বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথৰ প্ৰতাপগড় চাহবাগিছাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পুৱা ৪ বজাত দুখন বাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। এ এছ১৫ চি৭১৩১ নম্বৰৰ এখন ভৌমিক নামৰ নৈশ বাছত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এ এছ ০১ এইচ চি ৭৭৭৭ নম্বৰৰ এখন প্ৰাণজিত নামৰ নৈশ বাছে। দুৰ্ঘটনাটোত ৩৫ জনকৈ লোক আহত হয়। ইয়াৰে ধীৰেণ বিশ্বাস আৰু প্ৰাণজিতৰ হেণ্ডিমেন হৰি হাজৰিকাক সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে বাকী আহত সকল বিশ্বনাথ জিলা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।