বিশ্বায়নৰ যুগত অসমীয়া ভাষাৰ প্ৰত্যাহ্বান  – জ্যোতিমণি মাহত্ব

Pc Google Play

বিশ্বায়নৰ যুগত অসমীয়া ভাষাৰ প্ৰত্যাহ্বান 

জ্যোতিমণি মাহত্ব
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী

মাতৃভাষা হৈছে মানুহৰ অস্তিত্বৰ আধাৰ ।ভাষা অবিহনে সমাজ সংস্কৃতি সভ্যতা বিকাশৰ কল্পনা কৰাটো অসম্ভৱ।মানৱ সভ্যতাৰ ইতিহাসত মাতৃভাষাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।ভাষা মানুহৰ জীৱনৰ প্ৰথম আৰু গভীৰ সংযোগ।এটি শিশুৱে প্ৰথম আইৰ মুখৰ মাত , পৰিয়ালৰ স্নেহ ভৰা সুন্দৰ শব্দৰ মাজত নিজৰ ভাষাৰ সৈতে পৰিচয় হয়।এই ভাষা আমাৰ পৰিচয় , আমাৰ অস্তিত্ব।চিৰ চেনেহী মোৰ ভাষা জননীৰ দৰে নিজৰ ভাষাক ভালপোৱাটো আৰু আইৰ ভাষাক সন্মান জনোৱাটোৱেই এই দিৱসৰ মূল লক্ষ্য। প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী তাৰিখে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে। ইউনেস্কোৱে বিশ্বাস কৰে যে প্ৰথম মাতৃভাষাৰ ওপৰত আধাৰিত শিক্ষা প্ৰাৰম্ভিক বয়সৰ পৰা আৰম্ভ হ’ব লাগে কিয়নো শৈশৱৰ যত্ন আৰু শিক্ষা হৈছে শিকনৰ আধাৰ। মাতৃভাষাৰ মাতৃভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু সকলো ভাষা সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে ১৯৯৯ চনত এই দিৱসৰ স্বীকৃতি দিয়ে।ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয় , ভাষাই মানুহৰ চিন্তা, সাহিত্য সংস্কৃতিৰ ইতিহাসৰ আত্মপৰিচয় বহন কৰে।ভাষাই জাতিৰ অস্তিত্ব ৰক্ষা কৰে ।যদি কোনো জাতিয়ে নিজৰ আইৰ ভাষাক অৱহেলা কৰে, তেন্তে তাৰ সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰো ধ্বংসৰ পথলৈ ধাৱমান হয়। কেতিয়াবা প্ৰশ্ন হয় অসমীয়া ভাষাৰ প্ৰচলন হ্ৰাস পাইছে নেকি? অসমীয়া ভাষাৰ সলনি আমি পশ্চিমীয়া ভাষাৰ প্ৰতি আকৰ্ষিত হৈছো নেকি?

বৰ্তমান সময়ছোৱাত বহুতে অসমীয়া ভাষাটো ক’বলৈ বেয়া পায় । অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়ায় । নৱ প্ৰজন্মৰ বহুতো ছাত্ৰ ছাত্ৰী নিজৰ মাতৃভাষাৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। ইংৰাজী মাধ্যমত লিখা পঢ়া কৰা বহুতে অসমীয়াত লিখা দূৰৰে কথা পঢ়িবও নোৱাৰে। বিশ্বায়নৰ জহত আন আন ভাষাৰ প্ৰতি প্ৰভাৱিত হৈ বহু সময়ত অসমীয়া ভাষা অৱহেলিত হোৱা দেখা যায়।আমি সদায় নিজৰ ভাষাৰ প্ৰতি গৌৰৱবোধ আৰু ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলাটো একান্তই জৰুৰী। সাহিত্য চৰ্চা, সামাজিক মাধ্যম, বিদ্যালয় – মহাবিদ্যালয়, আলোচনা চক্ৰ, দৈনন্দিন জীৱনত অসমীয়া ভাষাৰ প্ৰয়োগ, প্ৰচাৰ প্ৰসাৰ গুৰুত্ব বৃদ্ধি কৰাটো সময়ৰ দাবী ।

তথাকথিত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰভাৱে নৱ প্ৰজন্মৰ মাজত মাতৃভাষাৰ প্ৰতি অনীহা সৃষ্টি কৰিছে । প্ৰত্যেক ভাষাৰেই নিজস্ব বৈশিষ্ট্য আৰু প্ৰকাশভংগী থাকে, নিজস্বতা হেৰুৱালে ভাষাটোৰ সৌন্দৰ্য বিঘ্নিত হোৱাৰ লগতে তাৰ মৰ্যদাও ম্লান হয় । অসমৰ নগৰ চহৰত কিমানজন অসমীয়াই বাস কৰে।চহৰ নগৰত এতিয়া বহিৰাগত দখলত । মধ্য আৰু নামনিৰ নগৰবোৰত অসমীয়া ভাষা ক’বলৈ মানুহৰ অভাৱ হৈছে।

ভাষাগত বৈচিত্ৰ্য মানৱ সভ্যতাৰ সম্পদ । প্ৰতিটো ভাষাৰে পৃথক চিন্তা ধাৰা , পৃথক জ্ঞান প্ৰণালী আৰু পৃথক সাংস্কৃতিক বৈশিষ্ট্য বহন কৰে। অসমীয়া ভাষা কেৱল কথোপকথনৰ মাধ্যম নহয় , ই অসমৰ সামাজিক ঐক্যৰ বন্ধন ।

আমাৰ অসমীয়া মাতৃভাষা বিলুপ্ত হৈ পৰিব নেকি? এনে প্ৰশ্ন হ’ব নালাগে কিন্তু যিটো হাৰত অসমীয়া ভাষা প্ৰদূষিত হ’বলৈ ধৰিছে , ক’ৰবাত এদিন হয়তো বিশুদ্ধ অসমীয়া ভাষা শুনিবলৈ পোৱাটো সৌভাগ্যৰ কথা হ’ব।আমি সকলো পৰ্যায়তে সচেতন হ’লেহে এনে প্ৰদূষণ ৰোধ কৰিব পৰা যাব। বৰ্তমান সময়ত ভাষা সংকট এক জ্বলন্ত সমস্যা। নগৰায়ণ আৰু ইংৰাজীভাষাৰ আধ্যিপত্যৰ ফলত বহু পৰিয়ালত মাতৃভাষাৰ ব্যৱহাৰ কমি যাব ধৰিছে।এনে পৰিস্থিতিত কেৱল চৰকাৰৰ ওপৰত ভৰসা কৰি থাকিলে নহ’ব, প্ৰতিজন ব্যক্তিয়েই সচেতন হ’ব লাগিব। শিক্ষানুষ্ঠান, পৰিয়াল আৰু সমাজ একেলগে আগবাঢ়ি আহি মাতৃভাষাৰ প্ৰতি ভালপোৱা আৰু ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব আৰু বাতৰি কাকত, বিভিন্ন আলোচনী বিজ্ঞাপন সংস্থা সমূহে আগভাগ ল’ব লাগিব কি‌য়নো তেওঁলোকৰ দায়িত্বশীল কৰ্মই সমাজত সচেতনতা বৃদ্ধি কৰাত সহায় কৰিব।যদি মাতৃভাষাৰ প্ৰতি নিজৰ সচেতনতা নাথাকে তেন্তে ভৱিষ্যতে ভাষা সংকটত পৰাৰ সম্ভাৱনা অধিক ।