বিশ্ব জয়ৰ গীত
ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি,ধমন,টিংখাং,ডিব্ৰুগড়
এই দেশৰ প্ৰকৃতিৰ স’তে
ওপজাৰে পৰা মিতিৰালি পাতি
বিশ্ব জয়ৰ গীত গাই গ’ল !
অসামান্য কল্পনাই প্ৰেৰণা যোগাই
পৰিধিৰ পাৰ ভাঙি
সাজিছিল প্ৰেমৰ পঁজা
এতিয়া তেওঁ সুৰৰ দেউল সাজি ৰ’ল !
তেওঁৰ আদেশত গছ-পাতে কথা পাতে
প্ৰকৃতিৰ সৌন্দৰ্যই আবৰি ৰাখে
ভুল দেখিলেই প্ৰতিবাদ কৰে
জীৱ-জন্তুৱে কোঁচ ভৰি থাকে ।
প্ৰতিটো মুহুৰ্ততে সান্নিধ্য বিচাৰে
কোনো কথাতে খাতিৰ নকৰে
সেই মানুহজনেই সাগৰৰ বুকুত
হাৰি যাব লগা হ’ল
তেওঁ নিজৰ জীৱনৰ পথ সজাই
সুৰৰ লহৰত উটি-ভাহি গৈছিল
সেইজনেই কিন্তু মৃত্যুৰ ধুমুহাত
নিৰৱ হৈয়ে ৰ’ল
উস্ ! কি ভয়ংকৰ মৃত্যু…
অকালতে
সাগৰত বন্ধু-বৰ্গৰ অতপালিত
প্ৰতাৰণাৰ ধুমুহা বলিল
সুৰেৰে উশাহ লোৱা মানুহজনক
সিদিনা উঠিবলৈ দিয়া নাছিল!
এয়ে নিয়তি !
শৰতৰ জোনাকে ভালপোৱা মানুহজন
জোনাকীৰ পিছে পিছে দৌৰে
আকাশে শব্দ বিলায়
প্ৰকৃতিয়ে সুৰ মিলায়
জীৱই আত্মাক চিনি পায়
নক্ষত্ৰলৈ তেওঁ চাই, হাঁহে মিচিকায় ।
চলচ্চিত্ৰ জগতত আপোনমনে
গীতৰ প্ৰাণে প্ৰাণে সপোন দেখে
জনতাৰ বাবেই ওৰে জীৱন
দিন-ৰাত্ৰি একাকাৰ কৰে
নিজকে মিলাই গ্ৰাম্য জীৱন শৈলীৰে ।
কিন্তু ,এটা দালালৰ দলে
তেওঁক চোবাই পেলালে
আসুৰিক আঙুলিবোৰে
সেন্দুৰীয়া ওঁঠত আঘাত হানিলে !
প্ৰতি প্ৰভাতত ফুল বুটলি আনি
মংগল ধ্বনিৰে গোৱা জয়গান
তেওঁ এই বিশ্বৰ জনতাৰ ভগৱান
জীয়া গীতৰ আমি ৰাখিম মান ।