বিশ্বৰ সৰ্বাধিক ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্বৰ ক্ষেত্ৰত তৃতীয় স্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বাবে এক সুখবৰ। কেৱল এশিঙীয়া গঁড়েই নহয়, ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্বৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সমগ্ৰ বিশ্বৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ২০২৩-২৪ বৰ্ষত উন্নত প্রযুক্তিৰ কেমেৰাৰ জৰিয়তে চলোৱা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুঠ ১,৩০০ বর্গকিলোমিটাৰ এলেকাত ১৪৮টা ঢেঁকীয়াপতীয়া বাঘ পোৱা বুলি কাজিৰঙাৰ সঞ্চালক ড° সোণালী ঘোষে জানিবলৈ দিয়ে। পূব বন্যপ্রাণী সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ অধীনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বাঘৰ গণনা চলোৱা হৈছিল। প্ৰতি ১০০ বর্গকিলোমিটাৰত ১৮টাকৈ দুষ্প্রাপ্য ঢেঁকীয়াপতীয়া বাঘৰ বসতি পোৱা গৈছে বুলিও সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে, নতুন নতুন স্থানত ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতি লাভ কৰাটো এক ভাল লক্ষণ বুলি কয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° ঘোষে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২২ বৰ্ষত সম্পন্ন হোৱা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০৪টা বাঘ পোৱা গৈছিল। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমাজিক মাধ্যমযোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই কৃতিত্বৰ বিষয়ে সদৰী কৰে। আনহাতে, প্রধানমন্ত্রীয়ে দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৪৩ বিধ ঘাঁহনী চৰাইৰ উপস্থিতি লাভ কৰা বিষয়ে উল্লেখ কৰাটো সঞ্চালকগৰাকীয়ে এয়া অসমৰ বাবে আন এক গৌৰৱ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে।