বিশ্ব কবিতা দিৱস-  চন্দ্ৰ শেখৰ পৰাজুলী

Pc Current Affairs
বিশ্ব কবিতা দিৱস
   প্ৰত্যেক বছৰে ২১ মাৰ্চ তাৰিখে বিশ্ব কবিতা দিৱস পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক’ই (UNESCO, The United Nations Educational, Scientific and Cultural Organization) ১৯৯৯ চনত কৰিছিল। আগতে এই দিনটো ৰোমান কবি ভাৰ্জিল, (কাব্য ইনীদৰ ৰচক) -অৰ জন্মদিন ১৫ অক্টোবৰৰ লগত সংগতি ৰাখি কেতিয়াবা অক্টোবৰৰ ৫ তাৰিখেও পালন কৰা হৈছিল। স্থানসাপেক্ষে অক্টোবৰৰ অন্য তাৰিখ বা নৱেম্বৰতো ইয়াক পালন কৰা হয়। পুব্লিয়াছ ভাৰ্জিলিয়াছ মাৰো বা ভাৰ্জিল (খ্ৰীষ্টপূৰ্ব ৭০-১৯) আগষ্টান যুগৰ এজন প্ৰাচীন ৰোমান কবি আছিল। কিন্তু আমাৰ ভাৰতৰ ইতিহাসত কবি বা কবিতা কোনো নতুন বিষয় বস্তু নহয়। কাৰণ আমাৰ আদি কবি বাল্মীকিৰ হাততেই অৰ্থাৎ পুণ্যভূমি ভাৰতবৰ্ষতেই পোন প্ৰথমে কবিতাৰ জন্ম হৈছে। বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি আছিল, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল।বাল্মিকীক  আদিকবি বুলিও জনা যায়।
                গতিকে  সকলো তথ্যবোৰ চালি-জাৰি চালে আমি গম পাওঁ বিশ্বৰ প্ৰথমজন কবি আৰু বিশ্বৰ প্ৰথমতম কবিতা আমাৰ দেশ ভাৰতবৰ্ষতে সৃষ্টি হৈছিল। কিন্তু কালাক্ৰমান্তত গোটেই বিশ্বজুৰি জ্ঞানৰ পোহৰ বিয়পাই তোলা আমাৰ সুণালী ভাৰতৰ ইতিহাসতৰ বুকুতে দমন কৰি দিয়াৰ অপাৰ চেষ্টা কৰা হয় আৰু বৰ্তমানেও এই চেষ্টা অব্যাহত আছে। কিন্তু ভাৰতৰ সৃষ্টিৰ ইতিহাস অনাদি কালৰ পৰাই আৰম্ভ। এতিয়া কথা হ’ল,বৰ্তমান সময়ত  UNESCO দ্বাৰা ধাৰ্য কৰি দিয়া বিশেষ দিনটোতে বিশ্ব কবিতা দিৱস পালন কৰা হয় । আৰু আমি ইয়াক সকলোৱে সমৰ্থন কৰিবলৈ বাধ্য নহয়নে? । কিন্তু আমি ভাৰতীয় হিচাপে আমাৰ ইতিহাসৰ প্ৰকৃত তথ্য সমূহ পুনৰ বিশ্বৰ আগত উজাগৰ কৰিবলৈ আমি কেতিয়া সক্ষম হ’ম ?।
                চন্দ্ৰ শেখৰ পৰাজুলী
                বিশ্বনাথ চাৰিআলি, অসম