বিশ্বৰ কোনো নেতাই পাক আক্রমণ ৰুধিব নোৱাৰেঃপ্রধানমন্ত্রী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাত কোনো বিশ্ব নেতা কিম্বা দেশে আমাক ৰুধিব নোৱাৰে। আমাৰ নিজা পদ্ধতিৰে আমি ব্যৱস্থা গ্রহণ কৰিছিলোঁ বুলি মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। চলিত সংসদৰ বর্ষাকালীন অধিৱেশনত লোকসভাত অপাৰেচন সিন্দূৰ বিতৰ্কত অংশ লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অপৰেচন সিন্দুৰক লৈ চৰকাৰৰ স্থিতি স্পষ্টকৈ দাঙি ধৰি বিৰোধী কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। লোকসভাত উদাত্ত ভাষণ প্রদান কৰি প্রধানমন্ত্রী মোদীয়ে পেহেলগাম আক্ৰমণৰ প্ৰত্যাঘাত ভাৰতৰ অপাৰেচন সিন্দূৰ নিৰ্ণায়ক আৰু স্বতন্ত্র, কোনো আন্তর্জাতিক হেঁচাৰ বাহিৰত। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদী আক্ৰমণৰ প্রত্যাঘাত ভাৰতে নিখুঁত অভিযানেৰে প্ৰতিশোধ লৈছে। আমাৰ সশস্ত্র বাহিনীয়ে ২২ মিনিটৰ ভিতৰত পেহেলগাম আক্ৰমণকাৰীৰ বিৰুদ্ধে নিখুঁত আক্রমণ চলাইছে যি অভিযানক লৈ সন্ত্রাসবাদৰ মাষ্টাৰমাইণ্ডে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। পেহেলগাম আক্ৰমণৰ বিৰুদ্ধে আন্তর্জাতিক সমর্থন লাভ কৰাৰ বাবে ভাৰতে সেই আক্ৰমণকাৰীৰ বিৰুদ্ধে সম্পূৰ্ণ স্বতন্ত্রভাবে প্রত্যাঘাত চলাইছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সমগ্ৰ বিশ্বৰ পৰা ভাৰতে সমর্থন পাইছে। দুর্ভাগ্যজনকভাৱে আমাৰ দেশৰ সৈন্যৰ শৌর্য-বীর্যক লৈ কংগ্ৰেছৰ পৰা সমর্থন নাপালে। দেশৰ সংকটৰ সময়ত বিৰোধী প্রধানকৈ কংগ্ৰেছ দলে দলীয় ৰাজনীতিৰ ঊর্ধ্বত উঠিব নোৱাৰিলে বুলি অভিযোগ কৰি প্রধানমন্ত্রী মোদীয়ে কংগ্ৰেছক সমালোচনা কৰে। ভাৰতৰ আক্ৰমণত আঘাতপ্রাপ্ত পাকিস্তানৰ বায়ুসেনা ঘাটি এতিয়াও আইচিইউত আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে চিৰবৈৰী ৰাষ্ট্ৰখনৰ যি ক্ষতিসাধন কৰিছে দীর্ঘদিন ধৰি সেই ক্ষতিগ্রস্ত আন্তঃগাঁথনি মেৰামতি কৰিবলৈ সময় লাগিব বুলি কয়। সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰা পাকিস্তানে অপাৰেচন সিন্দূৰৰ সময়ত কেৱল তিনিখন ৰাষ্ট্ৰৰ পৰা সমর্থন পাইছিল বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিয়ে বিশ্বৰ সকলো দেশেই সমর্থন লাভ কৰিছে। ইপিনে পাকিস্তানে নিউক্লিয়াৰ ব্লেকমেইলিং কৰি ভাৰতক শংকা দেখুৱাব খুজিছিল যদিও ভাৰতে সেই ব্লেকমেইলিঙক অৱজ্ঞা কৰি চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰখনক এশিকনি দিছিল বুলিও কয় প্রধানমন্ত্রী মোদীয়ে। সিন্দূৰৰ পৰা সিন্ধুলৈকে অপাৰেচনৰ প্ৰসংগ উল্লেখ কৰি পাকিস্তানে দেখুওৱা মৰ সাহৰ ফল সঠিকভাৱেই