বিশ্ব চেম্পিয়ন গুকেশক পৰাস্ত কৰিলে প্রজ্ঞানন্দই
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি নেদাৰলেণ্ডত অনুষ্ঠিত টাটা ষ্টীল মাষ্টাৰ্ছৰ খিতাপ দখল কৰিছে যুৱ ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই। গুকেশক পৰাস্ত কৰি চমক সৃষ্টি কৰাই নহয়, ২০০৬ চনৰ পিছত এই প্রতিযোগিতাৰ খিতাপ জয় কৰা প্রথমজন ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ হিচাপেও পৰিগণিত হয় প্রজ্ঞানন্দ। তেওঁৰ পূৰ্বে ভাৰতৰ কিংবদন্তি গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দই এই খিতাপ দখল কৰিছিল। ১৪গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰা প্রতিযোগিতাখন ৰাউণ্ড ৰবীন ফর্মেটত অনুষ্ঠিত হৈছিল। ত্রয়োদশ ৰাউণ্ডৰ পিছত গুকেশ আৰু প্রজ্ঞানন্দই সমতা স্থাপন কৰে। এনে পৰিস্থিতিত চূড়ান্ত বাউণ্ডত দুয়োৰে মাজত প্রতিদ্বন্দ্বিতা হয় আৰু গুকেশক পৰাস্ত কৰি খিতাপ অর্জন কৰে প্ৰজ্ঞানন্দই।