বিশ্ববাসীৰ সন্মুখত অসমক জিলিকাই তোলা জুবিন গাৰ্গ- এক সুকীয়া সত্ত্বা – মানসী মিশ্ৰ

বিশ্ববাসীৰ সন্মুখত অসমক জিলিকাই তোলা জুবিন গাৰ্গ- এক সুকীয়া সত্ত্বা

মানসী মিশ্ৰ

আমি সকলোৱে স্বাভাৱিক হ’বলৈ যত্ন কৰিছোঁ কিন্তু নিজকে স্বাভাৱিক কৰি তুলিব পৰা নাই নিজকে ভিন্ন ব্যস্ততাৰ মাজত জড়িত কৰি ৰাখিবলৈ বহু চেষ্টা কৰিছোঁ কিন্তু সকলোফালে অনুভৱ কৰিছোঁ মাথো শূণ্যতা। শৰৎ আহিলে এখন শুভ্ৰ, শুকুলা আকাশ লৈ। শেৱালিয়ে চৌপাশে সুগন্ধি সানিলে। কিন্তু এই সকলোৰে মাজতেও দেখোন একেবাৰে ভাল লগা নাই। কিমান টা উৎসৱ পাৰ্বণ পাৰ হৈ গ’ল। শাৰদীয় দূৰ্গোৎসৱৰ পৰা শৰততে উদযাপন হোৱা দ্বীপান্বিতালৈকে। প্ৰতিটো বৰ্ষতে এই উৎসৱ সমূহ আহিলে মনবোৰ উলাহে নধৰা হয়। উৎসৱ বুলি নিজৰো কিমান যে পৰিকল্পনা থাকে। কিন্তু এইবাৰে যে সম্পূৰ্ণ এক ব্যতিক্ৰমী পৰিৱেশ। ১৯ চেপ্তেম্বৰৰ পৰা আজিৰ দিনটো পৰ্য্যন্ত মনবোৰে এক প্ৰকাৰ কিবা শূণ্যতা আৰু নিৰ্জনতাৰ মাজত বিচৰণ কৰি ফুৰিছে। আমাৰ আদৰৰ জুবিনদাৰ এই আকস্মিক আৰু দুৰ্ভাগ্যজনক মৃত্যুৱে আমাক কৰবাত শূণ্য কৰি থৈ গ’ল। সেই কথা এতিয়া প্ৰায় সকলোৱে উপলব্ধি কৰিব পাৰিছে। ১৯ চেপ্তেম্বৰ, শুকুৰবাৰৰ সেই দুপৰীয়াটোত খবৰটো সত্য বুলি শুনাৰ পিছত যেন  নিজে নিজেই  স্তদ্ধ হৈ পৰিছিল সকলোৰে মাত কথাবোৰ। সকলোৱে যত আছে সেই ঠাইতে নিশ্চুপ হৈ বহি ৰৈছিল। কাৰো মুখত যেন প্ৰকাশ কৰিবলৈও একো ভাষা নাছিল। কেৱল মাত্ৰ মানুহবোৰে নিজৰ নিজৰ মবাইলত “মায়াবিনী ৰাতিৰ বুকুত” গীতটি বজাইছিল আৰু সেই গীতৰ সুৰে সুৰে গীতটো গাবলৈ লৈছিল। মানুহৰ চকুবোৰ চকু পানীৰে উপচি পৰিছিল। মূহুৰ্তৰ ভিতৰে ৰাজ্যৰ প্ৰতিটো চুকে কোণে লগতে ভাৰতৰ অন্যান্য ৰাজ্যত থকা অসমীয়া লোক সকলেও মায়াবিনী ৰাতিৰ বুকুত এই গীতটি গাবলৈ লৈছিল। এটা দিনৰ ভিতৰতে গীতটো প্ৰাৰ্থনালৈ পৰিবৰ্ত্তিত হৈছিল। কোনো মানুহে ঘৰৰ ভিতৰত সোমাই থাকিব পৰা নাছিল। প্ৰাণৰ শিল্পী গৰাকীক বিচাৰি সকলোৱে ৰাজপথলৈ ওলাই আহিছিল। এটি নিশাৰ ভিতৰতে হাজাৰ হাজাৰ লোক কাহিলীপাৰাৰ গৃহৰ সমুখত সমবেত হৈছিল। সকলোৰে মুখত আছিল ‘জয় জুবিন দা’ ধ্বনি আৰু মায়াবিনী ৰাতিৰ বুকুত সেই গীতটি। প্ৰতিখন সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান তথা চৰকাৰী বেচৰকাৰী সকলো কাৰ্য্যালয়তে স্মৃতিসভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল। মানুহে হুকহুকাই কান্দি কান্দি এই সভাসমূহত শ্ৰদ্ধা তৰ্পণ কৰিছিল। তেখেতৰ মৃতদেহ চিংগাপুৰৰ পৰা বিশেষভাৱে লৈ আনি সৰুসজাই ষ্টেডিয়ামত দুটা দিন ৰখাৰ পিছত তাত লক্ষ লক্ষ জনতাৰ হিয়াভগা কান্দোনৰ মাজত কেনে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল সেই কথা নিশ্চয় কোনেও পাহৰিব পৰা নাই। অসমীয়াৰ হিয়াৰ আমঠু, হৃদয়ৰ স্পন্দন জুবিন দাক এবাৰ শেষ দেখা দিবলৈ তাত কি পৰিৱেশ হৈছিল সেয়া আমাৰ সকলোৰে জ্ঞাত। বহু ব্যৱসায়িক যান বাহন জুবিন দাৰ মৃত্যুৰ লগে লগে স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ গৈছিল চাৰি পাঁচদিনলৈ। সেইবাবে জুবিনদাৰ হেজাৰ হেজাৰ অনুৰাগীয়ে কেইবাঘণ্টাও খোজকাঢ়িয়েই জুবিন দাক শেষ শ্ৰদ্ধা জনাবলৈ সৰুসজাইলৈ আহিছিল। বহুতেই খোজকাঢ়িয়েই সোণাপুৰৰ শেষকৃত্য স্থলীলৈয়ো আহিছিল। বহু মানুহৰ ঘৰত দুই তিনিদিনলৈকে চৌকা জ্বলা নাছিল। ভাত-পানী খাবলৈ মানুহে পাহৰি গৈছিল। তথাপিও মানুহবোৰে ভোক অনুভৱ কৰা নাছিল। মানুহবোৰ ক্লান্ত হৈ পৰা নাছিল? এয়াই আমাৰ আদৰৰ জুবিন দাৰ প্ৰতি মানুহৰ অপৰিসীম ভালপোৱা, সম্পূৰ্ণ নিঃস্বাৰ্থ ভালপোৱা। আজিৰ এই স্বাৰ্থপৰ পৃথিৱীখনত মানুহৰ কাৰো কথা কেতিয়াও ভাবিবলৈ সময় নাই আৰু সেই স্থলত মানুহে জুবিন দাৰ বাবেই নিশাৰ নিৰ্জনতাকো দিনৰ পোহৰৰ দৰে কৰি পেলাইছে। শেষকৃত্য হৈ যোৱাৰ দিনৰ পৰাই মানুহ ভালপোৱা আমাৰ আদৰৰ জুবিনদাক কোনেও অকলশৰে এক মূহুৰ্তও থাকিবলৈ দিয়া নাই। প্ৰতিটো নিশাই জুবিনক্ষেত্ৰ এক জনসমুদ্ৰত পৰিণত হয়। ধূপধূণাৰ সুগন্ধিয়ে সেয়া এক মন্দিৰত পৰিণত কৰিলে। আজিৰ বস্তুবাদী সমাজ ব্যৱস্থাত বহু সময়ত মানুহে নিজৰ পৰিয়ালৰ মানুহকে সময় দিবলৈ কুণ্ঠাবোধ কৰে। তেনেস্থলত মানুহে কৰ্মৰ মাজতে, ব্যস্ততাৰ মাজতে আমাৰ হিয়াৰ আমঠু গৰাকীৰ সেই স্থানলৈ গৈছে। দৰাচলতে মানুহে মানুহক কিমান নিঃস্বাৰ্থভাৱে ভাল পালে মানুহৰ বাবে ইমানখিনি কৰিব পাৰে। বহুদূৰণিৰ পৰা, লগতে প্ৰতিটো দিনতে যথেষ্ট বয়সস্থ লোকো এই ক্ষেত্ৰখনলৈ আহে। তেওঁলোকৰ কোনো নিজস্ব স্বাৰ্থ নাই। সম্পূৰ্ণ নিঃস্বাৰ্থভাৱে তেওঁলোক এই জুবিন ক্ষেত্ৰলৈ আহি তেওঁলোকৰ আদৰৰ শিল্পী গৰাকীক মৰম, শ্ৰদ্ধা নিবেদন কৰে। এইখিনিতে এটা কথা মনলৈ আহে বাৰে বাৰে বহুলোকে ভালগীত গায়, বহুলোকে ভাল অভিনয় কৰে, বহুলোকে ভাল খেলে। কিন্তু এই সকলোৰে মাজত জুবিন দা কেনেকৈ ইমান জনপ্ৰিয় হ’ব পাৰিলে। কেনেকৈ তেওঁ জীৱন্ত কিংবদন্তীত পৰিণত হব পাৰিলে। তেখেতৰ অসাধাৰণ প্ৰতিভাৰ লগতে, তেখেতৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ লগতে তেখেতৰ মানুহৰ লগত যি সম্পৰ্ক আৰু বন্ধুত্ব আছিল সেইবাবে তেখেত ৰাজ্যৰ কোটি কোটি জনসাধাৰণেই  নহয় বিশ্বতেই তেখেতৰ প্ৰতিভা সমাদৃত হৈছিল। তেখেতে মানুহৰ লগতে আছিল আৰু মানুহৰ জীৱনৰ বিভিন্ন আবেগ, অনুভৱ সমূহক প্ৰতিনিধিত্ব কৰি মানুহৰ বাবে গীত গাই গৈছিল। সকলো শ্ৰেণী, সকলো বয়সৰ মানুহকে আন্তৰিকতাৰে বান্ধিব পাৰিছিল আৰু সকলোকে সমানে মৰম চেনেহ দিব জানিছিল। কোনোবাই তেওঁৰ লগত চিনা পৰিচয় হ’লে সেয়া এক সম্বন্ধত পৰিণত হৈছিল। মানুহক ইমান মৰমেৰে বান্ধি ৰাখিব পাৰিছিল যে তেওঁলোকৰ সুখ, দুখবোৰেহে তেখেতৰ সমুখত প্ৰাধান্যতা পাইছিল। সেইবাবে সহজতে তেখেতক লগ পাব পাৰিছিল মানুহবোৰে। বিভিন্ন সমস্যা, বিপদ আপদৰ সন্মুখীন হোৱা মানুহবোৰৰ কত যে সমস্যা বিনা দ্বিধাই সমাধান কৰি দিছিল আমাৰ জুবিন দাই। গতিকে তেখেত নিঃসন্দেহে আছিল একবিংশ শতিকাৰ শ্ৰেষ্ঠতম গণসংযোগ। আজিৰ দিনত জুবিন গাৰ্গ এক ব্যক্তি বিশেষ নহয় তেখেত নিঃসন্দেহে এক অনুষ্ঠান। জুবিন দা মানুহৰ বাবে এজন ঈশ্বৰ আছিল। বিপদ আপদ হ’লেই তেখেতৰ  ওচৰ চাপিছিল, সহায়ৰ কথা কৈছিল। বহু ৰুগীয়া