বিশ্ব খনিকৰ বিশ্বকৰ্মা
নিবেদিতা হাজৰিকা,
লখিমপুৰ
বিশ্বকৰ্মা পূজা বা বিশ্ব জয়ন্তী হৈছে হিন্দু ধৰ্মৰ এটি ধৰ্মীয় উৎসৱ।এই পূজা হিন্দুৰ স্থাপত্য দেৱতা বিশ্বকৰ্মাৰ সন্তুষ্টি লাভৰ বাবে কৰা হয়। উল্লেখ্য যে বিশ্বকৰ্মা হিন্দু ধৰ্মত এজন দেৱতা ,যাক শিল্প, স্থাপত্য আৰু যন্ত্ৰৰ দেৱতা বুলি জনা যায় ।তেওঁ বিশ্বৰ সৃষ্টি আৰু পাালন কৰা ব্ৰহ্মাণ্ডৰ দৈৱিক স্থপতি ,অভিযন্তা আৰু শিল্পী হিচাপে পৰিচিত। ঐশ্বৰিক নগৰ কুৰুক্ষেত্ৰ, দ্বাৰকা আৰু ইন্দ্ৰপ্ৰস্থৰ সৃষ্টি বিশ্বকৰ্মাৰে সৃষ্টি। ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ ঝাৰখণ্ড,উৰিষ্যা তথা ত্ৰিপুৰা আদি ৰাজ্য তথা বিভিন্ন প্ৰদেশত প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিত বা কণ্যা সংক্ৰান্তিত (ছেপ্তেম্বৰ ১৭/ ১৮) তাৰিখে এই পূজা সমগ্ৰ ভাৰততে বিধি অনুসৰি পালন কৰা হয়। উত্তৰ ভাৰতত এই পূজাৰ মহত্ব আছে।
এই পূজা বিশেষত: কল-কাৰাখানা, ব্যৱসায়িক প্ৰতিষ্ঠান তথা নিজ বাসগৃহতো এই পূজাৰ আয়োজন কৰা হয়।সেইদিনা কল-কাৰাখানাৰ দৈনন্দিন কাৰ্যসূচী সমূহ বন্ধ থাকে আৰু সকলো কৰ্মচাৰীয়ে হৰ্ষ উল্লাস আৰু আনন্দৰ মাজেৰে বিশ্বকৰ্মাৰ পূজা আয়োজন কৰে। বিশ্বকৰ্মা পূজা কেৱল এক ধৰ্মীয় উৎসৱেই নহয়, ই কাৰুকাৰ্য, সৃষ্টিশীলতা আৰু দক্ষ শ্ৰমিকৰ প্ৰতীক। বিশ্বকৰ্মাৰ মূৰ্তি প্ৰতিষ্ঠা কৰি ইয়াৰ আৰাধনা কৰে।প্ৰবাদ আছে যে দেৱতা সকলৰ খনিকৰ, বিশ্ব নিৰ্মাতা খনিকৰ বিশ্ব কৰ্মাই প্ৰাচীন কালত যিমান খিনি ৰাজধানী আছিল কুণ্ডিলৰ পৰা দ্বাৰকা নগৰ পৰ্যন্ত সকলো খিনিয়েই নিৰ্মাণ কৰিছিল।বিশ্বকৰ্মা পুৰাণ অনুসৰি নাৰায়ণে প্ৰথমে ব্ৰহ্মা আৰু তাৰ পাছত বিশ্বকৰ্মাৰ সৃষ্টি কৰিছিল।কথিত আছে যে পাণ্ডৱ সকলৰ মায়া সভা, ৰামায়ণত উল্লেখ থকা ব্ৰহ্মাৰ পুষ্পক ৰথ , দেৱতা সকলৰ চলাচলৰ বাবে বিভিন্ন বাহন, দেৱপুৰী আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, কাৰ্তিকৰ শক্তি, ইন্দ্ৰৰ বজ্ৰপাত আদি এই সকলো খিনি বিশ্বকৰ্মাৰে সৃষ্টি।স্বৰ্গীয় সূত্ৰধৰ বিশ্বকৰ্মা পুৰীৰ বিখ্যাত জগন্নাথ মুৰ্তিৰো নিৰ্মাণকৰ্তা।
সেইদিনা নিৰ্মাণ -সৃজনৰ দেৱতা , বিশ্বৰ প্ৰথম অভিযন্তা, ঈশ্বৰৰ অভিযন্তা, যন্ত্ৰৰ ঈশ্বৰ বিশ্বকৰ্মাৰ পূজা অৰ্চনা কৰাৰ অন্তত প্ৰসাদ, মিঠাই, ভোগ , খিচিৰি আদি আপ্যায়ন কৰা হয়। সেইদিনা পুৱাৰে পৰা বিশ্ব খনিকৰৰ বন্দনাৰে সমগ্ৰ ৰাজ্য মুখৰিত হৈ থাকে।ঠায়ে -ঠায়ে সেইদিনা দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন মনোৰঞ্জন মূলক খেল- ধেমালী , দিহানাম, ভাওনা আদিও প্ৰদৰ্শন কৰা হয়।
এক উন্নত ভৱিষ্যতৰ বাবে , কৰ্মৰ সুৰক্ষাৰ বাবে , দক্ষতা বৃদ্ধিৰ বাবে , নিজ-নিজ ক্ষেত্ৰত সফলতাৰ বাবে,তেওঁলোকৰ জীৱিকা সুৰক্ষিত ৰাখিবৰ বাবে পালন কৰা এই বিশ্বকৰ্মা পূজা মূল:ত বিভিন্ন যন্ত্ৰৰ পূজা কৰা হয়। অৱশ্যে বিভিন্ন জীৱিকাৰ লগত জড়িত ব্যক্তি বা অনুষ্ঠান সমূহতো এই উৎসৱ ভাগ ধাৰ্মিক তথা ভক্তি ভাৱেৰে পালন কৰা হয়। বিশ্বকৰ্মা পূজা হৈছে নিজৰ দক্ষতাৰ জৰিয়তে বিশ্বৰ উন্নয়নত অৰিহনা যোগোৱা সকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক সন্মান জনোৱাৰ দিন।