বিশ্বাসে মিলয় হৰি – ৰাতুল চন্দ্ৰ কলিতা

PC - Gardener's Supply

বিশ্বাসে মিলয় হৰি

ৰাতুল চন্দ্ৰ কলিতা , (শুৱালকুছি) শিক্ষক

মোৰ ঘৰৰ পৰা গাড়ীৰে দুঘণ্টা মানৰ বাট, ঘৰৰ মানুহ গৰাকীৰ কথা ৰাখিব নোৱাৰি এখন মাৰুতি ভান্ ৰিজাৰ্ভ কৰি ৰাতিপুৱাই সপৰিয়ালে ওলালোঁ। মানুহে কোৱা শুনিছে , ” সন্মুখত থিয় হ’লে সকলো ভূত-ভৱিষ্যত কৈ দিব পাৰে ” কিজানি কিবা ভাল ফল পোৱা যায়…! বহু ঘাত-প্ৰতিঘাতৰ অন্তত এক ইতিবাচক চিন্তাৰে যাত্ৰা আৰম্ভ কৰিলোঁ । গাওঁৰ ওখোৰা-মোখোৰা পথেৰে গাড়ীখনৰ সহিতে ধলং-পলংকৈ গৈ ন’ মান বজাত যথাস্থানত উপস্থিত হ’লো। ভৱাতকৈ ভালে সংখ্যক মানুহৰ সমাগম দেখি মনৰ সংকোচ কিছু আঁতৰ হ’ল, ” কিবা উপকাৰ নাপালেনো ইমান সংখ্যক লোক গোট খায় নে ..?”
আমাক দেখি মানুহবোৰে বৰ আদৰ-সাদৰ কৰি বহিবলৈ দিলে। ক’ৰ পৰা আহিছে ,কি সমস্যা ,আগতে আহিছিল নে…ইত্যাদি ইত্যাদি ? তাৰ মাজতে দুই এজনে ক’লে বহুত ডাঙৰ ডাক্তৰক দেখুৱাইও একো ফল নাপালো ,ইয়াত আহি হে…. ! কথা বতৰাৰ পৰা বুজিব পাৰি আটাইবোৰ পাৰ্শ্চবৰ্তী গাওঁৰ বাসিন্দা …! এজন লোকে মোৰ নামটো সুধি কুপন এখন দিলে “পোন্ধৰ নম্বৰত” কিছু সময়ৰ পিছত চুলিমেলি,ৰঙাৰঙৰ চাদৰ মেখেলা পিন্ধা মহিলা এগৰাকী ঘৰৰ পৰা ওলাই আহি মাজ চোতালত সজাই থোৱা সৰু খেৰিৰ জুপুৰি ঘৰটোত সোমাল। সকলোৱে থিয়হৈ স্বাগতম জনালে ,আমিওঁ থিয় দিলোঁ। ডবা,ঘণ্টা ,শঙ্খধ্বনী বজাই একেলগে প্ৰাৰ্থনা যোৰিলে প্ৰায় দহ মিনিটমান। ইয়াৰ পিছত নিজ নিজ সমস্যা লৈ এজন এজনকৈ জুপুৰি ঘৰটোত সোমাল। প্ৰায় এক ঘণ্টামান পিছত আমাৰ পাল পৰিল , সন্তাটোক কোলাত তুলি লৈ স্বামী-স্ত্ৰী দুয়ো প্ৰৱেশ কৰিলোঁ। ভিতৰত এটা সৰু গাতত মহিলা সাধক গৰাকী বহি আছে সন্মুখত ধূপ,চাকি-বন্তি প্ৰজ্বলিত এখন থাপনা, কালীগোসানীৰ ফটো আৰি থোৱা আছে। পিছফালে পাৰি থোৱা পাতিখনত বহি সেৱা জনালোঁ

“মা “তুমি এবাৰ দেখা দিয়া “মা” ওঁম নমঃ হিং কিং……..! আহিছা “মা”, কোৱা “মা” কোৱা ,এওঁলোক কিয় মোৰ ওচৰলৈ আহিছে…..হিং কিং. ….(অলপ মন্ত্ৰ উচ্ছাৰণ কৰি )
“সেৱকৰ নাম আৰু বয়স….?”
হ’ব হ’ব “মা” মই সকলো বুজি পাইছো….!
এনেকৈ দেৱীৰ সৈতে সংযোগ ঘটাই কিছু সময় পাচত আমাৰ ফালে নোচোৱাকৈ কৰিবলৈ ধৰিলে..

“আপোনালোকৰ ল’ৰাটোৰ পঢ়া শুনাত ভাল হব….!অলপ উপৰা লেঠাৰ বাবে বেমাৰ আজাৰৰ লগতে মনটো চঞ্চল হৈ আছে…,.” মনস্তত্বিক ফালৰ পৰা পাঁচ বছৰ বয়সীয়া ল’ৰা এজনৰ লক্ষণ সমূহ বৰ্ণনা কৰিব ধৰিলে….! বিশ্বাস খিনি মূহুৰ্ততে পানী হৈ পৰিল,হঠাৎ মানুহ গৰাকীৰ মুখৰ পৰা ওলাই গ’ল….
“কি পঢ়াৰ কথা.কয়…আজিলৈ খোজো কাঢ়িব নোৱাৰে মুখৰ মাতো ওলোৱা নাই..”

আচলতে আমাৰ প্ৰথম ল’ৰা সন্তানটি জন্মগত ভাৱে “ছেৰিব্ৰেল পালচিত” আক্ৰন্ত হৈ শাৰীৰিক,মানসিক ভাৰসাম্য হেৰুৱাই পেলাছিল…। ভিতৰ বাহিৰ বহু চিকিৎসা কৰি কোনো সুফল নাপালো। যোনে যি কয় তাকেই কৰিছিলোঁ…!

সাধক গৰাকী ঠটমট খায় লাহকৈ পিছফালে মূৰটো ঘুৰাই কথাৰ সুৰ সলনি কৰিলে, বিভিন্ন ধৰণৰ দিহা আগবঢ়ালে..। সংকোচ মনেৰে বাহিৰলৈ ওলাই আহি পাৰি থোৱা চকিত বহিলোগৈ..।”আমি এয়া তৃতীয় বাৰৰ বাবে আহিছো ,প্ৰথম বাৰতে ভাল নহয় “!
কাষতে বহি থকা তিৰোতা এগৰাকীয়ে ক’লে। এনে দৰে বহুতৰ বহু মন্তব্য শুনিলো ,কি যে সহজ সৰল তেওঁলোক ,তাৰ মাজতে মই মোৰ মনৰ কথা.দুই এটা প্ৰকাশ কৰিলোঁ। তেনেতে হঠাৎ চিঞৰ শুনিলো ” বিশ্বাস নাই যদি মোৰ ওচৰলৈ কিয় আহিছ, তহঁতৰ ইয়াত কোনো কাম নহ’ব” ! মোৰ নাম লৈ ঘৰটোৰ ভিতৰৰ পৰা তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে। পৰিবাৰে ভয়খায় ভিতৰলৈ পুনঃ সোমাই গৈ কাকুটি-মিনটি কৰিবলৈ ধৰিলে ,লাহে লাহে ময়ো সোমাই গ’লো, তাই বহুত কিবা-কিবি ক’লে, মই কোনো মাত নিদিলোঁ। তাইৰ পিছফালে বহি থকা গিৰীয়েকৰ পৰা এটা তাবিজ কিনি ওলাই আহিলোঁ…! ঘৰলৈ উভতি অহা পথচোৱাত সাধক গৰাকীৰ কথা ভাবি অহিলোঁ…মই যে তাইৰ কথাত সন্তুষ্ট হোৱা নাছিলো তাক তাই কেনেকৈ জানিলে ,নিশ্চয় মানুহৰ মাজত পিয়াপি দি থকা সহচৰ বোৰৰ পৰা গম পাইছিল, তদুপৰি মোৰ বিশ্বাস জন্মোৱাৰ বাবে সেই নাটকখন কৰিছিল..।

যাহওঁক” বিশ্বাসে মিলয় হৰি” বুলি এষাৰ কথা আছে ,গাওঁৰ এচাম লোকে এনেদৰে যাপ জৰী , তাবিজ আদিৰ দ্বাৰা চিকিৎসা লৈ আৰোগ্য হয় বুলি বিশ্বাস কৰি আহিছে ….!!