মানুহে চিকিৎসাৰ সন্ধানত তেখেতৰ ওচৰলৈ আহিছিল আৰু তেখেতও পাৰ্যমানে সহায় কৰিছিল। তেখেতৰ বাবে, তেখেতৰ আন্তৰিক সহযোগৰ  বাবেই বহুলোকে নতুন জীৱন লাভ কৰিছিল। হেৰাই যাব খোজা জীৱনটোৰ অৰ্থ বিচাৰি পাইছিল। মানুহৰ প্ৰতি তেখেতৰ যি আন্তৰিক মৰম স্নেহ আৰু সহযোগিতাৰ মনোভাৱ, এই সমূহৰ পৰা তেখেতক এক ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি বুলি ধৰিব পাৰি। এগৰাকী শিল্পীৰ সমাজখনত যি সামাজিক দ্বায়বদ্ধতা থাকিব লাগে সেই সকলোখিনিয়েই আছিল তেওঁৰ মাজত। আমাৰ ৰাজ্যৰ জনসাধাৰণ যেতিয়াই কোনো এক দূৰ্যোগ অথবা সমস্যাৰ মুখামুখি হয় সেই সময়সমূহত জুবিন গাৰ্গ সদায় সমুখত আছিল আৰু তেওঁৰ চিন্তা আৰু সৱল যুক্তিৰে সমাজক সেই সমস্যা সমূহৰ পৰা মুক্ত  কৰাব বিচাৰিছিল। স্বদেশ আৰু স্বজাতিৰ প্ৰতি তেওঁৰ অপৰিসীম মৰম আছিল বাবেই তেওঁ মুম্বাইৰ দৰে ঠাইৰ পৰা আঁতৰি আহি নিজৰ ৰাজ্যতেই বেছিভাগ সময় অতিবাহিত কৰিছিল আৰু নিজৰ ৰাজ্যৰ বাবে, ৰাজ্যৰ মানুহবোৰৰ বাবে ইটোৰ পিছত সিটোকৈ সৃষ্টি কৰি গৈছিল। জীৱনৰ শেষ দিনটোলৈ বাবে তেখেতৰ সৃষ্টি ব্যাহত হোৱা নাছিল। মনত কাম কৰিবলৈ বহু পৰিকল্পনা সাঁচি ৰাখিছিল। নিজৰ জাতিটোৰ বাবে কাম কৰাৰ সচাঁ অৰ্থত ইচ্ছা আছিল বাবেই মুম্বাইৰ দৰে এখন ঠাইৰ পৰা এই জন্মভূমিৰ মাটিতে থাকি কাম কৰিম বুলি ঢাপলি মেলিছিল।

তেখেতৰ দৰে ব্যক্তি এগৰাকী অৰ্থাৎ এনে এক উচ্চ পৰ্যায়ৰ সম্পদক আমি এনে দূৰ্ভাগ্যজনক পৰিস্থিতিত হেৰুৱাব লগীয়া হোৱাটো বহুত দুখৰ কথা। এনে এক সম্পদক আমি বৰ দুখেৰে বিদায় দিবলগীয়া হ’ল। সচাঁ কথা এটা এইখিনিতে উল্লেখ কৰিবলগীয়া হৈছে যে বহুতে জীৱিত অৱস্থাত জুবিন গাৰ্গক ইমান মূল্যৱান ৰত্ন বুলি উপলব্ধি কৰিব পৰা নাছিল।