বিশ্বনাথৰ বাঘমাৰীৰ ভিজিআৰৰ ২৬৫ বিঘা ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথৰ বাঘমাৰীৰ ভিজিআৰৰ ২৬৫ বিঘা ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- পূর্বনির্ধাৰিত অনুসৰিয়েই দেওবাৰে বিহালীৰ বাঘমাৰীত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান৷ পুৱা ৭ বজাৰ পৰা ২৬৫ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে বুলড’জাৰ লৈ বৃহৎ আৰক্ষীৰ দলে উচ্ছেদ অভিযান চলায়।উল্লেখ্য যে বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা যোৱা ২১  আগষ্টতে জিলা প্ৰশাসনে মুঠ ৭৩২ টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল। এই জাননী লাভ কৰাৰ পাছতে ৬৮ টা পৰিয়ালে  উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। যাৰ ফলত স্থগিত ৰখা হৈছিল উচ্ছেদ অভিযান। ইতিমধ্যে জিলাখনৰ নিজ বাঘমাৰীৰ বেদখলকাৰীৰ ৪৩৫টা ঘৰ উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল যদিও উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ বাবে ৬৮টা পৰিয়ালক এই উচ্ছেদৰ পৰা সাময়িকভাবে ৰেহাই দিয়া হৈছে। বেদখলকাৰীয়ে ইতিমধ্যে বাসগৃহৰ সামগ্ৰী আন স্থানলৈ স্থানান্তৰিত কৰিছে যদিও প্রায় ৩৬৭টা ঘৰত দেওবাৰে উচ্ছেদ অভিযানে সামৰি লয়। চৰকাৰীভাৱে বেদখলকাৰীক স্থান ত্যাগ কৰিবলৈ মাইকযোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰাৰ পিছত দেওবাৰে এফালৰ পৰা বুলড’জাৰেৰে ভাঙি দিয়া হয় ঘৰ-দুৱাৰ আদি। উচ্ছেদ অভিযানটোত ২৬৫ বিঘা ভূমি বেদখলমুক্ত কৰে। তাৎপর্যপূর্ণ যে বিশ্বনাথ জিলাৰ বাঘমৰা মৌজাৰ গো-চৰণীয়া পথাৰৰূপে চিহ্নিত ১৮৯ আৰু ২০৩ দাগত এই উচ্ছেদ অভিযান চলাবলৈ প্রচেষ্টা চলায়ো উচ্চ ন্যায়ালয়ৰ গোচৰৰ বাবে সম্ভৱ হোৱা নাছিল। গো-চৰণীয়া পথাৰ (ভি জি আৰ) বেদখল কৰাৰ প্ৰৱণতাৰে পানীয়ে ভঙাৰ অজুহাতত গোঁজেই গজালি হোৱা বেদখলকাৰীসকলক উচ্ছেদৰ দাবী দীর্ঘদিন ধৰি উত্থাপন হৈ আহিছিল। উল্লেখ্য যে বেদখলকাৰীৰ কবলত আছে জিলাখনৰ হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি। কেৱল বিশ্বনাথ ৰাজহ চক্ৰতেই প্রায় ১ হাজাৰ বিঘা ভূমি কুক্ষিগত কৰি ৰাখিছে বেদখলকাৰীয়ে। আজিৰ উচ্ছেদ অভিযানে বিশ্বনাথৰ এটা অংশহে সামৰি লৈছে। এতিয়াও বহু অঞ্চল বেদখলমুক্ত হ’বলৈ বাকী আছে। অৱশ্যে আজি বিয়লি ৪ বজাত দিনটোৰ উচ্ছেদ অভিযানৰ অন্ত পৰে। বেদখলকৃত অঞ্চলটোত এটা মছজিদ, এটা ঈদগাহ ময়দান আৰু কবৰস্থান আছিল বুলি জানিব পৰা গৈছে।