বিশ্বাস ভঙা ব্যক্তি এটা বিষাক্ত সাপৰ দৰে
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
বিশ্বাস শব্দটো বহুত সৰু। আপোনাৰ চৌপাশে কিমান তেনে ব্যক্তি আছে? যি আপোনাৰ বিশ্বাসৰ লগত খেল খেলে। আমি ভয় কৰিব লাগে তেনে ধৰণৰ ব্যক্তিক যি আপোনাৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰে। ভুল আপোনাৰ নাই, অৱশ্যে কিছু কষ্ট ভুগিব লগা হয়। আপোনাক কোনোবাই বিশ্বাস ভাঙিলে বুলিয়েই আপুনিও তেওঁৰ বিশ্বাস নাভাঙিব, আপুনি তেওঁৰ দৰে হোৱাৰ চেষ্টা নকৰিব।
প্ৰতিটো বিষাক্ত সাপ মানুহ ৰূপী ভালকৈ চিনি ৰাখক। সময়ৰ বাবে অপেক্ষা কৰক। বহুতেই ভাৱে আপোনাৰ সৰলতা তেনে মানুহৰ বাবে সুবিধা হৈ পৰে। সৰলতা ভুল নহয় ই আপোনাক মহান কৰে কিন্তু সময়ত সেই সৰলতা জটিলতালৈ পৰিবৰ্তন কৰাৰ চেষ্টা কৰক।
মৌনতা শ্ৰেষ্ঠ অলংকাৰ । বিশ্বাস ভঙা ব্যক্তিৰ পৰা আঁতৰি নিজক পৃথক কৰি চলাৰ চেষ্টা কৰক। স্বাৰ্থ পৰ মানুহেই বিশ্বাস বেছিকৈ ভাঙে তেনে ব্যক্তিক চিনাক্ত কৰক। কথা খিনি পঢ়ি থাকোঁতে হয়তো আপোনাৰ মনটো তেনে ব্যক্তিৰ চেহেৰা চাগে ভাঁহি উঠিছে । আপুনি অন্যায় নকৰিব যদি আপোনাক অন্যায় কৰিছেও তেনে সময়ৰ হাতত নিশ্চিত ভাৱে পৰাস্ত হ’বই সেই অন্যায় কৰা ব্যক্তিজন । সময়েই আমাক শিকাই, সময়েই আমাক বুজাই। বিশ্বাস ৰাখক সঁচাকৈ যি আপোনাৰ বিশ্বাসৰ মূল্য দিব জানে।