বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে তনভি শৰ্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাত ইতিহাস গঢ়াৰ লক্ষ্যৰে ভাৰতৰ তনভি শর্মাই ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ইতিহাস গঢ়াৰ এই সুযোগ বাস্তৱায়িত কৰিব নোৱাৰিলে তনভি শর্মাই। আমিনগাঁৱৰ নেচনেল চেণ্টাৰ অৱ এক্সিলেন্সত অনুষ্ঠিত প্রতিযোগিতাখনৰ ফাইনেলখনত তেওঁ থাইলেণ্ডৰ প্ৰতিযোগীৰ হাতত পৰাজয় বৰণ কৰে। থাইলেণ্ডৰ প্ৰতিপক্ষ আনিয়াপাট ফিছিটপ্ৰিছাছাকৰ হাতত তনভি ৭-১৫, ১২-১৫ ছেটৰ ব্যৱধানত পৰাজিত হয়। ফলত তেওঁ ৰূপৰ পদকতে সন্তুষ্ট থাকে। উল্লেখ্য যে ভাৰতৰ তৃতীয়গৰাকী বেডমিন্টন খেলুৱৈ হিচাপে জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছিল তনভিয়ে। কিন্তু তেওঁ স্বর্ণ জয় কৰাত ব্যর্থ হয়। অৱশ্যে সুদীর্ঘ ১৭ বছৰৰ পিছত তনভিৰ জৰিয়তে প্ৰথমবাৰলৈ ভাৰতলৈ আহে ৰূপৰ পদক। ইয়াৰ পূৰ্বে ছাইনা নেহৱালে ২০০৮ চনত স্বর্ণ পদক অৰ্জন কৰিছিল। ২০০৬ চনত খেলুৱৈগৰাকীয়ে লাভ কৰিছিল ৰূপৰ পদক। ইয়াৰ পূৰ্বে ১৯৯৬ চনত ৰূপৰ পদক অর্জন কৰিছিল আন এগৰাকী ভাৰতীয় তাৰকা শ্বাটলাৰ অপর্ণা পোপটে। ফাইনেল খেলখনত আৰম্ভণিৰ পৰাই দুয়োগৰাকী খেলুৱৈয়ে আগ্রাসী ক্রীড়াশৈলী প্রদর্শন কৰিছিল। দুয়োগৰাকী খেলুৱৈয়ে সমানে সমানে যুঁজ দি পইণ্টৰ ব্যৱধান ৪-৪ কৰিছিল যদিও এটা সময়ত বিপক্ষ খেলুৱৈগৰাকীয়ে ১০-৫ পইণ্টত আগবাঢ়ি যায়। ইয়াৰ পিছত প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে তনভিয়ে। অৱশ্যে দ্বিতীয় গেমত তনভিয়ে ৬-১ পইন্টত অগ্রগতি লাভ কৰিলেও খেলৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে। ৯-১৩ ব্যৱধানত পিছপৰি থকাৰ সময়ত ওভতাৰ চেষ্টা কৰিছিল যদিও তনভিৰ বাবে সেয়া সম্ভৱ নহ’ল। উল্লেখ্য যে ছেমিফাইনেলত প্ৰৱেশৰ পিছত সকলোৱে আশা কৰিছিল যে ১৭ বছৰৰ পিছত ভাৰতীয় মহিলা শ্বাটলাৰ ৰূপে দেশলৈ স্বর্ণ পদক কঢ়িয়াই আনিব।