বিশ্বনাথৰ পাভৈত দুলদুল বৰকটকীৰ প্ৰথম মৃত‍্যুবাৰ্ষিকী পালন

বিশ্বনাথৰ পাভৈত দুলদুল বৰকটকীৰ প্ৰথম মৃত‍্যুবাৰ্ষিকী পালন
মীনপালক ভাৰ্গৱ কুমাৰ ভাগৱতীক ‘দুলদুল বৰকটকী সোঁৱৰণী সমন্বয় বঁটা’ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে বিশ্বনাথৰ পাভৈত বৃহত্তৰ পাভৈবাসীৰ উদ্যোগত আছুৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক দুলদুল বৰকটকীৰ প্ৰথম মৃত্যুবাৰ্ষিকী পালন কৰা হয়৷পাভৈ প্ৰাথমিক বিদ‍্যালয় খেলপথাৰত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয় পৰিষদে ‘দুলদুল বৰকটকী সোঁৱৰণী সমন্বয় বঁটা– ২০২৫’ প্ৰদান কৰে উদ্যমী তথা মীনপালক ভাৰ্গৱ কুমাৰ ভাগৱতীক৷মীন পালনৰ অভিনৱ সংস্কাৰ, বৈজ্ঞানিক দৃষ্টিভংগী, উদ্যমিতা আৰু গ্ৰাম্যমুখী উদ্যোগৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক পৰিসৰত এক অনন্য দৃষ্টান্ত স্থাপন কৰাৰ বাবে মীনপালকগৰাকীৰ শলাগ লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷তেওঁ কয়, ‘‘ভাৰ্গৱ ভাগৱতীয়ে পোনতে নিজ গাঁওবাসীক সংগঠিত কৰি, বিজ্ঞানভিত্তিক মৎস্য পালনৰ সংস্কৃতিৰে স্থানীয় সম্পদ ব্যবস্থাপনাৰ ধাৰণাক সমৃদ্ধ কৰিছে। খাদ্য সুৰক্ষা, পুষ্টি সংৰক্ষণ, মৎস্য উৎপাদন আৰু উদ্যমিতাক একেলগে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ অধ্যৱসায় আদৰ্শনীয়। তেওঁৰ ঐকান্তিক প্ৰচেষ্টাই নতুন পুৰুষক দেখুৱাব সাহসৰ প্ৰেৰণাময়ী বাট৷’’অসমৰ নতুন প্ৰজন্মৰ মাজত মৎস্য পালনৰ ব্যাপক সম্ভাৱনা সৃষ্টি কৰাত ভাৰ্গৱ ভাগৱতীৰ অৱদান বিশেষভাবে উল্লেখযোগ্য। মৎস্য ব্যৱসায়ীৰ আত্মনিৰ্ভৰতা বৃদ্ধিৰ লক্ষ্যৰে ICAR–CIFA, ICAR–DCFR, অসম কৃষি বিশ্ববিদ্যালয়, পশ্চিমবংগ, ত্ৰিপুৰা, গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিভিন্ন প্ৰতিষ্ঠানসমূহে আপোনাৰ ফাৰ্মখনৰ সৈতে যুটীয়াভাবে মীন বিষয়ৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন, গৱেষণা, মীন পালনৰ প্ৰশিক্ষণ, উন্নত মাছৰ পোনা যোগানৰ ওপৰত কাম কৰি আহিছে মীনপালকগৰাকীয়ে৷দুলদুল বৰকটকী সমন্বয় বঁটা গ্ৰহণ কৰি মীনপালক ভাৰ্গৱ কুমাৰ ভাগৱতীয়ে কয়, ‘‘অসম জাতীয় পৰিষদৰ এই স্বীকৃতিয়ে মোক দায়বদ্ধ কৰিছে৷ অসমৰ বাবে কাম কৰি যাবলৈ এই উৎসাহ আৰু প্ৰেৰণা মোৰ বাবে সাহস হ’ব৷ যিগৰাকী জাতীয়তাবাদী নেতাৰ সোঁৱৰণত এই বঁটা আগবঢ়োৱা হৈছে, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ৷ অসমৰ নতুন প্ৰজন্মই হাতে-কামে শ্ৰম কৰি জাতীয়তাবাদী চিন্তা-চেতনাক শক্তিশালী কৰিব লাগিব৷’’আজিৰ অনুষ্ঠানত অসম জাতীয় পৰিষদৰ পাভৈৰ উপস্থিত থাকে৷