বিশ্বকৰ্মা পূজা : এটি আলোকপাত – নাছিৰ আহমেদ

বিশ্বকৰ্মা পূজা : এটি আলোকপাত

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

প্ৰতি বছৰে ভাদ মাহ আৰু আহিন মাহৰ বিশেষ তিথিত ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰে। এই বছৰ চেপ্তেম্বৰ মাহৰ ১৭ তাৰিখৰ পৰা ২১ তাৰিখ,২০২৫ ইং  অন্যান্য বছৰৰ দৰে এই বিশ্বকৰ্মা উদ্ যাপনৰ জৰিয়তে ভগৱান বিশ্বকৰ্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ’ব  ; যিজন স্বৰ্গীয় স্থপতিবিদ, অভিযন্তা আৰু কাৰিকৰ আৰু কাৰুশিল্পৰ পৃষ্ঠপোষক দেৱতা।

সমাগত বিশ্বকৰ্মা পূজা উপলক্ষে বিশ্বখনিকৰৰ  আৰাধনাৰ বাবে ভাৰতৰ  সকলো প্ৰান্তৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয় আদিত অতি আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা হ’ব। এই দিনটোত ভগৱান বিশ্বকৰ্মাৰ লগতে সঁজুলি, যন্ত্ৰ,যান-বাহনৰ পূজা কৰা হয়। মানুহে নিজৰ বাহন ধুনীয়াকৈ সজাই পৰাই, গংগাজলেৰে শুদ্ধ কৰি ফুল,ধূপ, নাৰিকল অৰ্পণ কৰি পূজা কৰে।

তাৰ উপৰিও বিশ্বকৰ্মা পূজা উপলক্ষে মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হয় ; য’ত কেইবাদিন ধৰি একেৰাহে নানা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই বিশ্বকৰ্মাৰ বিষয়ে অতি প্ৰাচীন কালৰে পৰা জনা যায়। ইয়াৰ উৎস সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী হ’ল এটি হিন্দু ধৰ্মীয় উৎসৱ। হিন্দু স্থাপত্য দেৱতা বিশ্বকৰ্মাৰ সন্তুষ্টি লাভৰ আশাত এই পূজা অনুষ্ঠিত হয়। কাৰণ, তেওঁক স্বয়ম্ভু আৰু বিশ্বৰ শ্ৰষ্টা হিচাপে বিবেচনা কৰা হয়।

বিশ্বকৰ্মাৰ অৰ্থ হ’ল, ” সমস্ত সৃষ্টিকৰ্তা বা বিশ্বৰ স্ৰষ্টা। তেওঁ সূৰ্য দেৱতাৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয় ; যেতিয়া সূৰ্য দেৱতা সূৰ্যৰ কন্যা যিয়ে  উচ্চ শক্তিৰ কাৰণে গৃহ ত্যাগ কৰিছিল, তেতিয়া বিশ্বকৰ্মাই শক্তি হ্ৰাস কৰিছিল আৰু ইয়াক ব্যৱহাৰ কৰি বিভিন্ন অস্ত্ৰ তৈয়াৰ কৰিছিল। তেওঁ দ্বাৰকা আৰু ইন্দ্ৰপ্ৰস্থৰ দৰে ঐশ্বৰিক চহৰ নিৰ্মাণৰ বাবে পৰিচিত আছিল।

বিষ্ণু পুৰাণ মতে ,বিশ্বকৰ্মা এজন দেৱশিল্পী। তেওঁৰ মাতৃৰ নাম যোগসিদ্ধা আৰু পিতৃৰ নাম প্ৰভাষ। এই প্ৰভাষ হ’ল অষ্ট বসুৰ ভিতৰত সপ্তম বসু।

হিন্দু পুৰাণত দেৱতাসকলৰ স্থপতিবিদ বিশ্বকৰ্মণ বা বিশ্বকৰ্মা । এই নামটি প্ৰথমতে যি কোনো এজন শক্তিশালী দেৱতাৰ উপাধি হিচাপে ব্যৱহৃত হৈছিল বা  উদ্দেশ্যি প্ৰচলিত আছিল। পৰৱৰ্তী বিশ্বকৰ্মা সৃজনীশীল শক্তিৰ মূৰ্ত প্ৰতীক হিচাপে পৰিগণিত হৈছিল।

মহাভাৰত আৰু হৰিবংশত বিশ্বকৰ্মা বাসু প্ৰভাষ আৰু যোগ-সিদ্ধৰ পুত্ৰ। পুৰাণত তেওঁ বাস্তু বা কেতিয়াবা কেতিয়াবা ব্ৰহ্মাৰ পুত্ৰ। বিশ্বকৰ্মা বাৰ্হিষমতি,সমজ্ঞা আৰু চিত্ৰাঙ্গদা নামে তিনি কন্যাৰ সৈতে পাঁচ পুত্ৰৰ পিতা।

আকৌ ব্ৰহ্মবৈবৰ্ত পুৰাণৰ মতে প্ৰজাপতি ব্ৰহ্মাৰ নাভিদেশৰ পৰা বিশ্বকৰ্মাৰ উৎপত্তি হৈছিল। আন মত মতে বিশ্বকৰ্মা আৰু তেওঁৰ পত্নী ঘৃতাচী দুয়োজনেই অভিশপ্ত হৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰে। আমি তেওঁৰ বাস্তুশিল্পীৰ যি ৰূপ দেখিবলৈ পাওঁ, সেয়া হ’ল তেওঁ চতুৰ্ভুজা। তেওঁ গজাৰুঢ় অৰ্থাৎ তেওঁৰ বাহন হাতী।

