“বিশ্ব কবিতা দিৱস ” আৰু ইয়াৰ তাৎপৰ্য – নাছিৰ আহমেদ

বিশ্ব কবিতা দিৱস ” আৰু ইয়াৰ তাৎপৰ্য

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

 

১৯৯৯ চনৰ ২১ মাৰ্চত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘই ইউনেস্কোৰ (UNESCO) কাৰ্যালয় পেৰিছত “বিশ্ব কবিতা দিৱস ” (world Poetry Day) উদ্ যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইয়াৰ পিছত প্ৰতি বছৰে বিশ্বৰ সকলো দেশে এই দিৱসটি বিভিন্ন কাৰ্যসূচীৰে পালন কৰি আহিছে।

“বিশ্ব কবিতা দিৱস ” ( World Poetry Day) উদ্ যাপন কৰাৰ মূল উদ্দেশ্য আৰু লক্ষ্য হ’ল, কবিতা সৃষ্টি, কবিতা প্ৰকাশ আৰু কবিতা পাঠ। লগতে জনগণক কবিতাৰ জৰিয়তে শিক্ষাৰ গুণগত মানদণ্ডক বিকাশ কৰা।

ভাষাগত বিভিন্নতাক ঐক্যৱদ্ধ কৰা আৰু লুপ্তপ্ৰায় ভাষাক জীৱিত কৰাৰ উদ্দেশ্যে কবিতাক মাধ্যম হিচাপে গণ্য কৰা। এই দিৱসটি পালন কৰাৰ মাধ্যমৰে জাতীয়, আঞ্চলিক আৰু আন্তৰ্জাতিক পৰ্যায়ক একত্ৰিত কৰি এক ছত্ৰছায়াৰ তলত বিশ্ববাসীক পৰিচয় প্ৰদান কৰাই ইয়াৰ মূল উদ্দেশ্য। কাৰণ, কবিতা হৈছে মনৰ সূক্ষ্ম অনুভূতিক শক্তিশালী ৰূপত প্ৰকাশ কৰাৰ মাধ্যম। ই সুকুমাৰ কলা। কলাৰ উদ্দেশ্য আনন্দ-বিনোদন দান যদিও কবিতা হৈছে সত্য শিৱ আৰু সুন্দৰৰ সমন্বয়। কবিতাৰ মাজেৰে সত্য প্ৰতিভাত হয় আৰু সমাজৰ মঙ্গল সাধন হয়। সমাজৰ সত্য আৰু মঙ্গলময় সত্ত্বাক কবিতাৰ কাব্যিক সৌন্দৰ্য্যৰ মাজেৰে তাক ধুনীয়াকৈ ফুটাই তোলা এটি কবিতাৰ মূল বৈশিষ্ট্য।

এজন কবিয়ে সৃজনীশীল প্ৰতিভাৰ জৰিয়তে কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰে। কবিতা সৃষ্টিৰ মাজেৰে সমাজৰ কলা কৃষ্টি সংস্কৃতি, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি,ধৰ্ম, দৰ্শন বিজ্ঞান আদি সামগ্ৰিক ভাবে সকলো ক্ষেত্ৰক স্পৰ্শ কৰি পৰশমণি পাথৰৰ স্পৰ্শত লোহাক সোণলৈ পৰিৱৰ্তন কৰাৰ দৰে আমূল পৰিবৰ্তন সাধন কৰিব পাৰে।

