বিশ্বকাপ ক্ৰিকেটত খেলুৱৈৰ ৰাজনৈতিক মন্তব্য কিমান গ্রহণযোগ্য ? – দেবর্ষি গৌতম

বিশ্বকাপ ক্ৰিকেটত খেলুৱৈৰ ৰাজনৈতিক মন্তব্য কিমান গ্রহণযোগ্য ?

দেবর্ষি গৌতম
বনগাঁও

       ভাৰতত অনুষ্ঠিত হৈ থকা ক্ৰিকেট বিশ্বকাপৰ এখন হাইভল্টেজ খেল যোৱা ১০ অক্টোবৰ ২০২৩ তাৰিখ মঙ্গলবাৰে পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ যায়। উক্ত খেলখনত শ্ৰীলংকাই প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৱত ৯ উইকেট হেৰুৱাই ৩৪৪ ৰাণ সংগ্ৰহ কৰে। পাকিস্তানে লক্ষ্য অনুসৰণ কৰিবলৈ আহি আৰম্ভণিতে কিছু সমস্যাত পৰিছিল যদিও আব্দুল্লা চফিক আৰু মহম্মদ ৰিজৱানৰ দৰ্শনীয় শতকৰ সহায়ত অতি সহজে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। আব্দুল্লা চফিক শতক অর্জন কৰাৰ পিছত আউট হয় যদিও মহম্মদ ৰিজৱান অপৰাজিত হৈ থাকে। বেটিং কৰি থকা সময়ত মহম্মদ ৰিজৱানৰ কিছু সমস্যা হৈছিল। যি সমস্যাৰ বাবে ৰিজৱনে খেলৰ মাজতে কিছু চিকিৎসা গ্ৰহণ কৰিছিল আৰু পাকিস্তানৰ জয়ত নায়ক হিচাপে পৰিগণিত হৈছিল। ক্ৰিকেট অনুৰাগী সকলে ৰিজৱানৰ এই যুঁজাৰু খেলৰ ভূয়সী প্ৰশংসা কৰিছিল। নিশ্চিতভাৱে এগৰাকী ক্ৰিকেটৰৰ এই প্রদর্শন প্ৰশংসাৰ যোগ্য। কিন্তু ইয়াৰ পিছতে মহম্মদ ৰিজৱানক লৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছে। খেল শেষ হোৱাৰ পিছত ৰিজৱানে নিজৰ টুইটাৰত এটা টুইট কৰিছিল যি টুইটৰ বাবে বহু লোকে মহম্মদ ৰিজৱানক সমালোচনা কৰাৰ ওপৰিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থা (International Cricket Council) চমুকৈ আই চি চিৰ ওপৰতো বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। আচলতে মহম্মদ ৰিজৱানক সমালোচনা কৰাৰ মূল কাৰণলৈ যদি আমি যাওঁ তেনেহলে ২০১৯ চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা ক্রিকেট বিশ্বকাপলৈ উভতি যাব লাগিব। সেই বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ সদস্য আছিল কিংবদন্তি ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি। মহেন্দ্ৰ সিং ধোনি যেতিয়া বিশ্বকাপৰ খেলত তেওঁ পৰিধান কৰা হাতমৌজাত ভাৰতীয় সেনাবাহিনীৰ এটা নিচান সংগলগ্ন কৰিছিল তেতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই ইয়াৰ বিৰুদ্ধে মাত পোষণ কৰি কৈছিল যে ক্ৰিকেট খেলত ক্ৰিকেটৰ বাহিৰৰ কোনো ধৰণৰ চিহ্ন অথবা নিচান গ্ৰহণ যোগ্য নহয়। তাৰ পৰৱৰ্তী খেলসমূহত মহেন্দ্ৰ সিং ধোনি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাৰ সিদ্ধান্তক সন্মান জনাই সেই হাতমৌজা পৰিধান কৰাৰ পৰা বিৰত আছিল। