বিশ্ব কৰ্কট দিৱস উপলক্ষে হেল্ থ চিটি হাস্পতালৰ সজাগতা কাৰ্যসূচী

বিশ্ব কৰ্কট দিৱস উপলক্ষে হেল্ থ চিটি হাস্পতালৰ সজাগতা কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব কৰ্কট দিৱস উপলক্ষে হেল্ থ চিটি হাস্পতালৰ উদ্যোগত মঙলবাৰে এটা সজাগতা কাৰ্যসূচী গ্ৰহন কৰা হয়। সমগ্ৰ বিশ্ব তথা অসম, উত্তৰ-পূৰ্ৱাঞ্চলত কৰ্কট ৰোগৰ হাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি হাস্পতালখনৰ উদ্যোগত এটা কৰ্কট ৰোগৰ সজাগতা মূলক ৰেলী উলিওৱা হয়। হাস্পতাখনৰ পৰা এই ৰেলী সামদল আৰম্ভ হৈ এক কিলোমিটাৰ বাট অতিক্ৰম কৰি পুনৰ হাস্পতাললৈ উভতি আহে। এই কাৰ্যসূচীত হেল্ থ চিটি হাস্পতালৰ কৰ্মচাৰী, বিষয়ববীয়াসকলে কৰ্কটৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন সজাগতামূলক প্লে-কাৰ্ড লৈ ৰাইজৰ মাজত কৰ্কট ৰোগৰ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। উল্লেখ‍্য, এই বৰ্ষৰ বিশ্ব কৰ্কট দিৱসৰ থিম হৈছে ‘ ইউনাইটেড ৱাই ইউনিক’।