বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ শাখা গঠনৰ প্ৰস্তুতি

Pc Wikipedia

বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ শাখা গঠনৰ প্ৰস্তুতি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰু অসমীয়া জাতীয় জীৱনৰ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভাই অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত শাখা গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই সংবাদ মাধ্যমলৈ পঠোৱা বিজ্ঞপ্তি অনুসৰি অসমীয়া ভাষা সাহিত্যৰ উত্তৰণ আৰু বিকাশ কৰাৰ মানসেৰে অসম সাহিত্য সভাই এই ঘোষণা কৰিছে। ৯ মাৰ্চত হোৱা কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই কাৰ্যৰ তদাৰক কৰিব অসম সাহিত্য সভাৰ অন্যতম উপ-সমিতি ৰামধেনু উপ- সমিতিয়ে।