বিশ্বায়ণৰ কবলত অসমীয়া ভাষা সংস্কৃতিঃচৰকাৰ আৰু জাতীয় সংগঠনৰ ভূমিকা- ধৰ্মেন্দ্ৰ বৰুৱা, বাইহাটা চাৰিআলি

pc-printrest

বিশ্বায়ণৰ কবলত অসমীয়া ভাষা সংস্কৃতিঃচৰকাৰ আৰু জাতীয় সংগঠনৰ ভূমিকা

ধৰ্মেন্দ্ৰ বৰুৱা

আজি একবিংশ শতিকাত চৌপাশে প্ৰতিধ্বনি হৈ থকা শব্দটোৱে হ’ল বিশ্বায়ণ।এই বিশ্বায়ণৰ হাতোৰাত আজি সমগ্ৰ বিশ্ব।বিশ্বায়ণৰ লেলিহান শিখাই আজি চৌপাশ চানি ধৰিছে।গাওঁ-ভূই,চহৰ-নগৰ সকলোতে আজি নিৰন্তৰ প্ৰতিধ্বনি হৈ আছে বিশ্বায়ণ।ইয়াৰ প্ৰভাৱত আজি সমগ্ৰ বিশ্ব এখন ক্ষুদ্ৰ গাঁ‌ৱলৈ ৰূপান্তৰিত হ’ল,হাতৰ মুঠিতে পৃথিৱীখনক ধৰি ৰাখিব পৰা হ’লো।এই বিশ্বায়ণৰ প্ৰভাৱতে আজি জ্ঞানৰ বিস্ফোৰণ,সভ্যতা-সংস্কৃতিৰ উত্তোৰণ,ভাষা-সংস্কৃতিৰ আদান- প্ৰদান আদি সহজলব্ধ হৈ পৰিল।হাতৰ মুঠিতে পৃথিৱীখন পাই আমি তথ্যৰে চহকী হলো,উচ্চ শিক্ষিত হলো,জীৱন ধাৰণৰ মানদণ্ডক উন্নতি কৰিলো।বিশ্বায়ণৰ অভূতপূৰ্ব দান ইণ্টাৰনেটে হেজাৰ দূৰত্বকো চুটি কৰি আনিলে,যাৰ বাবে কামবোৰ ক্ষিপ্ৰভাবে আগবাঢ়িল,বিশ্বৰ ভিন্ন প্ৰান্তৰ ভিন্ন তথ্য,বিশ্ব সাহিত্য-সংস্কৃতি,আচাৰ-ব্যৱহাৰ,লোকচাৰ,লোকসংস্কৃতি আদি খুৱ সহজে পোৱা হলো।ভিন্ন দেশৰ,ভিন্ন ঠাইৰ সংস্কৃতি,সমাজশৈলী আমি তুলনামূলক অধ্যয়ণ কৰিব পৰা হলো।তাৰোপৰি জ্ঞানৰ বিস্ফোৰণ,শিক্ষাৰ মহাজাগৰণে ভিন্ন ঠাইৰ সংস্কৃতি আদান-প্ৰদানৰ সেউজ সংকেত আনিলে।যাৰবাবে বিশ্বৰ ভিন্ন দেশে ভিন্ন ঠাইৰ সৈতে সংস্কৃৃতিৰ আদান-প্ৰদান কৰি মহামিলনৰ তীৰ্থ গঢ়িলে।এৰা-ধৰা নীতিৰে সংস্কৃতিৰ আদান -প্ৰদান কোনো নতুন কথা নহয়,ই বহু আগৰে পৰা চলি আহিছে যদিও বিশ্বায়ণে ইয়াক আৰু গভীৰ কৰি তুলিলে।ব্যাপক হাৰত সংস্কৃতিৰ আদান-প্ৰদান এটি শুভ লক্ষণ,ইয়ে বিভিন্ন দেশ,বিভিন্ন ঠাই উন্নতিত সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাই।তাৰোপৰি ইয়াৰ জৰিয়তে মিলাপ্ৰীতি,পৰস্পৰৰ সহযোগ,সামাজিক -মানসিক স্তৰৰ বিকাশ,ঐক্য,ভাতৃত্ববোধ আদিৰ জন্ম দিয়ে।