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে যদি মহেন্দ্ৰ সিং ধোনি ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই নিষেধাজ্ঞা আৰোপ কৰিবলৈ আগবাঢ়ি আহিছিল তেনেহলে দুখন দেশ অথবা কোনো এখন দেশ আৰু এটা সংগঠনৰ মাজত চলি থকা যুদ্ধৰ এটা পক্ষক সমৰ্থন কৰি সামাজিক গণমাধ্যমত প্ৰদান কৰা মন্তব্যৰ ক্ষেত্ৰত মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিবলৈ কিবা পদক্ষেপ গ্ৰহণ কৰিব নে ? যদি মহেন্দ্ৰ সিং ধোনিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থা কঠোৰ হৈছিল তেনেহলে মহম্মদ ৰিজৱানৰ ক্ষেত্ৰত কিয় তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। যিহেতু ক্ৰিকেটক ভদ্ৰ লোকৰ খেল বুলি কোৱা হয় গতিকে বিশ্বকাপৰ দৰে এখন বৃহৎ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এগৰাকী ক্ৰিকেটাৰৰ ৰাজনৈতিক মন্তব্যই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থা যি নিকা আৰু ৰাজনৈতিক ভাবমূৰ্তি সেয়া নিশ্চিতভাৱে ম্লান কৰিব। এগৰাকী ক্ৰিয়াবিদ হিচাপে যিকোনো মন্তব্য কৰাৰ আগতে সেই বিষয়টোৰ ওপৰত ভালদৰে তথ্য আহৰণ কৰি লব লাগে। বৰ্তমান মধ্য প্ৰাচ্যৰ যি যুদ্ধ বিদ্ধস্ত অৱস্থা সেই অৱস্থাৰ বাবে কম বেছি পৰিমানে দুই পক্ষৰে দোষ আছে। এই যুদ্ধৰ ফলত কেৱল এটা পক্ষৰ সাধাৰণ নাগৰিক ক্ষতিগ্ৰস্ত হোৱা নাই। দুই পক্ষৰ নাগৰিকে সমানে যুদ্ধৰ বিভীষিকাৰ মাজত আবদ্ধ হৈ জীৱন মৃত্যুৰ সৈতে সহবাস কৰিছে। পাকিস্তানৰ ক্ৰিকেটাৰ মহম্মদ ৰিজৱানৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে গাজা চহৰৰ পৰা কৰা আক্ৰমত ইজৰালত যিসকল নিৰীহ লোকৰ মৃত্যু হৈছে সেয়া ক্ৰিকেটাৰ গৰাকীযয়ে সমৰ্থন কৰিছে। ইজৰালত মৃত্যু হোৱা নিৰীহ লোকসকলৰ প্ৰতি তেওঁৰ কোনো আন্তৰিকতা নাই। ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে যুদ্ধৰ বিভীষিকাৰ মাজত দুই পক্ষৰ যিসকল নিৰীহ লোকে প্ৰাণ হেৰুৱাই তাৰ বাবে দুই পক্ষ সমানে দোষী আৰু গৰিহণাৰ যোগ্য। গতিকে এনে সময়ত এগৰাকী ক্ৰিয়াবিদৰ এটা পক্ষক সমৰ্থন কৰি আনটো পক্ষৰ নিৰীহ লোকক কৰা হত্যাৰ সমৰ্থন কৰা মন্তৱ্য কেতিয়াও গ্ৰহণ যোগ্য হব নোৱাৰে। বিশেষকৈ ক্ৰিকেটৰ সৰ্ববৃহৎ প্ৰতিযোগিতা বিশ্বকাপৰ মজিয়াৰ পৰা এনেধৰণৰ মন্তৱ্য প্ৰদান কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই খেলুৱৈ সকলৰ বাবে বিশেষ প্ৰতিবন্ধকতা আৰোপ কৰাটো অতিকৈ জৰুৰী। এগৰাকী ব্যক্তি হিচাপে সকলোৰে সিদ্ধান্ত আৰু মন্তব্য বেলেগ বেলেগ হোৱাটো স্বাভাৱিক। কিন্তু যিকোনো এবিধ ক্ৰিয়াক প্ৰতিনিধিত্ব কৰি এগৰাকী ক্ৰিয়াবিদ হিচাপে ৰাজনৈতিক মন্তব্য কৰাটো কোনো কাৰণে গ্রহণযোগ্য হব নোৱাৰে ইয়াৰ উপৰিও সেই ৰাজনৈতিক মন্তব্যৰ লগত ক্ৰিয়াবিদ গৰাকীয়ে প্ৰতিনিধিত্ব কৰা খেল আৰু দলটো জড়িত হৈ থাকে।