বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা হিচাপে শীর্ষস্থানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত বাণিজ্য অনুসন্ধান কোম্পানী মর্নিং কনছাল্টৰ সমীক্ষাত বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা হিচাপে শীর্ষস্থান লাভ কৰিছে প্রধানমন্ত্রী মোদীয়ে। মর্নিং কনছাল্টৰ ‘ডেম’ক্রেটিক লীডাৰ এপ্ৰ’ভেল ৰেটিংছ’ৰ তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ শতাংশৰে শীর্ষস্থান লাভ কৰাৰ বিপৰীতে ৫৯ শতাংশৰে দ্বিতীয় স্থানত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জা ম্যায়ং। তাৎপৰ্যপূৰ্ণ যে বিশ্বৰ সৰ্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে তালিকাৰ অষ্টম স্থানহে লাভ কৰিবলৈ সক্ষম হৈছে। ট্রাম্পৰ এপ্ৰ’ভেল স্ক’ৰ ৪৫ শতাংশ। দেশজুৰি সাত দিন ধৰি চলোৱা গড় সমীক্ষাত প্রকাশিত তালিকাখনত প্রধানতঃ গণতান্ত্রিক দেশসমূহৰ মুৰব্বীৰ এপ্ৰ’ভেল স্ক’ৰ নিৰ্ধাৰণ কৰা হয়। তালিকাখনৰ তৃতীয় স্থানত ৫৭ শতাংশৰে আর্জেন্টিনাৰ জেভিয়াৰ মিলেই, ৫৬ শতাংশৰে কানাডাৰ মাৰ্ক কার্নি চতুর্থ স্থানত, ৫৪ শতাংশৰে অষ্ট্ৰেলিয়াৰ এন্থনী আলবানিজ পঞ্চম স্থানত, ৫৩ শতাংশৰে মেক্সিকোৰ ক্ল’ডিয়া চেইনবাম ষষ্ঠ স্থানত, ৪৮ শতাংশৰে ছুইজাৰলেণ্ডৰ কেৰিন কেলাৰ-ছুটাৰ সপ্তম স্থানত, ৪১ শতাংশৰে নৱম স্থানত পোলেণ্ডৰ ড’নাল্ড টাস্ক আৰু ৪০ শতাংশৰে ইটালীৰ জর্জিয়া মেল’নিয়ে দশম স্থান লাভ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীর্ষস্থান লাভ কৰাক লৈ বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মাল’বিয়াই কয় যে পুনৰ প্ৰধানমন্ত্ৰী মোদীয়ে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। ১০০ কোটিতকৈ অধিক ভাৰতীয় আৰু বিশ্বজুৰি লক্ষ লক্ষজনৰ শ্ৰদ্ধাৰ বাবেই প্রধানমন্ত্রী মোদীয়ে এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও প্রধানমন্ত্রীয়ে শীর্ষস্থান পোৱা তালিকাখন প্ৰচাৰ কৰি অভিনন্দন জনাইছে।