লাভ কৰিছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে। সিন্ধু জলচুক্তি স্থগিতকৰণেৰে ভাৰতে পাকিস্তানক কূটনৈতিকভারে মোক্ষম আঘাত হনাৰ পাছত অপাৰেচন সিন্দূৰেৰে সামৰিক ঘাটিও বিধ্বস্ত কৰি পেলালে বুলি কয় প্রধানমন্ত্রী মোদীয়ে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ আৰু পূৰ্বৰ চৰকাৰৰ স্থিতিৰ প্ৰসংগৰে প্রধানমন্ত্রী মোদীয়ে কয় যে পূৰ্বতে পাকিস্তানৰ সন্ত্রাসবাদীয়ে আক্রমণ কৰি যোৱাৰ পাছত চৰকাৰে কি পদক্ষেপ লৈছিল সেয়া সকলোৱে জানে। কিন্তু আজিৰ চৰকাৰে কি পদক্ষেপ গ্রহণ কৰি আছে সেয়া দেশবাসীয়ে বুজি উঠিছে। মন কৰিবলগীয়া যে পাকিস্তানৰ ভিতৰলৈ গৈ ২২ মিনিটৰ ভিতৰত পেহেলগাম আক্ৰমণকাৰীৰ মূল ঘাটি সশস্ত্র সেনাই বিধ্বস্ত কৰি পেলাইছিল। অপাৰেচন সিন্দুৰ ভাৰতৰ নতুন সামৰিক বাহিনীৰ ক্ষমতা বুলিও কয় প্রধানমন্ত্রী মোদীয়ে। ভাষণত প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বিজয় উৎসৱৰো সময় বুলি উল্লেখ কৰি ভাৰতৰ জনতা আৰু সেনাৰ শক্তি আৰু ঐক্যতাক প্রতিফলিত কৰিছে বুলিও কয়। তাৎপৰ্যপূৰ্ণ যে আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি হোৱা নাই বুলি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ দাবীক নস্যাৎ কৰে প্রধানমন্ত্রী মোদীয়ে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়- ৯ মে’ত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে মোক তিনি-চাৰিবাৰ ফোন কৰিছিল। সেনাৰ লগত আছিলোঁ মই আৰু সেই ফোন ধৰা নাছিলোঁ। পাছত ফোন কৰিলোঁ। তেওঁ কৈছিল পাকিস্তানে বৃহৎ আক্রমণ চলাব পাৰে। তেতিয়া মই উত্তৰ দিছিলোঁ- পাকিস্তানে যদি তেনে কৰে, তেতিয়াহ’লে তেওঁলোকৰ মহাবিপদ হ’ব। আমি প্রচণ্ড আক্রমণেৰে উত্তৰ দিম। বহুচৰ্চিত ট্রাম্পৰ দাবীক নস্যাৎ কৰি প্রধানমন্ত্রী মোদীয়ে পাকিস্তানৰ কাতৰ অনুৰোধৰ বাবেই যুদ্ধবিৰতি মানি লৈছিল বুলি কয়। এই যুদ্ধবিৰতিত তৃতীয় পক্ষৰ বিন্দুমাত্রও সম্পর্ক নাই বুলি স্পষ্ট কৰি দিয়ে প্রধানমন্ত্রী মোদীয়ে। পাকিস্তানৰ মিথ্যাচাৰ কংগ্ৰেছে দেশজুৰি প্ৰচাৰ চলাইছিল বুলিও ভাষণত দলটোক সমালোচনা কৰে প্রধানমন্ত্রী মোদীয়ে। পাকিস্তানে যি কয় তাকেই বিশ্বাস কৰে বুলি কংগ্রেছক সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয়- ৰাজনীতিত প্রাসংগিক হৈ থাকিবলৈ কংগ্ৰেছে পাকিস্তানৰ ওপৰতেই নিৰ্ভৰ হৈ থাকে। কংগ্রেছে পাকিস্তানক ক্লীনশ্বীটো দিছে। দলটো আচলতে ৰিম’ট কন্ট্র’লৰ দ্বাৰ চালিত। অপাৰেচন সিন্দূৰক লৈ সমগ্র বিশ্বই সমৰ্থন কৰিলেও কংগ্ৰেছে আমাৰ পক্ষলৈ অহা নাছিল। ছার্জিকেল ষ্ট্ৰাইক আৰু বালাকোট এয়াৰ ষ্ট্ৰাইকৰ সময়তো কংগ্ৰেছে প্রমাণ বিচাৰিছিল।