আজি বিশ্বৰ আন প্ৰান্তৰ দৰে অসমতো বিশ্বায়ণৰ জয়যাত্ৰা।অসমৰ চুকে কোণে আজি বিশ্বায়ণৰ লেলিহান শিখাই চানি ধৰিছে।এয়া অসমৰ দৰে এখন অনুন্নত ৰাজ্যৰ বাবে শুভ লক্ষণ,কাৰণ এই বিশ্বায়ণৰ ওপৰত ভৰ দিয়ে হয়তো অসমে উন্নতিৰ জখলাত উঠিব পাৰিব।কিন্তু,বিশ্বায়ণৰ পয়োভৰত পৰি আমি অসমীয়াই যেন বেছি আধুনিক হোৱাৰ উপক্ৰম হলো।আমি আজি প্ৰাত্যহিক জীৱনত আধুনিকতাক ইমানেই আকোৱালী ললো যে,আমি নিজস্বতাক হেৰুৱাই পেলালো।আজি আমাৰ অসমীয়া ভাষা-সংস্কৃতি বিপদাপন্ন।আধুনিকতাক দোহাই দি আমি আমাৰ অসমীয়াই অসমীয়া ভাষা কবলৈ লাজ কৰা হ’ল।আজি বহুতৰে ভ্ৰান্ত ধাৰণা গঢ় লৈ উঠিল অসমীয়া ভাষাত কথা পাতিলে প্ৰেষ্টিজ কমিব,সেয়েহে ল’ৰা-ছোৱালীক সৰুৰে পৰা মাতৃভাষাত কথা শিকোৱাৰ সলনী ইংৰাজী ভাষা শিকোৱাৰ মানসিকতা গঢ় লৈ উঠিল।যাৰ বাবে অতি দুৰ্ভাগ্যজনক ভাবে আজিৰ অধিকাংশ ল’ৰা-ছোৱালীৰ মাত ফুটাৰে পৰা ইংৰাজী ভাষা আখৈ ফুটা দি ফুটে,কিন্তু অসমীয়াৰ সাধাৰণ কথা এটাও কবলৈ অপৰাগ।ইয়াৰ সুবিধা লৈ আকৌ অসমৰ ভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠিল ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ।ইয়াৰে একাংশ বিদ্যালয়ত আকৌ অসমীয়া ভাষাক বেয়াধৰণে এলাগী কৰিছে আৰু বলপূৰ্বকভাবে ছাত্ৰ-ছাত্ৰীক অসমীয়া ভাষাৰ পৰা আঁ‌তৰাই ৰাখিছে।অভিজাত্যৰ ওফন্দি উঠা একাংশ অভিভাৱকে জাতীয় চেতনাক বিসৰ্জন দি ছাত্ৰ-ছাত্ৰীক এনে বিদ্যালয়ত পঢ়াইছে।এনেকুৱা অজস্ৰ কাৰণৰ বাবে আজি অসমতে অসমীয়া ভাষা অবহেলিত হৈ আহিছে।গতিকে এই ক্ষেত্ৰত চৰকাৰ আৰু অসমৰ জাতীয় সংগঠনবোৰে বলিষ্ঠ পদক্ষেপ হাতত লোৱা উচিত।যধে-মধে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত নাকি লগোৱাৰ লগতে এই বিদ্যালয়বোৰতো অসমীয়া ভাষাক বাধ্যতামূলক কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ণ কৰিব লাগে।চৰকাৰী -বেচৰকাৰী সকলো কাৰ্যলয়তে অসমীয়া ভাষা বাধ্যতামূলক কৰা উচিত।এই ক্ষেত্ৰত অসমীয়া জাতীয় সংগঠনবোৰৰো যথেষ্ট কৰণীয় আছে।বিশেষকৈ অসম সাহিত্যৰ জাতীয় অনুষ্ঠানবোৰৰ কৰিবলগীয়া বহুত আছে।অসম সাহিত্য সভাৰ লগতে আন আন সংগঠনবোৰে মানুহৰ মাজত গৈ অসমীয়া ভাষাৰ প্ৰতি সজাগ কৰিব লাগে।অসমীয়া ভাষাৰ ব্যৱহাৰ,প্ৰয়োগ আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভিন্ন ঠাইত সভা পাতি মানুহক বুজাব লাগে।

