বিশ্ব এইড্ চ দিৱস উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত সজাগতা অভিযান

বিশ্ব এইড্ চ দিৱস উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত সজাগতা অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  ১/১২/২০২৩ তাৰিখে বিশ্ব এইড্ চ দিৱস উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ উদ্যোগত এইডচ ৰোগৰ সংক্ৰমন আৰু প্ৰতিৰোধৰ বিষয়ে এক সজাগতা অভিযানৰ আয়োজন কৰা হয়। এই অভিযানৰ অন্তৰ্গত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এখনি বাটৰ নাট পৰিৱেশন কৰাৰ লগতে সজাগতামূলক বক্তৃতা প্ৰদান কৰে। চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই উদ্বোধন কৰা অনুস্থানটিত কমিউনিটি মেডিচিন বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ যুতিকা ওজাৰ লগতে বহু জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকে।