বিশ্বায়নৰ যুগত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত  হ’ব কিদৰে? – অনামিকা (সংগীতা)কলিতা

বিশ্বায়নৰ যুগত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত  হ’ব কিদৰে?

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

খুব সুন্দৰ বিষয়। বৰ্তমান ই এক ডাঙৰ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছে। একোটা জাতিৰ পৰিচয় বহন কৰে সেই জাতিটোৰ  ভাষা- সংস্কৃতিৰ জৰিয়তে ।আমাৰ দেশ ভাৰতবৰ্ষত বাস কৰা প্ৰতিখন ৰাজ্যৰ বাসিন্দাৰ ভাষা-সংস্কৃতি বেলেগ বেলেগ।অসম এখন বহুল জাতি জনগোষ্ঠীয় ৰাজ্যৰ  আমি বাসিন্দা – আমি  খিলঞ্জীয়া বুলি অনুভৱ কৰো।

 কিন্তু আমাৰ খিলঞ্জীয়া বুলি অনুভৱ কৰিলেই নহ’ব,হাতে কামে কৰি দেখুৱাব লাগিব।আমাৰ দেশত নিবনুৱা এটা ডাঙৰ সমস্যা। যুৱক সকলে যদি চাকৰিৰ ওপৰতে ভৰসা নকৰি  কিছুমান থলুৱা শিল্প,বিভিন্ন কৰ্মক্ষেত্ৰত  যেনে-মীন পালন , গাহৰি আদি  প্ৰতিপালন, বাঁহ বেতৰ  বিভিন্ন সামগ্ৰী বনোৱা কৰ্ম  মনোনিবেশ কৰে তেতিয়া আৰ্থিক ভাৱে  নিশ্চয় সবল হ’ব । কিছুমান যুৱক ইতিমধ্যে এই দিশত মনোনিৱেশ কৰিছে।অৰ্থনৈতিক ভাবে  সফলতা থাকিলে দেশ এখনৰ বহুত উন্নতি হয়।তেতিয়া খিলঞ্জীয়া শব্দটোৰ পৰিপূৰ্ণতা লাভ কৰিব।

বৰ্তমান বিশ্বায়নৰ যুগ। সময়ৰ লগে লগে মানুহৰ ধ্যান -ধাৰণা, ৰুচি- অভিৰুচি সলনি হৈছে ।এখন দেশৰ ভাৱধাৰা-সংস্কৃতিৰ প্ৰভাৱ আন এখন দেশত পৰিছে বা আকোৱালি লৈছে  এয়া কোনো ভুল নহয়। পৃথিৱীৰ আমি সকলো একত্ৰিত হৈ নিজৰ সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰা ভাল কথা ।

বৰ্তমান আমাৰ দেশতো বিশ্বয়ানৰ প্ৰভাৱ পৰিছে। যাৰ ফলত খোৱা-বোৱা,পিন্ধা-উৰা সকলোতে পশ্চিমীয়া ধৰণ স্পৰ্শ কৰিছে ।আজিৰ অসমীয়া খাৰ খাব নজনা হ’ল । ফাছফুড ,জুছ ইত্যাদি খাদ্যৰ প্ৰতি মানুহৰ স্পৃহা বাঢ়ি যোৱা দেখিবলৈ পাইছোঁ। মেখেলা-চাদৰ ,ধুতি ইত্যাদিৰ ঠাইত চুৰিদাৰ,স্কাৰ্ট,টপ,লংপেন্ট ইত্যাদি সাজপাৰৰ প্ৰচলন বেছি হ’ল ।ঠিকে আছে সময়ে বাধ্য কৰিলেও  আমাৰ থলুৱা  সাজপাৰ খিনি জাতীয় উৎসৱ বা সামাজিক ৰীতি- নীতিত ব্যৱহাৰ কৰিব লাগিব।

বিশ্বায়নৰ প্ৰয়োভৰত আমাৰ সংস্কৃতি যাতে উটি ভাঁহি নাযায় তালৈও লক্ষ্য ৰাখিব লাগিব। তেতিয়াহে খিলঞ্জীয়া
অধিকাৰ সুৰক্ষিত হ’ব।