তেখেতৰ গান শুনিছিল , বিহু মঞ্চত কেতিয়াবা তেওঁৰ অনুষ্ঠান শুনিছিল, সিমানেই। এটা বয়সৰ লোকে আকৌ ভাবিছিল যে যুৱ প্ৰজন্মৰ উপযোগীকৈ অথবা তেওঁলোকৰ মনত ভাল লগাকৈ গান গোৱা এগৰাকী গায়ক তেওঁ। বহুতেই ভাবিছিল তেওঁ এগৰাকী খেয়ালী মনৰ মানুহ। সচাঁ অৰ্থত ক’বলৈ হ’লে তেওঁ আঁতৰি যোৱাৰ পিছতহে এচাম লোকে তেখেতৰ গুৰুত্ব উপলব্ধি কৰিবলৈ ল’লে। নিজৰ মনতে বৰ দুখ অনুভৱ হয় সকলো মানুহে যদি জুবিন দা কেনেধৰণৰ এক সুকীয়া সত্ত্বা আছিল সেই কথাখিনি আগতেই উপলব্ধি কৰিব পাৰিলেহেঁতেন হয়তো আমি জুবিন দাক ইমান অকালতে বিদায় দিবলগীয়া নহ’লহেঁতেন। এচাম সুবিধা বাদীয়ে নিজৰ স্বাৰ্থৰ হকে জুবিন দাক সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিলে আৰু প্ৰয়োজন শেষ হোৱাৰ লগে লগে দলিয়াই পেলাই দিলে। অপ্ৰিয় হলেও সত্য যে জুবিন দাৰ এই ঘটনাই আমাৰ সমাজত সচাঁ চিত্ৰ এখনকে প্ৰকাশ কৰিলে। আমাৰ সমাজত এনেধৰণৰ ঘটনা ঘটি থাকে আৰু বহু ঘটনা অপ্ৰকাশ্য হৈ ৰৈ যায়। সেয়েহে জুবিন দাৰ এই ঘটনাই আমাৰ সমাজৰ সচাঁ চিত্ৰ কিছুমান উদঙাই দেখুৱালে। জুবিন দা আজি কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ’ল। কিন্তু এইটোও ঠিক যে তেওঁ আমাৰ মানুহৰ মৰম, আন্তৰিকতাৰ মাজত চিৰকাল জীয়াই থাকিব। মানুহৰ মৰমে তেওঁক জীয়াই ৰাখিব চিৰদিন। মানুহে গোট হৈ জুবিন দাক জীয়াই ৰাখিবলৈ বহুত কিবাকিবি কৰিব কিন্তু ইয়াৰ সমান্তৰাল ভাৱে আমি জুবিন দাৰ ন্যায়ৰ বাবে সদায় মাত মাতিম। জুবিন দাৰ এই দূৰ্ভাগ্যজনক ঘটনাৰ ন্যায় প্ৰদান কৰিবই লাগিব। এই ক্ষেত্ৰত আমাৰ চৰকাৰে যিমান পাৰি সহায় সহযোগিতা আগবঢ়াব লাগিব। প্ৰয়োজনীয় তথ্য প্ৰমাণ যাতে আমাৰ ন্যায়িক ব্যৱস্থাপনাটোক সময়মতে যোগাৰ ধৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। চৰকাৰৰ সদ্ভাৱ থাকিলে এই ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো সহজ হৈ উঠিব বুলি আমি সকলোৱে আশা কৰোঁ। মুঠতে জুবিন দাৰ দৰে এগৰাকী মানৱ দৰদী ব্যক্তিৰ এই দূৰ্ভাগ্যজনক ঘটনাৰ ন্যায় আমাৰ ৰাজ্যবাসীক লাগিবই। ইয়াৰ লগে লগে জুবিন দাৰ সৃষ্টি কৰ্ম সমূহক কিদৰে জীয়াই ৰাখিব পাৰি সেইক্ষেত্ৰতো চৰকাৰে পৰিকল্পিতভাৱে চিন্তা চৰ্চা কৰাক। আমি সকলোৱে এই সকলোৰে এক নিৰ্ভৰযোগ্য সদুত্তৰ পাম বুলি আশাৰে বাট চাই আছোঁ।