বিশ্বশান্তি আৰু কল্যাণাৰ্থে মাজুলীৰ নৱৰতনপুৰ নামঘৰত অখণ্ড ভাগৱত পাঠ
বিকাশ শইকীয়া , মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- তিনিদিনীয়া কাৰ্যসূচীৰে উজনি মাজুলীৰ বৃহত্তৰ মূদৈবিল অঞ্চলৰ নৱৰতনপুৰ গাঁৱৰ নামঘৰত অনুষ্ঠিত হৈছে বিশ্বশান্তি আৰু কল্যাণাৰ্থে অখণ্ড ভাগৱত পাঠ অনুষ্ঠান । আটক ধুনীয়াকৈ সজ্জিত কৰি অনুষ্ঠিত কৰা ভাগৱত অনুষ্ঠানৰ আজি প্ৰথম দিনা পুৱা ৪ বজাত ঊষা কীৰ্তন , ৫ বজাত পৰিবেশ নিকাকৰণৰ পাছত ৭ বজাত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে সমাজকৰ্মী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বদন শইকীয়াই । ইয়াৰ পাছত ৭-৩০ বজাত ধৰ্মধজ্জা উত্তোলন কৰে শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিনাৰাম বৰাই। ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নগেন বৰুৱাই বন্তি প্ৰজ্বলন কৰাৰ পাছত গাঁৱৰ পুৰুষ মহিলা সকলোৱে ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত ভাগৱত প্ৰতিষ্ঠা কৰে এলেঙ্গী টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া ভৱ মহন্ত আৰু এলেঙ্গী নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া নৱজ্যোতি মহন্তই । এলেঙ্গী টকৌবাৰী সত্ৰৰ সত্ৰাধিকাৰ ঋষভ মহন্তই নাম-প্ৰসংগ কৰাৰ পাছত মুখ্য পাঠক পোনা বায়ন , কণপাই শইকীয়া , মহেন্দ্ৰ বৈৰাগী, প্ৰদীপ ভৰালী , মাধৱ শইকীয়া , মালভোগ শইকীয়া , নিৰণ হাজৰিকা, কেশৱ ৰাজখোৱা দ্বাৰা অখণ্ড ভাগৱত পাঠ কাৰ্যসূচী আৰম্ভ হয় । কালিলৈ দ্বিতীয় দিনা মুখ্য পাঠক নগেন বৰুৱা , দামোদৰ বৰা , দিনাৰাম বৰা , ভৰত শইকীয়া , মুনীন্দ্ৰ শইকীয়া , প্ৰসন্ন কাকতি , গোলাপ বৰুৱা , হেমন্ত নাথ , বিতোপন শৰ্মা আৰু প্ৰশান্ত শইকীয়াই । শেষৰ দিনা মুখ্য পাঠক কৃষ্ণৰাম বৈৰাগী , ৰাজেন হাজৰিকা, মাখন নাথ , কেশৱ ৰাজখোৱা , বিষ্ণু ৰাজখোৱা আৰু কণপাই শইকীয়াই। উদযাপন সমিতিৰ সভাপতি প্ৰসন্ন শইকীয়া , উপ-সভাপতি মাধৱ শইকীয়া , যুটীয়া সম্পাদক নিপেন শইকীয়া , অভিজিত শইকীয়া আৰু সহঃ সম্পাদক অচ্যুৎ শইকীয়াই ভাগৱত পাঠ অনুষ্ঠান ভাগিৰ শেষৰ দিনালৈকে সকলো ৰাইজৰ সহায় সহযোগিতা লগতে উপস্থিতি কামনা কৰিছে। তিনিদিনৰ ভাগৱত পাঠৰ অন্ততঃ ২০ মে’ চতুৰ্থ দিনা গাঁৱৰ শিশু শিল্পীসকলৰ দ্বাৰা কুৰুসন্ধ্যা ভাওনা খনি প্ৰদৰ্শিত হ’ৱ।