বিশ্ববিখ্যাত তবলা বাদক জাকিৰ হুছেইনৰ দেহাৱসান

বিশ্ববিখ্যাত তবলা বাদক জাকিৰ হুছেইনৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ববিখ্যাত তবলাবাদক ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান। তবলাবাদনৰ জৰিয়তে দেশ- বিদেশত খ্যাতি অর্জন কৰাৰ লগতে এগৰাকী সংগীত পৰিচালক আৰু প্ৰযোজক হিচাপে পৰিচিত ৭৩ বছৰীয়া  গীত শিল্পী জাকিৰ হুছেইন হৃদৰোগজনিত কাৰণত আমেৰিকাৰ ছান ফ্রান্সিস্কো হাস্পতালৰ আইচিইউত ভর্তি হৈ থকাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে। তবলাবাদনেৰে সংগীত জগতত এক সুকীয়া স্থান লাভ কৰা দেশৰ তিনি সর্বোচ্চ অসামৰিক সন্মান পদ্মশ্রী, পদ্মভূষণ, পদ্মবিভূষণকে ধৰি দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্মানেৰে বিভূষিত তবলাবাদক জাকিৰ হুছেইনৰ বিয়োগৰ বাৰ্তা বিয়পি পৰাৰ লগে লগে শোকত ম্রিয়মাণ হৈ পৰে দেশবাসী। ৫১ সংখ্যক গ্ৰেমী বঁটা লাভ কৰি আন্তর্জাতিক পর্যায়ত কিংবদন্তি শিল্পী হিচাপে স্বীকৃতি লাভ কৰা জাকিৰ হুছেইন কিংবদন্তি তবলাবাদক আল্লা ৰাখাৰ জ্যেষ্ঠ পুত্ৰ। ১৯৫১ চনৰ ৯ মাৰ্চত মুম্বাইত জন্মগ্রহণ কৰা জাকিৰ হুছেইনে মহিমৰ ছেইন্ট মাইকেল হাইস্কুলত বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত মুম্বাইৰ ছেইন্ট জেভিয়াৰ্ছ কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। শৈশৱকালতে প্ৰতিভাৰ পৰিচয় দিয়া জাকিৰ হুছেইনে পিতৃৰ পৰাই তবলাবাদনৰ শিক্ষাগ্ৰহণ কৰাৰ সমান্তৰালকৈ শাস্ত্রীয় পার্কুছন শিকিবলৈ লয়। ৩ বছৰ বয়সতে বিভিন্ন বাদ্যযন্ত্র আয়ত্ত কৰি লৈ ১২ বছৰ বয়সৰ পৰাই কনচাৰ্টত অংশগ্ৰহণ কৰে। কেইবাগৰাকীও পশ্চিমীয়া সংগীতজ্ঞৰে মিলিত হৈ ভাৰতীয় শাস্ত্রীয় সংগীতক আন্তর্জাতিক পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা জাকিৰ হুছেইনে কিংবদন্তি বিটলছৰ সৈতে মিলিত হৈ ভাৰতীয় আৰু পশ্চিমীয়া সংগীতৰ মিশ্রিত ধাৰাৰে বিশ্ববাসীক আকৰ্ষিত কৰিছিল। শাস্ত্রীয় আৰু ফিউজন সংগীতৰ উদ্ভাৱনৰ অসাধাৰণ দক্ষতাৰে জাকিৰ হুছেইনে বিশ্বজুৰি কিংবদন্তি শিল্পী হিচাপে প্রতিষ্ঠা লাভ কৰিছিল। তেওঁ ৬৬সংখ্যক গ্রেমী বঁটাত প্ৰথম ভাৰতীয় সংগীত শিল্পী হিচাপে একেনিশাই তিনিটা গ্রেমী বঁটা লাভ কৰি ইতিহাস গড়ে। ভাৰত চৰকাৰৰ সংগীত নাটক একাডমী বঁটা, সংগীত নাটক ফেল’শ্বিপ আদি সন্মানেৰে বিভূষিত জাকিৰ হুছেইন। সংগীত জগতত অভাৱনীয় বৰঙণি আগবঢ়োৱাৰ বাবে মুম্বাই বিশ্ববিদ্যালয়ে সন্মানীয় এলএলডিৰে বিভূষিত কৰিছিল। জাকিৰ হুছেইনৰ বিয়োগত দেশৰ লগতে বিদেশৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যু সংগীত বিশ্বৰ বাবে এক অপূৰণীয় ক্ষতি।