সেই কাৰণে ৰোমান্টিক যুগৰ ইংৰাজী কবি উইলিয়াম ৱৰ্ডচৱৰ্থ(Wilium Wordsworth আৰু কলেৰিজে(Coleridge) ” Lyrical Ballades” নামৰ কবিতা লিখিবলৈ কবিতা সম্পৰ্কে মত পোষণ কৰিছে যে, ” Poetry is the spontaneous overflow of powerful feelings (Wordsworth) অৰ্থাৎ কবিতা হ’ল হৃদয়ৰ শক্তিশালী ভাৱৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। টমাছ মিলৰ মতে, “Poetry is the thought and words in which emotion spontaneously embodies itself.” কবিতা হ’ল চিন্তা আৰু শব্দৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। কাৰ্লাইলৰ মতে, ” Poetry is the musical thought.” কবিতা হ’ল সাংগীতিক ভাৱ-চিন্তাৰ বাহক। শ্বেলীৰ মতে, ” Poetry is the expression of imagination.” কবিতা হ’ল কল্পনাৰ সুপ্ৰকাশ। কলেৰিজৰ মতে, ” Poetry is the best words with the best order.” কবিতা হ’ল সুবিন্যস্ত ভাবে প্ৰকাশ কৰা উৎকৃষ্ট শব্দমালা। সাংস্কৃতিক আলঙ্কাৰিক বিশ্বনাথৰ” মতে ৰসাত্মকং বাক্যং কাব্যম” ৰসযুক্ত বাক্যই কাব্য।

পাশ্চাত্য আধুনিক সমালোচক মেথিউ আৰ্নল্ডয়ে কবিতাক ” Poetry is the art for art’s sake” বুলি মতবাদ আগবঢ়োৱা সমালোচকসকলক তীব্ৰ সমালোচনা কৰি কৈছে যে, “Poetry is the art for life’s sake ” অৰ্থাৎ কবিতা জীৱনৰ বাবে।” Criticism of life” কবিতা হ’ল জীৱনৰ সমালোচনা।

ইয়াৰ পৰাই বুজিব পাৰি যে, কবিতাৰ বিশালতা, গভীৰতা, আৰু বিচিত্ৰতা অসীম।

কবিতাৰ মাজেৰে চিৰন্তন সত্য প্ৰকাশ হয়। কিন্তু ধৰ্মীয় দাৰ্শনিক আৰু বৈজ্ঞানিক সত্যৰ লগত কবিতাৰ সত্যৰ পাৰ্থক্য দেখা যায়। ধৰ্ম বিশ্বাসৰ ওপৰত ভিত্তি কৰি, দৰ্শন আদৰ্শৰ ভিত্তিত আৰু বিজ্ঞান বিজ্ঞানাগাৰত পৰীক্ষাৰ দ্বাৰা বিশ্লেষণ, সংশ্লেষণ কৰি সত্যত উপনীত হয়। কিন্তু কবিয়ে সৃজনীশীল প্ৰতিভাৰ কল্পনাৰ দ্বাৰা (Creative imagination) সাধনাৰ বলত সকলো বস্তুৰ অন্তৰ্নিহিত মৌলিক সত্য আৰু সৌন্দৰ্য্যক (Aesthetic pleasure)উদ্ঘাটন কৰে। সেয়ে কবিৰ জগতখন (Poet’s Dreamland) ; য’ত বাৰ মাহেই চিৰসেউজ, চিৰ বসন্ত বিৰাজমান। প্ৰেমিকাৰ গালত জোনাক নামে , ৰিমঝিম ৰিমঝিম বৰষুণে সাঙ্গীতিক সুৰৰ মূৰ্চ্ছনা তোলে। চুলিকোচাত আবেলি আবেলি গোন্ধ।

সাম্প্ৰতিক যুগৰ আধুনিক কবিতাত গোটেই বিশ্বৰ সামাজিক, ৰাজনৈতিক অৰ্থনৈতিক আদি সকলো দিশ ধুনীয়াকৈ ফুটি উঠিছে। সেয়ে সকলো কবি এখন বিশেষ দেশৰ বাসিন্দা হোৱা সত্ত্বেও তেওঁ বিশ্ব কবি । আধুনিক কবিতাৰ গঠন প্ৰণালীও বিচিত্ৰ ধৰণৰ। মুক্তক ছন্দ, স্পন্দিত গদ্য, পুৰণি আখ্যানসমূহ মিথ প্ৰয়োগ কৰি আধুনিক সমাজৰ চিত্ৰ অংকন। ন ন উপমা , প্ৰতীক, চিত্ৰকল্প, জাপানী হাইকু আদি বিভিন্ন দেশ-বিদেশৰ‌ উৎসৰ পৰা বিষয়বস্তু সংগ্ৰহ কৰা হয় বাবে কবিতাৰ মাজেৰে আঞ্চলিক ভাৱধাৰা অগ্ৰসৰ হৈ জাতীয়তাবাদী ভাৱধাৰালৈ উত্তৰণ হৈ আন্তৰ্জাতিক ভাৱধাৰাক প্ৰতিনিধিত্ব কৰে।

