ জন্মজয়ন্ত্ৰী প্ৰতিগৰাকী ব্যক্তিকে জড়িত কৰাৰ বাবে চিন্তাচৰ্চা কৰি ইয়াৰ আধাৰত সকলো স্তৰৰ ব্যক্তিৰ পৰা লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখাৰ বাবে আহ্বান জনোৱা হৈছিল। এই সঁহাৰিত সমৰ্থন জনাই অসমীয়াভাষী লোকৰ উপৰি ৰাজ্যত বাস কৰা বাংলা, বড়ো, কাৰ্বি, গাৰো, হিন্দী ভাষা-ভাষীৰ লোকসকলে ৰচনা লিখা কার্যত অংশীদাৰ হৈ পৰিছিল। মুখ্যমন্ত্ৰীয়ে কয়— জন্মজয়ন্তী উদযাপনৰ এই সময়ছোৱাত সমগ্ৰ অসমত লাচিত বৰফুকনক লৈ এক জাতীয় উৎসৱলৈ ৰূপান্তৰিত হৈছিল। বিগত বৰ্ষৰ ২৩, ২৪ আৰু ২৫ নৱেম্বৰত নতুন দিল্লীত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাস, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী আদিব অংশগ্রহণে সমগ্র কাৰ্যসূচী অধিক আকর্ষণীয় হৈ পৰিছিল। বিশেষকৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দৰে সাংবিধানিক শীর্ষ পদত অধিষ্ঠিত ব্যক্তি এই অনুষ্ঠানত জড়িত হৈ পৰাটো জাতিটোৰ বাবে এক গৌৰৱৰ ক্ষণ হিচাপে পৰিগণিত হৈছিল। প্ৰধানমন্ত্রী মোদীয়ে এই অনুষ্ঠানত যোগদান কৰি প্ৰদান কৰা ভাষণটোৱে প্ৰতিগৰাকী অসমীয়াৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম হৈছিল।
