বিশ্বজয়ী মল্লযুঁজাৰুসকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- গণতান্ত্ৰিক ব্যৱস্থাক মষিমূৰ কৰাত ব্যস্ত বিজেপি চৰকাৰখনে দিল্লীত ন্যায়প্ৰাপ্তিৰ হেতু গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰখা ৰাষ্ট্ৰগৌৰৱ অলিম্পিক বিজয়ী মল্লযুঁজাৰুসকলক পুলিচ প্ৰশাসনৰ হতুৱাই বৰ্বৰতা প্ৰদৰ্শন কৰাই পুনৰ স্বৈৰচন্ত্ৰবাদৰ চৰম নিদৰ্শন দৰ্শালে।এই অনৈতিক, স্বেচ্ছাচাৰীমূলক দমননীতিক প্ৰত্যাহ্বান জনাই লগতে মল্লযুঁজাৰুসকলৰ ওপৰত চলত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি অসম জাতীয় পৰিষদে ঐতিহাসিক দীঘলীপুখুৰীৰ পাৰত এক কেণ্ডেল মাৰ্ছ কাৰ্যসূচী গ্ৰহণ কৰে৷অজাপৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনৰ নেতৃত্বত তথা অজাপৰ কামৰূপ মহানগৰ জিলা সমিতিৰ পৃষ্ঠপোষকতাত কাৰ্যসূচীটোৰ সফল ৰূপায়ণ কৰা হয়৷উক্ত কাৰ্যসূচীত দলৰ বিভিন্নজনে বিজেপি চৰকাৰৰ এই নিকৃষ্ট কাৰ্যক তীব্ৰ সমালোচনা কৰি মল্লযুঁজাৰুসকলৰ ন্যায্যপ্ৰাপ্তিৰ দাবী জনায়। কাৰ্যসূচীটোত দলৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি দুলু আহমেদ, সম্পাদকদ্বয় ৰাজু ফুকন, গিৰীণ তালুকদাৰ, যুটীয়া সম্পাদক শিশিৰ দেৱ কলিতা, বিত্ত সম্পাদক নৃপেন দাস, কামৰূপ মহানগৰ সমিতিৰ সভাপতি দীপক দেৱ চৌধুৰী, কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জীৱ মহন্ত, মহিলা শক্তিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদিকা কাকলি বৰদলৈ, জিলা সভানেত্ৰী বুলুমণি গগৈ প্ৰমুখ্যে জাতীয় যুৱ শক্তিৰ বিষয়ববীয়া, সদস্যবৰ্গ উপস্থিত থাকে ৷