বিশ্বকাপ বিজয়ী ভাৰতীয় দলক ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা বি চি চি আইৰ

Pc NDTV Sports

বিশ্বকাপ বিজয়ী ভাৰতীয় দলক ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা বি চি চি আইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমবাৰৰ বাবে আইচিচি এদিনীয়া মহিলা বিশ্বকাপৰ খিতাপ জিনি ইতিহাস ৰচনা কৰা হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্রিকেট দলটোৰ লগতে প্রশিক্ষক আৰু কৰ্মচাৰীসকলৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ লন শইকীয়াই।  বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা দলটোক জয়ৰ বাবে অভিনন্দন জনাই বিচিচিআয়ে কয় যে ব’র্ডে খেলুৱৈ, প্রশিক্ষক, সহায়ক-কর্মচাৰী তথা সমগ্র দলটোৰ বাবে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত সংবাদ প্রতিষ্ঠানৰ সৈতে হোৱা বার্তালাপত বিচিচিআইৰ সম্পাদক দেৱজিত শইকীয়াই কয় যে জয় শ্বাহে বিচিচিআইৰ দায়িত্ব গ্রহণ কৰাৰ পিছৰ পৰা মহিলা ক্রিকেটত বহুত সালসলনি হৈছে। দৰমহাৰ সমানতাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। যোৱা মাহত আইচিচিৰ অধ্যক্ষ জয় শ্বাহে মহিলাসকলৰ পুৰস্কাৰৰ ধন ৩০০ শতাংশ বৃদ্ধি কৰিছিল। পূর্বে পুৰস্কাৰৰ ধন আছিল ২.৮ মিলিয়ন ডলাৰ আৰু ই এতিয়া ১৪ মিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা হৈছে। এই পদক্ষেপসমূহৰ পৰা মহিলা ক্রিকেট দলটোৱে যথেষ্ট প্রেৰণা লাভ কৰিছে। উল্লেখ্য যে দেওবাবে নিশা নবী মুম্বাইত অনুষ্ঠিত এদিনীয়া মহিলা বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্রিকাক ৫২ ৰানত পৰাস্ত কৰি প্রথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় মহিলা দলটোৱ।