বিশ্বকৰ্মা হৈছে বৈদিক যুগৰ দেৱতা। ঋগ্বেদৰ ১০ম মণ্ডলৰ ৮১ আৰু ৮২ সুক্তদ্বয়ত বিশ্বকৰ্মাৰ উল্লেখ আছে।

বিশ্বকৰ্মাৰ পাঁচ গোত্ৰ। ভগৱান বিশ্বকৰ্মাৰ সদ্যোজাতা, কামদেৱ,অঘোৰা,তৎপুৰুষ আৰু ঈষান নামেৰে পাঁচখন মুখ আছে।

বিশ্বকৰ্মাৰ পাঁচজন সন্তান আছিল। সেইবোৰ হ’ল — মনু,মায়া,ত্বাস্তৰ, শিল্পী আৰু বিশ্বজ্ঞ। আৰু বিশ্বকৰ্মা সম্প্ৰদায়ৰ মতে, এওঁলোক ইহঁতৰ পাঁচটি উপগোষ্ঠীৰ পূৰ্বপুৰুষ আছিল। ইহঁত হ’ল ক্ৰমে কমাৰ, হৰিজন (মেঠৰ, মুঁচিয়াৰ) ঘন্টা মিস্ত্ৰী ( ধাতু ঢালাইকাৰী) ,পাথৰ মিস্ত্ৰী আৰু স্বৰ্ণকাৰ।

এইধৰনে, এপিনে বিশ্বকৰ্মাক দেৱশিল্পী হিচাপে গণ্য কৰা হৈছিল , আনপিনে ইয়াক পৃথিৱীত বসবাস কৰা শিল্পী সকলৰ সৈতে বিশ্বকৰ্মাক একাকাৰ কৰা হৈছে।

তামিল জনগোষ্ঠীৰ লোকসকলে বিশ্বকৰ্মাক স্থানীয় ভাৱে কাম্মালাৰ জাত হিচাপে গণ্য কৰে যদিও এই লোকসকলে নিজক বিশ্বকৰ্মা জনগোষ্ঠীৰ লোক বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে। তেওঁলোকে কান্নৰ ( পিতলৰ সামগ্ৰী বনোৱা শ্ৰমিক) কোল্লাৰ ( কমাৰ) , তত্তাৰ ( স্বৰ্ণকাৰ), তত্তাৰ বা সুথাৰ/ সুতাৰ ( হৰিজন)আৰু কৰ্তাচাৰ ( ভাস্কৰ) , বিশ্ব ব্ৰাহিম — এই তিনি ভাগে বিভক্ত।

নথিত ১৪০টি বৰ্ণৰ তালিকা আছে  যিবোৰক ভাৰতত বিশ্বকৰ্মা সম্প্ৰদায়ৰ অংশ হিচাপে বিবেচনা কৰা হয়। ইয়াত আচাৰ্য, আষাড়ী, বিশ্বকৰ্মা,চাৰি, ধীমান, গজ্জাৰ, জাঙ্গিদ, কমলাৰ, মালব্য, মিস্ত্ৰী, ওজা, সোণাৰী, সুথাৰ, তাম্ৰকাৰ, থাচাৰ, উপাধ্যায়, আদি বিশ্বকৰ্মা জাতিৰ অন্তৰ্ভুক্ত হৈছে।

যি কি নহওক, হিন্দু ধৰ্মীয় বিশ্বাস মতে, ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম অভিযন্তা আৰু স্থপতিবিদ বুলি গণ্য কৰা হয় আৰু বিশ্বাস কৰা হয় যে, তেওঁ কেৱল দেৱতাৰ ৰাজপ্ৰাসাদ আৰু ৰথ নিৰ্মাণ কৰা নাছিল , তেওঁ বহুতো ঐশ্বৰিক অস্ত্ৰ আৰু অট্টালিকাও তৈয়াৰ কৰিছিল।

সেই কাৰণে, বিশ্বকৰ্মা পূজা সাধাৰণ পূজাৰ দিন নহয়, এই দিনটি সমৃদ্ধি আৰু নিৰ্মাণৰ এক মহান উৎসৱ।

ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যত বিশেষ ভাৱে বিশ্বকৰ্মা পূজা উদযাপন কৰে। এই অঞ্চলসমূহত বাহন আৰু মেচিনেৰে কাম কৰা লোকসকলে আজিৰ দিনটোত নিজৰ সজুঁলি আৰু বাহনসমূহক পূজা কৰে। গেৰেজ, কাৰখানা আৰু কাৰ্যালয়ত ভগৱান বিশ্বকৰ্মাৰ মূৰ্ত্তি স্থাপন কৰি আৰতি কৰে। তাৰ উপৰিও, এই দিনটোত ভগৱান বিশ্বকৰ্মাৰ লগতে গণেশ পূজা কৰি বিশ্বকৰ্মাৰ লগতে বাবা গণেশৰ আশীৰ্বাদ লাভ কৰাৰ বাবে পূজা-অৰ্চনা কৰে।

থুলমূল ভাৱে বিশ্বকৰ্মা পূজা সম্পৰ্কে আলোকপাত কৰা হ’ল।