অণুগল্পঃ
বিশ্বাস অবিশ্বাস
ডেইজী বৰগোঁহাই
লণ্ডনত থকা একমাত্ৰ কন্যাৰ বিবাহ বিচ্ছেদৰ খবৰটো শুনাৰ দিনাৰ পৰা ইলা বৰুৱাই কেইবাদিনো মনৰ দুখত ভালকৈ খাব শুব পৰা নাই। কন্যা নিশিতাৰ দীৰ্ঘদিনীয়া প্ৰেমিক ডাক্টৰ আলোকৰে সৈতে মহা ধুমধামেৰে বিয়াখন পাতি দিয়া দুবছৰ হৈছিলহে মাত্ৰ.. । সেই দুখবোৰ পাতলাবলৈকে অলপতে তেওঁ , তেওঁৰ ওচৰলৈ অহা প্ৰিয় বান্ধৱী কল্পনা ফুকনক , প্ৰথমেই সকলো কথা গোপনে ৰাখিবলৈ অনুৰোধ কৰি হিয়া খুলি কৈ গৈছিল , কেনেকৈ লণ্ডনৰ এখন নামী হস্পিতালত কৰ্মৰত হৈ থকা দুই ডাক্টৰ জী- জোঁৱাইৰ মাজত ক্ৰমে আত্মাভিমানৰ বিষয়টোৱে বৃদ্ধি পাই কাজিয়ালৈ ৰূপান্তৰ হৈ শেষত বিবাহ বিচ্ছেদ ঘটিবলৈ পালে ইত্যাদি সবিশেষ কথা…। কথাবোৰ শুনি বান্ধৱীয়ে দুটোপাল অশ্ৰু নিগৰাই তেওঁক মন বেয়া কৰি নাথাকিবলৈ গভীৰ সমবেদনাৰে বহু উপদেশ দি , লগতে সকলো কথা গোপনে ৰখাৰ প্ৰতিশ্ৰুতি দি দুখ মনেৰে বিদায় ল’লে…। তাৰ দুদিনমানৰ পিচতে ৰাতিপুৱাই ফোন এটা অহাত ইলা বৰুৱাই ফোনটো উঠোৱাৰ লগে লগে ইফালৰ পৰা ভাঁহি আহিল তেওঁৰে আন এগৰাকী বান্ধৱী নমিতা দুৱৰাৰ গভীৰ সমবেদনা ভৰা কণ্ঠত… “ইলা তোমাৰ ছোৱালীৰ খবৰটো শুনি মনতে বৰ বেজাৰ লাগিল । সঁচাকৈয়ে ভবাই নাছিলো তাইৰ যে ইমান সোনকালে ডিভোৰ্চ হ’ব…..।”