২০২৪ চনৰ ২১ মাৰ্চৰ ” বিশ্ব কবিতা দিৱস” ৰ (World Poetry Day) প্ৰতিপাদ্য (Theme) বিষয় হ’ল , অতীতৰ বিখ্যাত কবিৰ অনন্য নিদৰ্শনৰ মাজেৰে সাংস্কৃতিক জগতত এক ব্যাপক প্ৰভাৱ পেলোৱাৰ কবিতা সৃষ্টিৰ মাজেৰে এক পদচিহ্ন অংকন কৰা। এই দিৱসটি পালনৰ মাজেৰে অনন্য আৰু একক প্ৰচেষ্টাৰে সৃজনীমূলক, বৌদ্ধিক, কলাত্মক ভাবে কাব্যিক সৌন্দৰ্য্যৰে ভৰপূৰ এটি কবিতা সৃষ্টি কৰি মানুহৰ এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ প্ৰবল অনুভূতিৰ সঞ্চাৰন কৰা। কবিতা হ’ল যেন বিশালাকায় অতি মানৱৰ ওপৰত থিয় হৈ পৃথিৱীৰ বুকুত বৈপ্লৱিক পৰিবৰ্তনৰ বাবেই সদৰ্পে ঘোষণা কৰা। “Genuine poetry can communicate before it understood এটি উন্নত মানদণ্ডৰ কবিতাৰ মৰ্ম উপলব্ধি কৰাৰ আগতে কবিতাটি সকলোৰে লগত যোগসূত্ৰ স্থাপন কৰিব পাৰে।

” Only the weak minded refused to be influenced by the literature and poetry” একমাত্ৰ দুৰ্বল মানসিকতাৰ মানুহে সাহিত্য আৰু কবিতাৰ প্ৰভাৱ অস্বীকাৰ কৰে।

গতিকে, বিভিন্ন ধৰণৰ কটেশ্বন, বাণী, লগো পষ্টাৰ ফটো আদিৰ মাজেৰে প্ৰতি বছৰে বিশ্বৰ সকলো দেশতে” বিভিন্ন কাৰ্যসূচীৰে” বিশ্ব কবিতা দিৱস ” (World Poetry Day ” উদ্ যাপন কৰাৰ মূল উদ্দেশ্য আৰু লক্ষ্য হ’ল, কবিতা সৃষ্টি, কবিতা প্ৰকাশ, কবিতা পাঠ কৰাৰ মাধ্যমৰে হৃদয়ৰ সূক্ষ্ম অনুভূতি আকৰ্ষণীয় ভাৱে প্ৰকাশ কৰি মানুহৰ অন্তৰত থকা কু-প্ৰবৃত্তিক সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণ কৰি সু-প্ৰবৃত্তিক জাগ্ৰত কৰি মানুহৰ মাজত থকা দয়া , দাক্ষিণ্য, প্ৰেম-প্ৰীতি,শ্ৰদ্ধা, ভালপোৱা, উদাৰতা,মহানতা, মানৱতা, কৰুণা, দেশাত্মবোধ, প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতি আকৃষ্ট হোৱা আদি মহৎ গুণসমূহৰ বিকাশ সাধন কৰি প্ৰত্যেক জন মানুহক একো একোজন মহামানৱ ৰূপে পৰিগণিত কৰাই হ’ল এই দিৱসটিৰ মূল তাৎপৰ্য।