বিশ্ববিজেতা শৰীৰচৰ্চাবিদ, প্ৰাক্তন ছাত্ৰ পৱিত্ৰ নাথক মাজুলী মহাবিদ্যালয়ৰ বিপুল সম্বৰ্ধনা

বিশ্ববিজেতা শৰীৰচৰ্চাবিদ, প্ৰাক্তন ছাত্ৰ পৱিত্ৰ নাথক মাজুলী মহাবিদ্যালয়ৰ বিপুল সম্বৰ্ধনা

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে মালদ্বীপত অনুষ্ঠিত বিশ্ব দেহশ্ৰী প্ৰতিযোগিতাত স্বৰ্ণজয়ী শৰীৰচৰ্চাবিদ, ভাৰত গৌৰৱ, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পৱিত্ৰ নাথক আজি মাজুলী মহাবিদ্যালয়ে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। অত্যন্ত ব্যস্ত শৰীৰচৰ্চাবিদ পৱিত্ৰ নাথে দুদিনীয়া সূচীৰে মাজুলীলৈ অহাৰ খৱৰ পাই মহাবিদ্যালয়ৰ তৰফৰ পৰা  আজি আমন্ত্ৰণ কৰা হয়। দিনৰ ১১ বজাত শৰীৰচৰ্চাবিদ গৰাকী আহি মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ উপস্থিত হোৱাৰ লগে লগেই মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি সুনীল দাও প্ৰমুখ্যে বিভিন্ন বিভাগৰ সম্পাদক তথা শিক্ষাৰ্থীসকলে আদৰণি জনাই অধ্যক্ষৰ কক্ষলৈ আগবঢ়াই নিয়ে। ইয়াৰ পাছতে অধ্যক্ষৰ কক্ষত আয়োজিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই মহাবিদ্যালয় পৰিয়ালৰ হৈ প্ৰাক্তন কৃৰ্তী ছাত্ৰ পৱিত্ৰ নাথক অংগ বস্ত্ৰ আৰু উপহাৰ টোপোলাৰে সম্বৰ্ধনা জনায়। নিজ শিক্ষানুষ্ঠানখনত উপস্থিত হৈ আবেগবিহ্বল হৈ পৰে শৰীৰচৰ্চাবিদগৰাকী। উপস্থিত সুধীসমাজ তথা শিক্ষাৰ্থীসকলক সম্বোধন কৰি শৰীৰচৰ্চাবিদ গৰাকীয়ে কয় যে তেওঁৰ জীৱনৰ সফলতাত মাজুলী মহাবিদ্যালয়ৰ অৱদানৰ কথা কেতিয়াও পাহৰিব নোৱাৰে। শিক্ষাৰ্থীসকলক উদ্দেশ্যি মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীজনে কয় সকলোৰে নিজৰ মাজতে জীৱনত কৃতকাৰ্যতা লাভৰ সকলো উপাদান নিহিত হৈ থাকে। মাথোঁ সেইখিনি কৰ্ষণ কৰিবৰ বাবে প্ৰয়োজন হয় একাগ্ৰতাৰ। ঘড়ী বা মোবাইলৰ এলাৰ্মত সাৰ পোৱাতকৈ নিজৰ বিৱেক আৰু আগ্ৰহৰ তাড়ণাত সাৰ পোৱাসকলেহে জীৱনত সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। সভাৰ সঞ্চালকৰ মন্তব্যত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, মাজুলী মহাবিদ্যালয়ৰ পৰা ওলাই গৈ বিশ্ব জয় কৰিবলৈ সক্ষম হোৱা পৱিত্ৰ নাথৰ আপোচবিহীন সাধনাৰ উদাহৰণ শিক্ষাৰ্থীসকলৰ পাথেয় হোৱা উচিত। সম্বৰ্ধনা অনুষ্ঠানত মাজুলী জিলা শৰীৰ চৰ্চা সংস্থাৰ সভাপতি উৎপল বৰুৱা, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উপদেষ্টা অধ্যাপক দীনেশ পেগু, অধ্যাপিকা প্ৰণীতা ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক ডিম্বেশ্বৰ দত্ত, পৱিত্ৰ নাথৰ মাতৃ জ্যোতি নাথ, জিতেন নাথ, ছাত্ৰ একতা সভাৰ সভাপতি প্ৰমুখ্যে বিভাগীয় সম্পাদকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি মাজুলীৰ গৌৰৱ পৱিত্ৰ নাথক অভিনন্দন জনায়।