বিশ্বজুৰি শ্বেয়াৰ বজাৰত হাহাকাৰ

বিশ্বজুৰি শ্বেয়াৰ বজাৰত হাহাকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ‘শুল্ক বোমা’ৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত হাহাকাৰ। এই শুল্ক বোমাৰ বাবে ছেকেণ্ডৰ ভিতৰতে বিনিয়োগকাৰীয়ে হেৰুৱাবলগীয়া হ’ল ১০ লাখ কোটি টকা। শ্বেয়াৰ বজাৰত সোমবাৰৰ দিনটো ‘ব্লেক মানডে” হিচাপে চিহ্নিত হৈছে। সোমবাৰে বজাৰ খোলাৰ লগে লগে ছেনছেক্সৰ সূচকৰ পতন ঘটে ৪ হাজাৰ পইন্ট। লগে লগে নিফ্টিৰ সূচকো এহাজাৰ পইন্টলৈ অৱনমিত হয়।মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে বৰ্ধিত হাৰত শুল্ক আৰোপৰ ঘোষণা কৰাৰ পাছতে নিম্নমুখী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰ। ধাৰাবাহিকবাৱে অৱনতি ঘটিছে ছেনছেক্স আৰু নিৰ্টিৰ সূচকৰ। অকল ভাৰতেই নহয়, সোমবাৰে বিশ্বজুৰি শ্বেয়াৰ বজাৰত অভাৱনীয় পতন ঘটিব বুলি অর্থনৈতিক বিশ্লেষকসকলে পূর্বেই ধাৰণা কৰিছিল। আশংকা সত্য বুলি প্রমাণিত হ’ল শ্বেয়াৰ বজাৰ মুকলিৰ লগে লগে। সপ্তাহৰ প্ৰথমটো দিনটোতে শ্বেয়াৰ বজাৰ মুকলিৰ সময়ত দেখা যায় প্রায় ৪ হাজাৰ পইন্ট পৰি গৈছে ছেনছেক্স। ৩৯৩৯.৬৮ পইন্ট পৰি ৭১ হাজাৰৰ ঘৰলৈ নামি যায় ছেনছেক্সৰ সূচক। অর্থাৎ প্রায় ৩৯ শতাংশ পতন হৈছে সোমবাৰে পুৱাৰ ভাগতে। ১২ বজাত ছেনছেক্সৰ পতনত কিছু প্ৰতিৰোধ লাগিছে যদিও ইতিমধ্যে বহুত লোকচান হৈছিল বিনিয়োগকাৰীসকলৰ। ট্রেন্ট, টাটা ষ্টীল, টাটা মটছ, জেএছডব্লিউ ষ্টীল, শ্ৰীৰাম ফিনাঞ্চকে ধৰি এটাৰ পাছত এটাকৈ সংস্থাৰ শ্বেয়াৰৰ দৰ ক্ষিপ্ৰগতিত নামি আহিছে। ৪-৭ শতাংশলৈ পৰি গৈছে গাড়ী, আইটি সংস্থাসমূহৰ শ্বেয়াৰ। ৭ শতাংশ পৰিছে আদানি গোষ্ঠীৰ একাধিক সংস্থাৰ শ্বেয়াৰ। ক্ষুদ্ৰ আৰু মজলীয়া সংস্থাৰ শ্বেয়াৰ যথাক্রমে ৬.২ আৰু ৪.৬ শতাংশ নামি গৈছে। সকলো মিলি ভাৰতৰ বজাৰত বিনিয়োগকাৰীসকলৰ ২০ লাখ কোটি টকা লোকচান হৈছে এদিনৰ ভিতৰতে। বিশেষজ্ঞ মহলে ধাৰণা কৰিছিল যে ১৯৮৭ৰ ‘ব্লেক মানডে’ৰ দৰে শ্বেয়াৰ বজাৰত অভাৱনীয় পতন দেখিবলৈ পোৱা যাব। আজি সেই আশংকাই সত্য প্রমাণিত হয় বিশ্বৰ শ্বেয়াৰ বজাৰত। চীনৰ ছাংহাই কম্প’জিট ইনডেক্স ৪.২১ শতাংশলৈ অৱনতি হৈছে। ৭ শতাংশ পৰি গৈছে জাপানৰ নিক্কেইৰ সূচক। দক্ষিণ কোৰিয়াৰ ক’ছপিৰ সূচক অৱনতি হৈছে ৪.৭ শতাংশলৈ। হংকঙৰ শ্বেয়াৰ বজাৰ পৰিছে ৯ শতাংশৰো বেছি। অষ্ট্ৰলিয়া আৰু টাইৱানৰ শ্বেয়াৰ বজাৰ যথাক্রমে ৬ আৰু ৯.৮ শতাংশ নিম্নগামী হৈছে। সকলো মিলি সমগ্র বিশ্বৰ শ্বেয়াৰ বজাৰত এক ভয়াৱহ অস্থিৰতাই দেখা দিছে সোমবাৰৰ দিনটোত। লক্ষণীয়ভাবে শ্বেয়াৰ বজাৰৰ এই চৰম দুর্দশাত চূড়ান্ত ক্ষতিগ্রস্ত হৈছে দেশৰ চাৰিগৰাকী ধনকুবেৰ। তথ্য অনুসৰি মুকেশ আম্বানি, গৌতম আদানি, সাবিত্রী জিন্দাল আৰু শিৱ নাদাৰ এই চাৰি উদ্যোগপতিৰ বজাৰৰ পতনৰ ফলত যৌথভাৱে লোকচান হৈছে ১০ বিলিয়ন ডলাৰ। অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্রায় ৮৬ হাজাৰ কোটি টকা। ইয়াৰ ভিতৰত আম্বানি গোষ্ঠীৰ ক্ষতি হৈছে ৩০ হাজাৰ কোটি টকা। প্রতিবেদন অনুসৰি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰমেন তথা ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানিৰ সম্পদৰ পৰিমাণ কমিছে আটাইতকৈ বেছি। ৩.৬ বিলিয়ন ডলাৰ হ্ৰাস পাই আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছেগৈ ৮৭.৭ বিলিয়ন ডলাৰ। সেইদৰে ৩ বিলিয়ন ডলাৰ সম্পত্তিৰ ক্ষতি হৈছে আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানি। বর্তমান গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে ৫৭.৩ বিলিয়ন ডলাৰলৈ। অ’ পি জিন্দাল গোষ্ঠীৰ মুৰব্বী তথা তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে ২.২ বিলিয়ন ডলাৰ। বৰ্তমান জিন্দাল গোষ্ঠীৰ সম্পত্তি ৩৩.৯ বিলিয়ন ডলাৰ। এই মুহূৰ্তত বিশ্বৰ ধনীৰ তালিকাত ৪৫ নম্বৰলৈ অৱনমিত হৈছে জিন্দাল গোষ্ঠী। ইয়াৰ লগতে এইচ চি এল টেক’লজিছৰ প্ৰতিষ্ঠাতা শিৱ নাদাৰৰ সম্পত্তি হ্রাস পাইছে ১.৫ বিলিয়ন ডলাৰ। বৰ্তমান নাদাৰৰ সম্পত্তি ৩০.৯ বিলিয়ন ডলাৰ।