বিশ্ব দবাত ইতিহাস ৰচিলে ভাৰতৰ ডি গুকেশে
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ দবাত বিশ্ব চেম্পিয়ন ভাৰত।কনিষ্ঠতম হিচাপে বিশ্ব চেম্পিয়নৰ সন্মান অর্জন কৰিলে ভাৰতীয় দবাৰু ডি গুকেশে। বৃহস্পতিবাৰে বিশ্ব দবা চেম্পিয়নশ্বিপৰ (ডব্লিউ চি চি)১৪ নং খেলখনত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ ডোমৰাজু গুকেশে বিশ্ব দবা চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷ মাত্ৰ ১৮বছৰ বয়সতে ভাৰতৰ ডি গুকেশে চতুৰ্দশ তথা অন্তিমখন খেলত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিছে । ৬.৫-৬.৫ পইণ্টৰে আৰম্ভ হোৱা খেলখন অন্তিম পৰ্যায়ত অমীমাংসিত হোৱাৰ দিশে গতি কৰা যেন হৈছিল যদিও গুকেশে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । চীনা খেলুৱৈ ডিং লিৰেনৰ এটা ভুলৰ বাবেই গুকেশে খেলখনত জয়লাভ কৰে ।৭.৫ পইন্টেৰে বিশ্ব চেম্পিয়ন হয় ডি গুকেশ। উল্লেখ্য যে যোৱাবাৰ দবাৰ বিশ্ব চেম্পিয়ন আছিল লিৰেন। কিন্তু প্ৰথমবাৰ বিশ্ব চেম্পিয়নশ্বিপত খেলিবলৈ নামিয়েই তেওঁক পৰাস্ত কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে। কনিষ্ঠতম হিচাপে বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰি গেৰী কাছপাৰভৰ অভিলেখ ভংগ কৰে গুকেশে।। বিশ্বনাথন আনন্দৰ পিছত দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে বিশ্ব চেম্পিয়ন হয় গুকেশ। উল্লেখ্য যে চলিত বর্ষতে ইতিহাস গঢ়ি দবা অলিম্পিয়াডত চেম্পিয়ন হৈছিল ভাৰত। সেই দলৰ সদস্য আছিল চেন্নাইৰ তৰুণ দবাৰু ডি গুকেশে।। মন কৰিবলগীয়া যে ভাৰতৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ্ছ তথা প্রাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথনৰ চহৰ চেন্নাইতে জন্ম গুকেশৰ। পিতৃ চিকিৎসক আৰু মাতৃ মাইক্র’বায়’লজিষ্ট। সাত বছৰ বয়সতে দবা খেলিবলৈ আৰম্ভ কৰা গুকেশে ৯ বছৰ অনূর্ধ্ব এছিয়ান স্কুল দবা প্রতিযোগিতাত চেম্পিয়ন হৈছিল। অনূর্ধ্ব ১২ বছৰ স্তৰতো তেওঁ বিভিন্ন প্রতিযোগিতাত ৫টা স্বর্ণপদক জয় কৰিছিল। মাত্র ১২ বছৰ ৭ মাহ ১৭ দিন বয়সতে তেওঁ গ্ৰেণ্ড মাষ্টাৰৰ যোগ্যতা অর্জন কৰে। ভাৰতৰ কনিষ্ঠতম আৰু বিশ্বৰ দ্বিতীয় কনিষ্ঠতম হিচাপে গ্ৰেণ্ড মাষ্টাৰ হয় গুকেশ। উল্লেখ্য যে ১২ বছৰ ৭ মাহ বয়সত গ্ৰেণ্ড মাষ্টাৰ হৈছিল ৰাছিয়াৰ ছেৰ্গে কাৰজাকিন। ভাৰতীয় দবাত গুকেশৰ উত্থান আছিল উল্কাৰ দৰে গতিময়। ২৬ বছৰ পিছত আনন্দক অতিক্ৰম কৰি ভাৰতৰ ১নং দবাৰু হয় গুকেশ। ২০২২ চনত অলিম্পিয়াডত একক বিভাগত স্বর্ণজয় কৰিছিল গুকেশে। ২০২৩ চনত আটাইতকৈ কম বয়সত ২৭৫০ ৰেটিং পইন্টত উপনীত হয় তেওঁ। সেই বছৰৰেই ছেপ্টেম্বৰত আনন্দক অতিক্ৰম কৰি ভাৰতীয়সকলৰ ভিতৰত ক্ৰম তালিকাত শীর্ষস্থানলৈ উন্নীত হয় গুকেশ। এইবাৰ সর্বকনিষ্ঠ হিচাপে বিশ্ব চেম্পিয়নৰ খিতাপ অর্জনেৰে তেওঁ ইতিহাস সৃষ্টি কৰিলে। বিজয়ৰ সূত্রে গুকেশে ১১.৪৫ কোটি টকা পুৰস্কাৰ লাভ কৰিব। ছিংগাপুৰত অনুষ্ঠিত প্রতিযোগিতাখনত এই ঐতিহাসিক বিজয়ৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুকেশলৈ অভিনন্দন জ্ঞাপন কৰে। গুকেশৰ এই সাফল্যৰ পিছতে সমগ্ৰ দেশৰ ক্ৰীড়া মহলত আনন্দৰ জোৱাৰ উঠিছে।