” বিশ্ব ডাকঘৰ দিৱস” – স্বাগতা বৰুৱা গোস্বামী

Pc- Youtube

” বিশ্ব ডাকঘৰ দিৱস”

মৰমৰ মইনাহঁত ৯ অক্টোবৰ “বিশ্ব ডাকঘৰ দিৱসৰ” বিষয়ে ক’বলৈ যোৱাৰ লগে লগে আমাৰ চিৰপৰিচিত শ্ৰদ্ধাৰ খগেন মহন্ত দেৱৰ কণ্ঠত নিগৰিত হোৱা “পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি”….,”কৈ যোৱা ডাকোৱাল খোজ কিয় কোৱাল,ৰুনুক জুনুক কিনো বাজে”…? ৰ দৰে কালজয়ী গীত দুটালৈ মনত পৰি নাযাই জানো??এই গীতবোৰত আছে আমাৰ মৰমৰ চিঠিখনিৰ কথা।চিঠি…এক মাদকতা পূৰ্ণ এখোপা বোজাৰ সমাহাৰ।য’ত থাকে মনৰ ভাব ,আশা -আকাংক্ষা..।আগৰ দিনত এই চিঠিৰ জড়িয়তে খবৰসমূহ আদান-প্ৰদান হৈছিল।ৰজাৰ দিনতো খবৰ আদান-প্ৰদান কৰিবলৈ কটকীৰ হাতত তুলি দিছিল চিঠি।আকৌ পাৰৰ পাখিত চিঠিখন গাঠিঁ দিওঁ খবৰ আদান-প্ৰদান কৰিছিল।আগৰ দিনত ডাকোৱাল অহাৰ সময়ত নঙলাৰ মূখত ৰৈ থাকে আপোনজনৰ বতৰা আহিব বুলি।কেতিয়াবা চাইকেলৰ টিলিঙা বাজিলেই ডাকোৱাল আহিছে বুলি পাকঘৰৰ পৰা দৌৰাদৌৰিকৈ বাহিৰলৈ যায় আমাৰ গৃহিনী গৰাকী।কাৰণ আগৰ দিনত আজিকালিৰ দৰে উন্নতমানৰ যোগাযোগৰ ব্যৱস্থা নাছিল।গতিকে ঘৰৰ খা-খবৰ ল’বলৈ একমাত্ৰ মাধ্যম আছিল এই চিঠিখনেই।এক অৰ্থত ক’বলৈ গ’লে চিঠিখনেই বহু ঘটনা-পৰিঘটনাৰ সাক্ষৰ বহন কৰা মাধ্যম আছিল।লাহে লাহে বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দ্ৰুত প্ৰসাৰৰ লগে লগেই আমাৰ মাজৰ পৰা মাদকতা ভৰা চিঠিখনৰ জনপ্ৰিয়তা কমি আহিবলৈ ধৰিলে তাৰ ঠাই ল’লে ফোনটোৱে।কাৰণ ফোনটোত ঠাইতে এটা টিপা মৰিলেই হ’ল নিমিষতে ই গড়গাঁও পাইযাইগৈ।কিন্তু যিসকলে এই চিঠিৰ আমেজ পাইছিল,তেওঁলোকৰ মনত আজিও চিঠিখনৰ প্ৰতি দুৰ্বলতা থকা দেখা যায়। মইনাহঁত তোমালোকে চাগৈ ভাবি আছা এই চিঠিখননো ডাকোৱাল জনে ক’ৰ পৰা কেনেকৈ আদান-প্ৰদান কৰে?এই চিঠিখন ডাকঘৰ(Post Office)ৰ জড়িয়তে আদান-প্ৰদান হয়।ভাৰতত প্ৰথম ডাকসেৱা আৰম্ভ হৈছিল বিট্ৰিছৰ লৰ্ড ডেলহাউচীৰ দিনত।এই ডাকঘৰৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে আজিৰ দিনটোত অৰ্থাৎ ৯অক্টোবৰ দিনটো “বিশ্ব ডাকঘৰ দিৱস” হিচাপে পালন কৰা হয় আৰু ১০ অক্টোবৰ দিনটো ৰাষ্ট্ৰীয় “ডাকসেৱা দিৱস” হিচাপে পালন কৰা হয়।ভাৰতৰ মুম্বাইত প্ৰথম ডাকঘৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু অসমৰ গোৱালপাৰা জিলাত প্ৰথম ডাকঘৰ প্ৰতিষ্ঠা হৈছিল।এই ডাকঘৰৰ লগত জড়িত থকা এটা মুল্যবান বস্তু হৈছে ডাক টিকট।১০ অক্টোবৰত ডাক টিকট প্ৰকাশ কৰা হয়।১৮৫২ চনত পাকিস্তানৰ অন্তৰ্গত সিন্ধু প্ৰদেশত প্ৰথমে ডাকটিকট প্ৰকাশ পাইছিল।এই ডাকটিকটৱেই এছিয়া মহাদেশৰ প্ৰথম ডাক টিকট আছিল আৰু গ্ৰেট ব্ৰিটেইনত প্ৰথম ডাকটিকট প্ৰচলন হৈছিল।যদিও চিঠিখনৰ প্ৰচলন দিনে দিনে কমি আহিছে তথাপিও কিন্তু ডাকঘৰৰ গুৰুত্ব এতিয়াও কমা নাই।ডাকঘৰৰ জড়িয়তে বিভিন্ন নথি পত্ৰ,পাৰছেল আদি আদান-প্ৰদান কৰা হয়।তাৰোপৰি ডাকঘৰৰ জড়িয়তে মানুহে সঞ্চয়ো কৰিব পাৰে।আজি “ডাকঘৰ দিৱসৰ”দিনা আমি সকলোৱে ডাকঘৰৰ প্ৰতি সন্মান জনাওঁ আহা।

স্বাগতা বৰুৱা গোস্বামী
৮৭২১৮৮০৮২৪