বিশ্বায়ণৰ গ্ৰাসত পৰি আজি অসমীয়া ভাষাৰ লগতে অসমীয়া সংস্কৃতিয়ো বিপদাপন্ন।বিশ্বায়ণৰ বতাহত উটি ভাহি মানুহে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি বেছি আকৃষ্ট হ’ল আৰু অসমীয়া সংস্কৃতিক এলাগী কৰিব ধৰিলে।আজিৰ প্ৰজন্মই বহুতেই অসমীয়া সাজ-পোছাক পিন্ধিব লাজ কৰে,অসমীয়া লোক সংস্কৃতিৰ বিষয়ে নাজানে।অসমৰ জাতীয় উৎসৱ বিহু সম্পৰ্কে বহুতৰ ধাৰণা শূন্য,কিন্তু এওলোকে পশ্চিমীয়া বুভিন্ন ডে’ পতাত সিদ্ধহস্ত।অসমীয়া লোক সংস্কৃতি যেন আজি বিলুপ্তিৰ পথত।লোকসংস্কৃতিৰ অংগ আইনান,বিয়ানাম,ওজাপালি আদিবোৰ যেন ক্ৰনে ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে।আজিৰ যুৱ প্ৰজন্মৰ এইবোৰৰ প্ৰতি অকণো আগ্ৰহ নাই।গতিকে,অসমীয়া সংস্কৃতিক ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে সূদুৰপ্ৰসাৰী পদক্ষেপ হাতত লোৱাতো খুৱেই দৰকাৰী।যুৱ-প্ৰজন্মক অসমীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিবলৈ স্কুলীয়া পাঠ্যক্ৰমত অসমীয়া সংস্কৃতিৰ বিষয় অন্তভূক্তি কৰিব লাগে।ইয়াৰ ওপৰত মাজে মাজে আলোচনা চক্ৰ পাতি মানুহক সজাগ কৰিব লাগে।তাৰোপৰি অসমীয়া লোকসংস্কৃতিৰ বিভিন্ন বিষয় ,যিবোৰ এতিয়াও কঠিত ৰূপত আছে সেইবোৰ মুদ্ৰিত ৰূপত প্ৰকাশ কৰিব লাগে।এই ক্ষেত্ৰত অসমৰ জাতীয় সংগঠনসমূহেও বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগে।তেওঁলোকে মানুহক অসমীয়া সংস্কৃতিৰ বিষয়ে সজাগ কৰাৰ লগতে সংৰক্ষণৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা উচিত।

অসমৰ প্ৰতিজন লোকে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি সজাগ হোৱা হোৱা উচিত।অসমত থাকি,অসমৰ বাযু -পানী সেৱন কৰি অসমীয়া ভাষা কব নোৱাৰাতো অতি লজ্জাজনক।সেয়ে প্ৰতিজন অসমীয়াই জাতীয় আবেগৰে আবেগিক হৈ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে হাত উজান দিয়া উচিত।তাকে নকৰি আমি যদি অসমীয়া ভাষা – সংস্কৃতিৰ পৰা আঁ‌তৰি থাকো,আমাৰ সতি-সন্তানক আঁ‌তৰাই ৰাখো তেতিয়া অসম জানো অসম হৈ থাকিব।সেয়েহে আজি আমি প্ৰতিজন অসমীয়াই সজাগ হোৱাৰ লগতে অসমীয়া ভাষা -সংস্কৃতিক জীয়াই ৰখাৰ বাবে বদ্ধপৰিকৰ হোৱা উচিত।আজি আমি সকলোৱে উপলব্ধি কৰা উচিত ড° ভূপেন হাজৰিকাদেৱৰ সেই অমৰ গীতৰ কলি-

“আজিৰ অসমীয়াই
নিজক নিচিনিলে
অসম ৰসাতলে যাব।”

ঠিকনা-
গাঁও-পাত্ৰপুৰ
ডাকঘৰ-কেন্দুৱা
থানা-বাইহাটা চাৰিআলি
জিলা-কামৰূপ
পিন-৭৮১১২১
ফোন-৯৩৬৫৪২৯৯৯৫