বিশ্বকাপ জয়ী উমা চেত্ৰীক অসম চৰকাৰে আদৰণি নজনোৱা কাৰ্যত অসন্তুষ্ট অসম জাতীয় পৰিষদ
ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত অন্যান্য কথা পাহৰিয়েই গৈছে মুখ্যমন্ত্ৰীয়েঃ লুৰীণজ্যোতি গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বকাপ জয়ী উমা চেত্ৰীক অসম চৰকাৰে আদৰণি নজনোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ আজি এক সংবাদমেলত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘উমা চেত্ৰীক অসম চৰকাৰে আদৰণি নজনোৱাটো অসমৰ বাবে জাতীয় লজ্জা। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে বিশ্বকাপ জয় কৰিছে। এনে এক গৌৰৱময় ক্ষণত মহিলা সবলীকৰণৰ কথা কৈ থকা অসম চৰকাৰখনে উমা চেত্ৰীক আদৰণি নজনালে কিয়? মহিলাৰ আসন সংৰক্ষণৰ কথা কোৱা চৰকাৰখনৰ বিশ্বজয়ী অসমৰ এগৰাকী খেলুৱৈক আদৰিবলৈ মনকাণ নহ’ল। তেওঁলোকে হেনো খবৰেই নাপায়। এচিএ-ই খবৰেই নাপালে। এয়া জাতীয় লজ্জা। মুখ্যমন্ত্ৰীৰ বাবেও চূড়ান্ত ব্যৰ্থতা। কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰে এওঁলোকে। ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত উমা চেত্ৰীৰ দৰে খেলুৱৈক উপেক্ষা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। উমা চেত্ৰীক আদৰণি জনোৱাটো চৰকাৰৰ মৌলিক দায়িত্ব আছিল। এই দায়িত্ব পালনত চৰকাৰ আৰু এচিএ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।’’
