বিশ্বৰ এখন সৰু দেশ কাটাৰত ফুটবলৰ মহাৰণ

pc - The Janambhumi

বিশ্বৰ এখন সৰু দেশ কাটাৰত ফুটবলৰ মহাৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- কাটাৰত দেওবাৰৰ পৰা ফিফা বিশ্ব কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়৷ এইবাৰৰ প্ৰতিযোগিতাৰ খেলসমূহ সমগ্ৰ বিশ্বৰে প্ৰায় পাঁচ কোটি লোকে উপভোগ কৰিব৷ ফিফাৰ সভাপতি জিয়ানি ইনফেণ্টিনোৱে এই কথা প্ৰকাশ কৰে৷তেওঁ বিশ্বৰ নেতাসকলক তেওঁলোকৰ মাজত চলি থকা উত্তেজনা তথা সংঘৰ্ষ পৰিহাৰ কৰি বিশ্ব কাপ ফুটবলৰ আনন্দ উপভোগ কৰাৰ বাবে আহ্বান জনাইছে৷ উল্লেখযোগ্য যে কাটাৰ বিশ্ব কাপ ২০ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হয়৷ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত ইনফেণ্টিনোৱে কয় যে বিশ্ব কাপ সুখ আৰু একতাৰ এক বাৰ্তা হোৱা উচিত৷ বিশ্ব কাপে আশাৰ বাৰ্তা প্ৰেৰণ কৰা উচিত৷ফিফাৰ সভাপতিজনে লগতে কয় যে ফুটবল এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাম-কাজ, ইয়াৰ বিশ্ব পৰ্যায়ত মুঠ ঘৰুৱা উৎপাদন কেইবা কোটি আমেৰিকান ডলাৰ৷ ফুটবলে লাখ লাখ লোকক সংস্থাপন দিয়া বুলিও তেওঁ প্ৰকাশ কৰে৷ তেওঁ ফিফা বিশ্ব কাপ সমগ্ৰ বিশ্বৰে প্ৰায় ৫০০ কোটি লোকে উপভোগ কৰিব বুলি কয়৷উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব কাপ কেইবাটাও দিশৰ পৰা প্ৰথম৷ কাটাৰ বিশ্ব কাপ আটাইতকৈ ব্যয়বহুল হ’ব৷ প্ৰতিযোগিতাখন মুঠতে ২২০০০ কোটি ডলাৰ ব্যয় হ’ব ৷ ২০১৮ চনৰ বিশ্ব কাপত ব্যয় হৈছিল ১৫০০ কোটি ডলাৰ৷ মন কৰিবলগীয়া যে আৰবৰ দেশসমূহত প্ৰথমবাৰৰ বাবে বিশ্ব কাপ ফুটবলৰ আয়োজন কৰা হৈছে৷ফিফা বিশ্ব কাপৰ আয়োজন কৰা কাটাৰ হ’ল প্ৰথমখন মুছলিম বহুল দেশ৷ ২০০২ চনত জাপান আৰু দক্ষিণ কোৰিয়াই যুটীয়াভাৱে বিশ্ব কাপৰ আয়োজন কৰিছিল৷ ইয়াৰ পাছত দ্বিতীয়বাৰৰ বাবে এছিয়া মহাদেশত বিশ্ব কাপৰ আয়োজন কৰা হৈছে৷ কাটাৰত ১৯৬০ চনত ফুটবল সন্থা স্থাপন কৰা হৈছিল৷ইয়াৰ তিনি বছৰৰ পাছত দেশখন ফিফাৰ সদস্য হয়৷ ১৯৯০ চনত কাটাৰৰ ফুটবল দলটো বিশ্ব কাপৰ যোগ্যতা অৰ্জন কৰাৰ দিশত আগবাঢ়িছিল যদিও সফল হ’ব নোৱাৰিলে৷ এইবাৰ দলটোৱে প্ৰথমবাৰ বিশ্ব কাপত খেলিব৷ বিশ্ব কাপৰ আয়োজন কৰা কাটাৰ হ’ল বিশ্বৰ আটাইতকৈ সৰু দেশ৷ইফালে বিশ্ব কাপ চোৱাৰ বাবে কাটাৰলৈ সমগ্ৰ বিশ্বৰে প্ৰায় ১৫ লাখ ফুটবলপ্ৰেমীৰ সমাগম হ’ব বুলি আশা কৰা হৈছে৷ সাধাৰণতে বিশ্ব কাপ মে’-জুলাইৰ ভিতৰত অনুষ্ঠিত হয়৷ এইবাৰৰ বিশ্ব কাপ অনুষ্ঠিত হ’ব নৱেম্বৰ-ডিচেম্বৰত৷ আন কথাত প্ৰথমবাৰৰ বাবে শীতকালত বিশ্ব কাপৰ আয়োজন কৰা হৈছে।